ETV Bharat / state

অশান্ত সীমান্ত : যোৰহাটত AJYCP ৰ তীব্ৰ প্ৰতিবাদ

author img

By

Published : Jul 28, 2021, 10:45 PM IST

অসম-মিজোৰাম সীমান্তত সংঘটিত হোৱা বৰ্বৰ ঘটনাৰ বিৰুদ্ধে বুধবাৰে যোৰহাটত তীব্ৰ প্ৰতিবাদ (Protest) সাব্যস্ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ (AJYCP)ৰ যোৰহাট জিলা সমিতিৰ ৷ প্ৰতিবাদৰ মাজতে যোৰহাট আৰক্ষী (Jorhat Police)ৰ সৈতে সংগঠনটোৰ কৰ্মীসকলৰ হতাহতি হয় ৷

ajycp-protest-in-jorhat
যোৰহাটত AJYCPৰ তীব্ৰ প্ৰতিবাদ

যোৰহাট, 28 জুলাই : যোৰহাটত বুধবাৰে তীব্ৰ প্ৰতিবাদ (Protest) সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ (AJYCP)ৰ যোৰহাট জিলা সমিতিয়ে ৷ অসম-মিজোৰাম সীমান্তত সংঘটিত হোৱা বৰ্বৰ ঘটনাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে যুৱ ছাত্ৰ পৰিষদে ৷ প্ৰতিবাদৰ জৰিয়তে মিজোৰামৰ মুখ্যমন্ত্ৰী জ’ৰামথাংগা (Zoramthanga) আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ (Amit Shah)ৰ পুত্তলিকা দাহ (Effigy Burn) কৰে সংগঠনটোৱে ৷ লগতে গৃহমন্ত্ৰী, মিজোৰাম আৰক্ষী বিৰোধী বিভিন্ন শ্ল’গানেৰে যোৰহাটৰ ৰাজপথ উত্তাল কৰি তোলে ৷

ajycp-protest-in-jorhat
যোৰহাটত AJYCPৰ তীব্ৰ প্ৰতিবাদ

উক্ত প্ৰতিবাদৰ জৰিয়তে সংগঠনটোৱে শীঘ্ৰেই অসম-মিজোৰামৰ সীমা সমস্যা (Border Dispute) সমাধানৰ বাবে চৰকাৰক দাবী জনায় ৷ প্ৰতিবাদৰ মাজতে যোৰহাট আৰক্ষী (Jorhat Police)ৰ সৈতে হতাহতি হয় সংগঠনটোৰ কৰ্মীসকলৰ ৷ শেহতীয়াকৈ অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত মিজো আৰক্ষীৰ হাতত 6 গৰাকীকৈ অসম আৰক্ষীৰ জোৱানে প্ৰাণ ত্যাগ কৰা ঘটনাই তোলপাৰ লগাইছে সমগ্ৰ অসম ৷ গৃহমন্ত্ৰী অমিত শ্বাহৰ উত্তৰ-পূৱ ভ্ৰমণৰ পিছদিনাই এই ঘটনা সংঘটিত হোৱাৰ বাবে গৃহমন্ত্ৰী শ্বাহক জগৰীয়া কৰে ৰাজ্যৰ দল-সংগঠনৰ লগতে বিজেপি (BJP) বিৰোধী দলসমূহে ৷

বুধবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ উপৰিও গৃহমন্ত্ৰীৰ পুত্তলিকা দাহ কৰিছে দল-সংগঠনসমূহে ৷

লগতে পঢ়ক : সীমান্তৰ সংঘাতৰ বিৰোধিতা : শিৱসাগৰত AJYCP ৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.