ETV Bharat / state

আই নদীৰ তাণ্ডৱত সৰ্বহাৰা ৰাইজ

author img

By

Published : Aug 26, 2021, 7:49 PM IST

several-area-of-manikpur-submerged-in-flood-water-of-aai-river-etv-bharat
আই নদীৰ তাণ্ডৱত সৰ্বহাৰা ৰাইজ

মাণিকপুৰত পুনৰ বাঢ়নী পানীৰ তাণ্ডৱ । আই নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে কুৰিখনৰো অধিক গাঁও । অব্যাহত আছে এছ ডি আৰ এফৰ উদ্ধাৰ অভিযান ।

বঙাইগাঁও, 26 আগষ্ট : বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰু সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত কুৰিখনৰো অধিক গাঁৱত পুনৰ বাঢ়নী পানীয়ে তাণ্ডৱৰ সৃষ্টি কৰিছে । আই নদীৰ বাঢ়নী পানীত 20 খনৰো অধিক গাঁও নতুনকৈ জলমগ্ন হৈ পৰিছে । বাশবাৰী, ভাণ্ডাৰা গড়কাপ্তানি পথৰ ওপৰেদি বাগৰিছে পানী । পানীৰ তলত ডুব গৈছে ডাংগাই গাঁও, কীৰ্তনপাৰা সংযোগী পকী পথ ।

মাণিকপুৰ আৰু সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত বাশবাৰী, ভাণ্ডাৰা, বালাৰপেট, টিয়াপাৰা, জামদহা, টেনটনপুৰ, কাহীবাৰী, কাছাৰপেটি, নাৰাভিটা, হালধীবাৰী, সাজালপাৰাকে আদি কৰি বৃহত্তৰ অঞ্চলৰ লোক এতিয়া বাঢ়নী পানীৰ কৱলত । এই বানত প্লাৱিত হৈছে ন ন অঞ্চল । বৰ্তমানেও অব্যাহত আছে এছ ডি আৰ এফৰ উদ্ধাৰ অভিযান । এতিয়া লৈকে 94 গৰাকী লোকক এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ।

আই নদীৰ তাণ্ডৱত সৰ্বহাৰা ৰাইজ

ভূটানৰ কুৰিশ্বু বান্ধৰ পানী এৰি দিয়াত হৈ যোৱা বানপানীৰ আৰু গৰাখহনীয়াই সৰ্বহাৰা কৰি থৈ যোৱাৰ দুদিন পাৰ নৌহওঁতেই ধাৰাষাৰ বৰষুণৰ ফলত পুনৰ আই নদীৰ জলপৃষ্ঠই বিপদ সীমা অতিক্ৰম কৰাত উত্তৰ অভয়াপুৰী সমষ্টিৰ ন ন অঞ্চল প্লাৱিত হয় । ইফালে বানাক্ৰান্ত লোকৰ মাজত খাদ্য সামগ্ৰী যোগান ধৰা হোৱা নাই বুলি অভিযোগ উঠিছে । এই বানত হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি পানীৰ তলত যোৱা পৰিলক্ষিত হৈছে ৷

আই নদীৰ বাঢ়নী পানীত জলমগ্ন উত্তৰ অভয়াপুৰীৰ বিস্তীৰ্ণ অঞ্চল । বঙাইগাঁও জিলাৰ 34 নং উত্তৰ অভয়াপুৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত প্ৰধান উপ নদী হ’ল আই আৰু মানাহ নদী । বৰ্তমান কীৰ্তনপাৰা-ডাঙাইগাঁও সংযোগী পকী পথৰ ওপৰেদি পানী বাগৰা পৰিলক্ষিত হৈছে ৷ আই নদীৰ পানী ফেনে ফুটুকাৰে বাঢ়ি অহাৰ ফলত সমষ্টিটোৰ বিস্তীৰ্ণ অঞ্চল বানৰ কৱলত পৰিছে ।

প্ৰতি বছৰে ভূটান চৰকাৰে কুৰিশ্বু বান্ধৰ পানী এৰি দিয়াৰ ফলত এনেদৰে চৰম দুৰ্ভোগ ভুগিবলগীয়া হয় উত্তৰ অভয়াপুৰী বিধানসভা সমষ্টিৰ ৰাইজে । অসম চৰকাৰে যদি ইয়াৰ সমাধানৰ ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়া হ’লে ইয়াতকৈ আৰু অধিক ভয়াৱহ সমস্যাৰ সন্মুখীন হ’বলগীয়াত পৰিব সমষ্টিটোৰ ৰাইজ ৷

লগতে পঢ়ক:ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ে উৎপাদন কৰিব 'Green tea'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.