ETV Bharat / state

1 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Apr 19, 2022, 1:01 PM IST

1 বজাৰ শীৰ্ষ দহটা বাতৰি

1 বজাৰ শীৰ্ষ দহটা বাতৰি
1 বজাৰ শীৰ্ষ দহটা বাতৰি

Rangali Bihu 2022 : টীয়কৰ পথাৰত জেং বিহু প্ৰদৰ্শন

পৰম্পৰা ৰক্ষা কৰি টীয়কৰ পথাৰত এদল মহিলাই প্ৰদৰ্শন কৰিলে জেং বিহু ৷ উত্তৰ প্ৰজন্মই যাতে এই পৰম্পৰা অটুট ৰাখিব পাৰে, তাৰেই কামনাৰে প্ৰতি বছৰে টীয়কৰ স্থানীয় মহিলাসকলে উদযাপন কৰি আহিছে জেং বিহু (Jeng Bihu celebrations at Teok) ৷

লীলাবাৰী বিমানবন্দৰত আৰম্ভ পাইলটৰ প্ৰশিক্ষণ

লখিমপুৰৰ লীলাবাৰী বিমান বন্দৰত আৰম্ভ হ’ল পাইলট প্ৰশিক্ষণৰ কাম-কাজ (Pilot training begins at Lilabari airport) ৷ ইতিমধ্যে 12 গৰাকী প্ৰশিক্ষাৰ্থীয়ে এই কেন্দ্ৰত নামভৰ্তি কৰিছে ৷ ৰেড বাৰ্ড ফ্লাইং ট্ৰেইনিং একাডেমীয়ে পৰিচালনা কৰা এই প্ৰশিক্ষণ কেন্দ্ৰত দুখন ক্ষুদ্ৰ বিমানেৰে প্ৰশিক্ষাৰ্থীসকলক দিয়া হ’ব প্ৰশিক্ষণ ৷

খটখটি আৰক্ষীৰ জালত মহিলা সহ ড্ৰাগছ সৰবৰাহকাৰী : হেৰ’ইন জব্দ

সোমবাৰে নিশা অসম-নাগালেণ্ড সীমান্তৰ খটখটিত চলা ড্ৰাগছ বিৰোধী অভিযানত আৰক্ষীয়ে জব্দ কৰে প্ৰায় 100 গ্ৰাম হেৰ’ইন(Heroin seized at Assam Nagaland Border) ৷ লগতে আটক কৰে দুজন সৰবৰাহকাৰী(Two drugs peddlers arrested at Khotkhoti) ক ৷ সৰবৰাহকাৰীৰ দলটোত এগৰাকী মহিলা থকা বুলি জানিব পৰা গৈছে ৷

বিহুতে নাচিবৰ মন : মাজুলীত ঢোলৰ চেঁৱত কঁকাল ঘূৰালে পৰ্যটকে

অসমীয়াৰ বাপতি সাহোন হেঁপাহৰ ৰঙালী বিহুক লৈ উৎফুল্লিত ৰাজ্যবাসী (Rangali Bihu Celebrations in Assam) । ঢোল-পেঁপাৰ মাতত মুখৰিত হৈছে সমগ্ৰ ৰাজ্য । সমান্তৰালভাৱে মাজুলীৰ প্ৰতিখন গাঁৱৰ গাঁৱবাসীৰ আনন্দৰ অন্ত নাই । পুৱাৰ পৰা নিশা দুপৰলৈকে ডেকা-গাভৰু সকলোৱে মিলি ঘৰে ঘৰে গাইছে হুঁচৰি ৷

Swine flu detected in Tripura : ছোৱাইন ফ্লুত আক্ৰান্ত 63 টা গাহৰিৰ মৃত্যু

ত্ৰিপুৰাত ধৰা পৰিছে ছোৱাইন ফ্লুৰ অৱস্থিতি(Swine flu detected in Tripura) ৷ ৰাজ্যখনৰ চেপাহিজালা জিলাৰ অন্তৰ্গত দেৱীপুৰৰ পশুধন উন্নয়ন বিভাগৰ(Animal Resources Development Department Tripura) ৰ অধীনষ্ঠ এখন ফাৰ্মত থকা গাহৰিৰ মাজত ধৰা পৰিছে এই ৰোগ ৷ গাহৰিৰ প্ৰজনন ঘটোৱা ফাৰ্মখনত এনে ঘটনা ধৰা পৰাৰ পিছতে সতৰ্কতা জাৰি কৰিছে ত্ৰিপুৰা চৰকাৰে ৷

GMC Election 2022: ৰাজ্যৰ ভিন্ন ক্ষেত্ৰৰ বিকাশৰ প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী ৰণডংকা বজালে মুখ্যমন্ত্ৰী শৰ্মাই

সোমবাৰে মহানগৰীৰ খানাপাৰা খেলপথাৰত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন 2022 (Guwahati Municipal Election 2022) ৰ ৰণডংকা বজালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ বিভিন্ন নিৰ্বাচনী প্ৰতিশ্ৰুতি প্ৰদান কৰি পুনৰবাৰ ৰাইজক গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত বিজেপিক জয়যুক্ত কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

ৰিপুণ বৰাই অসমত কেনেকৈ উৰুৱাব বাঙালী জাত্যাভিমানৰ পতাকা ?

কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা‌ যোৱা দুটা দশকত দল আৰু চৰকাৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ দায়িত্বত থাকি সকলোৰে দৃষ্টি আকৰ্ষণ কৰি‌ অহা ৰিপুণ বৰাৰ কংগ্ৰেছ ত্যাগে ৰাজ্য ৰাজনীতিত কিবা নতুন সমীকৰণৰ সৃষ্টি কৰিব নে (Ripun Bor joined TMC) ! জ্যেষ্ঠ কংগ্ৰেছী গৰাকীয়ে ৰাজনৈতিক অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত মমতা বন্দোপাধ্যায়ৰ তৃণমূল কংগ্ৰেছত যোগ‌ দিবলগীয়া হোৱা ঘটনাই স্বাভাবিকতে এতিয়া লক্ষণীয় বুলি বিবেচিত হৈছে ।

খটখটিত গৰজিল আৰক্ষীৰ বন্দুক ; আহত ড্ৰাগছ সৰবৰাহকাৰী

খটখটিত (Police encounter at Khotkhoti) আৰক্ষীৰ গুলীচালনা ৷ আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত ড্ৰাগছ সৰবৰাহকাৰী নুৰ উদ্দিন ৷ বৰ্তমান ডিফু মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে আহত নুৰ উদ্দিন(Drugs paddler injured in police encounter) ৷

নিৰ্বাচনী আচৰণ বিধি ভংগৰ অভিযোগত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ

সমাগত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন(Guwahati Municipal Election 2022) ৷ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানত নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ অভিযোগ উঠিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৷ যাৰ বাবে সোমবাৰে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ জাৰি কৰিছে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে(ASEC orders probe against Assam CM) ৷

কংগ্ৰেছত থাকোতেও ৰিপুন বৰাই তৃণমূল কংগ্ৰেছৰ সাংগঠনিক কাম কাজ চলাই আছিল : প্ৰদ্যুৎ বৰদলৈ

‘‘ৰিপুন বৰা চূড়ান্ত বিশ্বাসঘাতক ৷’’ নগাঁৱত এই মন্তব্য প্ৰদ্যুৎ বৰদলৈৰ (Pradyut Bordoloi calls Ripun Bora a betrayer) । ৰাজ্যসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী হৈ থাকোতেই ৰিপুন বৰাই তৃণমূল কংগ্ৰেছৰ সাংগঠনিক কাম কাজ চলোৱাৰ অভিযোগ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.