ETV Bharat / state

1 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Aug 3, 2022, 1:08 PM IST

top-10-at-1pm
1 বজাৰ 10 টা শীৰ্ষ বাতৰি

1 বজাৰ 10 টা শীৰ্ষ বাতৰি

Madrasa students Missing : তেজপুৰত মাদ্ৰাছাৰ দুজন ছাত্র নিৰুদ্দেশ

অসমত জেহাদীৰ কাৰ্যকলাপ অব্যাহত থকাৰ মাজতে তেজপুৰত এখন মাদ্ৰাছাৰ পৰা নিৰুদ্দেশ দুজন ছাত্ৰ (Madrasa student missing from Tezpur)। সোমবাৰে বিদ্যালয়লৈ অহা পাছৰে পৰা সন্ধান নাই ছাত্ৰ দুজনৰ । ছাত্ৰ দুজনৰ পৰিয়ালে পৃথকে পৃথকে এজাহাৰ দাখিল কৰিছে ।

CWG 2022: স্বৰ্ণ জয়েৰে ইতিহাস ৰচিলে অসমৰ নয়নমণিয়ে

কমলৱেল্থ গেমছৰ লনবলছ প্ৰতিযোগিতাত স্বৰ্ণ পদক জয়েৰে ইতিহাস ৰচিলে ভাৰতে ৷ এই দলৰ সদস্য আছিল অসমৰ নয়নমণি শইকীয়া (India team wins gold at CWG ) ৷ ফাইনেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰিলে ভাৰতৰ মহিলা দলে (India lawn bowls team wins gold)৷

Assam education department new decision: ইংৰাজী ভাষাত শিক্ষাদান সম্পৰ্কত শিক্ষামন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য

শেহতীয়াতকৈ গণিত আৰু বিজ্ঞান বিষয় ইংৰাজী ভাষাত পঢ়ুওৱা হ'ব বুলি চৰকাৰে এক সিদ্ধান্ত গ্ৰহণ কৰিছে (Assam govt new decision on teaching language)। চৰকাৰৰ এই সিদ্ধান্তক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বহুতে এই সিদ্ধান্তক সমালোচনা কৰাৰ সময়তে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।

Arms supply to Khalistani terrorists: খালিস্তানী সন্ত্ৰাসবাদীক অস্ত্ৰ যোগান ধৰাৰ অপৰাধত গ্ৰেপ্তাৰ এজন লোক

খালিস্তানী সন্ত্ৰাসবাদীক অস্ত্ৰ যোগান ধৰাৰ অপৰাধত মধ্য প্ৰদেশৰ খাৰগণ জিলাৰ পৰা গ্ৰেপ্তাৰ এজন অস্ত্ৰ সৰবৰাহকাৰীক (Man arrested for supplying arms to Khalistani terrorists)৷

Kalgachia theft: কলগাছিয়াত সোণৰ অলংকাৰসহ লক্ষাধিক টকাৰ সামগ্ৰী চুৰি

কলগাছিয়াৰ বালিকুৰিত চাঞ্চল্যকৰ চুৰিকাণ্ড (Theft in Kalgachia)। ঘৰৰ ভিতৰৰ পৰা চোৰে লৈ গ'ল কাঠৰ টেবুল । টেবুলৰ ভিতৰত থকা প্ৰায় ১ লাখ ২৫ হাজাৰ টকাৰ সা-সামগ্ৰী আৰু ধন লৈ উধাও চোৰ ।

Dhemaji habung tea industry incident: এইবাৰ আন এটা কলঘৰত অঘটন; ভৰি কাটিব লগা হ’ল শ্ৰমিকৰ

দেওবাৰে বুটিকোৰ হিলৈপৰা গাঁৱৰ নিবাসী ফনিধৰ কলিতাই স্থায়ী কলঘৰত কৰ্মৰত অৱস্থাতে এখন ভৰি মেচিনত সোমাই গুৰুতৰভাৱে জখম হয় (Tea garden worker injured as left leg gets stuck) ৷ ফলত ততাতয়াকৈ ডিব্ৰুগড়ৰ চিকিৎসা মহাবিদ্যালয়লৈ উন্নত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয় ৷

Tragic road accident : ডিব্ৰুগড়ত শোকাৱহ পথ দুৰ্ঘটনা; থিতাতে নিহত দুজন, আহত এজন

ডিব্ৰুগড়ৰ লাহোৱালৰ নতুন আলিৰ জয়পুৰত ভয়ংকৰ পথ দুৰ্ঘটনা (Road Accident in Dibrugarh)। দুৰ্ঘটনাটোত থিতাতে দুজন ব্যক্তি নিহত হোৱাৰ বিপৰীতে আহত হৈছে এজন । ডিব্ৰুগড়ৰ পৰা দুলিয়াজানলৈ আহি থকা AS06 Z 4617 নম্বৰৰ এখন তীব্ৰবেগী Brezza বাহনে মহতিয়াই নিয়ে তিনি পথচাৰীক ৷ মৃত ব্যক্তি দুগৰাকী ক্ৰমে নিৰ্মল দাস আৰু বিক্ৰম মাহিলী বুলি জানিব পৰা গৈছে । আনহাতে, আহত ব্যাক্তিজনক সংকটজনক অৱস্থাত AMC লৈ প্ৰেৰণ কৰে স্থানীয় ৰাইজে ৷

Teachers Workshop: শিশুক বিদ্যালয়মুখী কৰাৰ উদ্দেশ্যেৰে নাহৰকটীয়াত শিক্ষক কৰ্মশালা

"ৰাজ্য চৰকাৰে আদৰ্শ বিদ্যালয়সমূহ মুকলি কৰি যি তিনিশ টকাৰ মাচুল ধাৰ্য্য কৰিছে সেইয়া সংবিধান পৰিপন্থী কথা ৷ কাৰণ ভাৰতবৰ্ষৰ সংবিধানে শিক্ষাক অগ্ৰাধিকাৰ দিয়াৰ লগতে ৰাজহুৱা শিক্ষাৰ কাৰণে চৰকাৰক দায়িত্ব প্ৰদান কৰি থৈছে । আদৰ্শ বিদ্যালয়সমূহ মুকলি কৰিছে যদিও এই বিদ্যালয়সমূহত পৰ্য্যাপ্ত পৰিমাণৰ শিক্ষক নিযুক্তি দিয়া হোৱা নাই"- নাহৰকটীয়াত আয়োজিত এক শিক্ষক কৰ্মশালাত উপস্থিত থাকি এইদৰে মন্তব্য কৰে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে ।

Class10 girl in Hojai found dead: উলংগ অৱস্থাত উদ্ধাৰ ছাত্ৰীৰ মৃতদেহ

লামডিঙত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ সোমবাৰে নিশা লামডিঙৰ কৃষ্ণবস্তিৰ শালবাগানত উলংগ অৱস্থাত উদ্ধাৰ এগৰাকী ছাত্ৰীৰ মৃতদেহ (Class10 girl in Hojai found dead) ৷

School provincialisation in Assam: অনিশ্চয়তাত ৰাজ্যৰ ২৪ হাজাৰ শিক্ষক-কৰ্মচাৰীৰ ভৱিষ্যৎ

এতিয়ালৈকে ৰাজ্যৰ ২৬৫৯ খন শিক্ষানুষ্ঠান প্ৰদেশিকীকৰণ হোৱা নাই । ইয়াৰে এল পি স্কুল ১২৫৬ খন, এম ই স্কুল ৮৮৯ খন, হাইস্কুল ৪৩১ খন, ছিনিয়ৰ ছেকেণ্ডেৰী ৪৫ খন আৰু ডিগ্ৰী কলেজ ৩৮ খন । ইয়াত নিয়োজিত হৈ আছে ২০,৭৩১ গৰাকী শিক্ষক-শিক্ষয়ত্ৰীৰ লগতে ৩১৭৯ গৰাকী কৰ্মচাৰী (Assam venture school teacher)। কি হ'ব ২৩,৯১০ গৰাকী শিক্ষক-কৰ্মচাৰীৰ লগতে বিদ্যালয়সমূহত অধ্যয়নৰত শিক্ষাৰ্থীসকলৰ ভৱিষ্যত?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.