ETV Bharat / bharat

Swine flu detected in Tripura : ছোৱাইন ফ্লুত আক্ৰান্ত 63 টা গাহৰিৰ মৃত্যু

author img

By

Published : Apr 19, 2022, 9:07 AM IST

ত্ৰিপুৰাত ধৰা পৰিছে ছোৱাইন ফ্লুৰ অৱস্থিতি(Swine flu detected in Tripura) ৷ ৰাজ্যখনৰ চেপাহিজালা জিলাৰ অন্তৰ্গত দেৱীপুৰৰ পশুধন উন্নয়ন বিভাগৰ(Animal Resources Development Department Tripura) ৰ অধীনষ্ঠ এখন ফাৰ্মত থকা গাহৰিৰ মাজত ধৰা পৰিছে এই ৰোগ ৷ গাহৰিৰ প্ৰজনন ঘটোৱা ফাৰ্মখনত এনে ঘটনা ধৰা পৰাৰ পিছতে সতৰ্কতা জাৰি কৰিছে ত্ৰিপুৰা চৰকাৰে ৷

63-pigs-died-of-swine-flu-in-tripura
ছোৱাইন ফ্লুত আক্ৰান্ত 63 টা গাহৰিৰ মৃত্যু

আগৰতলা, 19 এপ্ৰিল : ত্ৰিপুৰাত ৰাজ্য চৰকাৰৰ বিশেষ সতৰ্কতা জাৰি ৷ কিয়নো শেহতীয়াকৈ ৰাজ্যখনৰ এখন গাহৰিৰ ফাৰ্মত ধৰা পৰিছে ছোৱাইন ফ্লুৰ অৱস্থিতি(Swine flu detected in Tripura) ৷ চেপাহিজালা জিলাৰ অন্তৰ্গত দেৱীপুৰত থকা পশুধন উন্নয়ন বিভাগৰ(Animal Resources Development Department Tripura) ৰ অধীনষ্ঠ এখন ফাৰ্মত থকা গাহৰিবোৰৰ মাজত ধৰা পৰিছে এই ৰোগ ৷

এক সূত্ৰৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি, বিগত 7 এপ্ৰিলত উত্তৰ-পূৱ আঞ্চলিক ৰোগ নিৰ্ণয়কাৰী গৱেষণাগাৰলৈ তিনিটাকৈ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল ৷ 13 এপ্ৰিলত লাভ কৰা এই পৰীক্ষাৰ ফলাফলত ফাৰ্মখনৰ গাহৰিবোৰৰ মাজত ছোৱাইন ফ্লু-ৰ অৱস্থিতি ধৰা পৰে ৷ ইয়াৰোপৰি ভূপালৰ পৰা আহিবলগীয়া এক অন্য পৰীক্ষাৰ ফলাফললৈ অপেক্ষা কৰি আছে ফাৰ্মখনৰ কৰ্তৃপক্ষই ৷

ইয়াৰ লগতে সূত্ৰটোৱে আৰু জনাইছিল যে, বিভাগটোৱে দহজন লোকক লৈ দুটা সঁহাৰি দল গঠন কৰিছে ৷ এই দল দুটাক নেতৃত্ব প্ৰদান কৰিব এগৰাকী পশু চিকিৎসা বিষয়াই ৷ তদুপৰি পোনপটীয়াকৈ ন’ডেল বিষয়াৰ পেনেলৰ প্ৰতিবেদন দাখিল কৰিব দল দুটাই ৷

উল্লেখ্য যে, শীৰ্ষ কৰ্তৃপক্ষৰ পৰা নিৰ্দেশ লাভ কৰাৰ পিছতে এই বিষয়ত ল’বলগীয়া সাৱধানতাৰ লগতে অন্যান্য যাৱতীয় সকলো প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব ৷ বিগত কিছুদিন পূৰ্বে কোনো অচিনাক্ত কাৰণত ফাৰ্মখনৰ 63 টাকৈ গাহৰিৰ মৃত্যু(63 pigs died of swine flu in Tripura) ঘটিছিল ৷ যাৰ পৰাই ফাৰ্ম কৰ্তৃপক্ষ শংকিত হৈ পৰিছিল ৷

লগতে চাওক: মিজোৰামত ছোৱাইন ফ্লুৰ নতুন প্ৰাদুৰ্ভাৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.