ETV Bharat / state

Terrible erosion at Bongaigaon: অভয়াপুৰীত মানাহ নৈৰ খহনীয়াৰ ভয়াৱহ ৰূপ

author img

By

Published : Nov 7, 2022, 2:07 PM IST

Etv Bharat
Etv Bharat

ৰাজ্য়ৰ কেইবাখনো জিলাত খহনীয়াৰ তাণ্ডৱত দিশহাৰা হৈছে নৈপৰীয়া ৰাইজ ৷ বান আৰু খহনীয়াই প্ৰতি বছৰে জ্বলা-কলা খুৱাই আহিছে নৈপৰীয়া লোকসকলক (Natural disaster in Assam) ৷ বাৰিষা নৈৰ বুকু উফন্দি উঠিলেই প্লাৱিত হয় নৈৰ দুয়োপাৰৰ বিস্তীৰ্ণ অঞ্চল ৷ বানে ঘৰ-বাৰী, খেতি পথাৰ বুৰাই ব্যাপক ক্ষতি সাধন কৰে ৰাইজৰ (Flood in Assam) ৷ আনহাতে, খৰালিত আৰম্ভ হয় প্ৰৱল খহনীয়া ।

বঙাইগাঁও, ৭ নৱেম্বৰ: ৰাজ্য়ৰ আন ঠাইৰ লগতে বঙাইগাঁও জিলাতো অব্য়াহত আছে ভয়াৱহ খহনীয়া (Erosion at Bongaigaon)। জিলাখনৰ বঙাইগাঁৱৰ অভয়াপুৰীৰ গোলাপাৰাত মানাহ নৈৰ খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে (Terrible erosion of e Manah river at Abhayapuri)। এই নৈখনৰ খহনীয়াৰ ফলত গোলাপাৰা-নাম্বাৰপাৰা সংযোগী মথাউৰি বিলীন হৈছে নৈৰ বুকুত । বৃহত্তৰ অঞ্চলটোৰ একমাত্ৰ পথটোৱেই হৈছে এই মথাউৰিটো । ফলত বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ যাতায়তত ব্য়াঘাত জন্মিছে ।

ইপিনে, খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰ-প্ৰশাসনৰ লগতে স্থানীয় বিধায়ক আব্দুল বাতিন খন্দকাৰে গুৰুত্ব নিদিয়া বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে । জন প্ৰতিনিধিৰ দুৰ্বল ভুমিকাত ক্ষুব্ধ হৈ দেওবাৰে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে ।

উল্লেখ্যযে জুন, জুলাইত কেইবাবাৰো বানৰ কৱলত পৰি ২ নং বাশবাৰীৰ ২৫০ ঘৰ উচন হৈছিল । ৰাইজে ঘৰবাৰী হেৰুৱাই মথাউৰিত আশ্ৰয় লৈছিল যদিও গৰাখহনীয়াৰ ফলত মথাউৰিটো নদীত জাহ যোৱাত তেওঁলোকৰ মূৰত সৰগ ভাঙি পৰিছে ।

অভয়াপুৰীত মানাহ নৈৰ খহনীয়াৰ ভয়াৱহ ৰূপ

ইপিনে, উত্তৰ অভয়াপুৰী (Erosion in North Abhayapuri) সমষ্টিৰ বালাৰপেট আৰু বাশবাৰীত আই নদীৰ (massive erosion of Aai river) ভয়ংকৰ গৰাখহনীয়া অব্য়াহত আছে । সৃজনগ্ৰাম আৰু মানিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বালাৰপেট আৰু বাশবাৰীত গৰাখহনীয়া অব্য়াহত থকাৰ সময়ত চৰকাৰ, প্ৰশাসন বা জন প্ৰতিনিধিয়ে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে ।

যোৱা বছৰ আৰু এই বছৰত খহনীয়াৰ কৱলত পৰি তিনিখন গাঁও নদীৰ বুকুত বিলীন হোৱাৰ পিছত জিলা প্ৰশাসনে ক্ষিপ্ৰতাৰে বাশবাৰী দৈনিক বজাৰত পাৰ্কুপাইনেৰে খহনীয়া ৰোধৰ চেষ্টা কৰিছিল । কিন্তু বালাৰপেটত খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰি মানুহৰ ঘৰ-দুৱাৰ, সেউজীয়া কৃষিভূমি উছন কৰিছে ।

আনহাতে, জিলাখনৰ উত্তৰ অভয়াপুৰীৰ মানিকপুৰৰ ৫ নং বাশবাৰীত (Erosion at Bansbari) তাণ্ডৱ সৃষ্টি কৰিছে নদীৰ গৰাখহনীয়াই । মানিকপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গতৰ বৃহত্তৰ বাশবাৰী অঞ্চলত বহু বছৰ ধৰি নদীৰ গৰাখহনীয়াৰ ফলত ৫ খন গাঁও ইতিমধ্যে নদীৰ বুকুত জাহ যোৱা পৰিলক্ষিত হৈছে । সম্প্ৰতি ৫ নং বাশবাৰীত সংহাৰী ৰূপ ধাৰণ কৰিছে গৰাখহনীয়াই ।

লগতে পঢ়ক:Theft at bank in Kaliabor: বেংকৰ লকাৰ ভাঙি চোৰে লুটি নিলে পাঁচ লক্ষাধিক টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.