ETV Bharat / bharat

মিজোৰামত ছোৱাইন ফ্লুৰ নতুন প্ৰাদুৰ্ভাৱ

author img

By

Published : Apr 6, 2021, 11:12 AM IST

মিজোৰাম অচিন ৰোগত আক্ৰান্ত হৈ 100 ৰো অধিক গাহৰিৰ মৃত্যু ৷ শতাধিক গাহৰিৰ মৃত্যুত 40 লাখৰো অধিক লোকচান ৷ মৃত গাহৰিৰ তেজ আৰু টিচ্যুৰ নমুনা পৰীক্ষা কৰা হৈছে যদিও এতিয়ালৈকে ক্লাচিকেল ছোৱাইন ফিভাৰ (Classical Swine Fever), প'ৰচিন ৰিপ্ৰডাক্টিভ এণ্ড ৰেচপিৰেটৰী চিন্দ্ৰম (Porcine Reproductive and Respiratory Syndrome) আৰু আফ্ৰিকান ছোৱাইন ফিভাৰ কোনোটোৰে লক্ষণ ধৰা পৰা নাই ৷

mizoram witnesses new swine flu outbreak
মিজোৰামত ছোৱাইন ফ্লুৰ নতুন প্ৰাদুৰ্ভাৱ

মিজোৰাম, 6 এপ্ৰিল: পুনৰ ছোৱাইন ফ্লুৰ গ্ৰাসত মিজোৰাম ৷ তিনিমাহৰ ভিতৰতে প্ৰায় 40 লাখৰো অধিক লোকচানৰ সৃষ্টি কৰি অচিন ৰোগত আক্ৰান্ত হৈ ৰাজ্যখনত 100 ৰো অধিক গাহৰিৰ মৃত্যু হৈছে ৷ মিজোৰামৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে 21 মাৰ্চৰ পৰা ৰাজ্যখনৰ লাঙচেঙ গাঁৱত হোৱা গাহৰিৰ মৃত্যু সন্দৰ্ভত এখন জাননী জাৰি কৰিছে ৷

25 মাৰ্চত লাঙচেঙ গাঁৱত কোন অচিন ৰোগত গাহৰিৰ ৰহস্যজনক মৃত্যুৰ খবৰ পোৱাৰ পাছতে 26 মাৰ্চত মুখ্য পশু চিকিৎসা বিষয়াৰ লগতে অন্যান্য পশু চিকিৎসা বিষয়া সকল গাঁওখনলৈ ৰাওনা হয় ৷ তেওঁলোকে তেজ আৰু টিচ্যুৰ নমুনা সংগ্ৰহ কৰি ৰেপিড এন্টিজেন টেষ্ট সম্পন্ন কৰে যদিও ক্লাচিকেল ছোৱাইন ফিভাৰ (Classical Swine Fever), প'ৰচিন ৰিপ্ৰডাক্টিভ এণ্ড ৰেচপিৰেটৰী চিন্দ্ৰম (Porcine Reproductive and Respiratory Syndrome) আৰু আফ্ৰিকান ছোৱাইন ফিভাৰ কোনোটোৰে লক্ষণ ধৰা নপৰে ৷

টিচ্যু আৰু চেৰামৰ নমুনা সমূহ 2 মাৰ্চত আইজলৰ খাটলাত অৱস্থিত এপিডেমিঅ'লজিকেল কেন্দ্ৰ, পশু চিকিৎসা বিজ্ঞান আৰু পশুপালন মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷ কিন্তু ক্লাচিকেল ছোৱাইন ফিভাৰ (Classical Swine Fever), প'ৰচিন ৰিপ্ৰডাক্টিভ এণ্ড ৰেচপিৰেটৰী চিন্দ্ৰম (Porcine Reproductive and Respiratory Syndrome) পৰীক্ষাৰ বাবে সম্পন্ন কৰা ELISA আৰু PCR পৰীক্ষাত আটাইবোৰ নমুনাৰ ফলাফল নিগেটিভ আহে ৷

এনে ক্ষেত্ৰত বৰ্তমান ৰাজ্যখনত প্ৰকোপ চলোৱা এই নতুন ৰোগবিধৰ সকলো লক্ষণ তথা মৃত্যুৰ উচ্চ হাৰে ৰাজ্যখনে পূৰ্বতে সন্মুখীন নোহোৱা এক সম্পূৰ্ণ নতুন ৰোগৰ ইংগিত দিছে ৷ জানিব পৰা মতে, এই অচিন ৰোগ আফ্ৰিকান ছোৱাইন ফিভাৰ হয় নে নহয় সেই কথা নিশ্চিত কৰিবলৈ অন্য এটা PT-PCR পৰীক্ষা সম্পন্ন কৰাৰ বাবে ভূপালস্থিত National Institute of High Security Animal Disease লৈও নমুনা প্ৰেৰণ কৰা হ'ব ৷

লগতে পঢ়ক: কৰ'ণাৰ ভয়াৱহতা: ঝাৰখণ্ডলৈ সহায়ৰ হাত অসম চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.