ETV Bharat / state

মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা পথত জাল পাতিলে কোনে ?

author img

By

Published : Jun 25, 2021, 4:17 PM IST

বঙাইগাঁও জিলাৰ মানিকপুৰৰ পাতিলাদহা তিনি আলিৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যান লৈ যোৱা পথচোৱা বিগত বছৰে নিৰ্মাণ নোহোৱাত জহি খহি গৈছে পথটো ৷ পৰ্যটনৰ অন্যতম স্থল মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা পথটো নিৰ্মাণ নোহোৱাত আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, গৰীয়া মৰীয়া দেশীয় জাতীয় পৰিষদকে ধৰি বিভিন্ন সংগঠনে পথত জাল মাৰি, মাছ ধৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

protest for Road construction at Manikpur
মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা পথে জীয়াতু ভুগাইছে পৰ্যটকক

মানিকপুৰ, 25 জুন : এটা সদাব্যস্ত এটা বিশেষ পথ ৷ অসমৰ পৰ্যটনৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে এই পথটোৱে ৷ কিন্তু বছৰৰ পাচত বছৰ পাৰ হ'ল, চৰকাৰ আহিল আৰু চৰকাৰ গ'ল ৷ আজিলৈকে কেৱল পথটোৰ আন্তঃগাঁথনি উন্নত নহ'ল ৷ অৱশেষত চৰকাৰী পক্ষৰ পৰা অৱহেলিত হোৱা পথটোৰ ওপৰত বাৰে বাৰে প্ৰতিবাদ সাব্যস্ত হ'ল ৷ তাৰ পাচতো পথটো চৰকাৰী পক্ষৰ দৃষ্টি গোচৰ নহ'ল ৷

পৰ্যটনৰ ক্ষেত্ৰখন উন্নত কৰাৰ বাবে কোটি কোটি টকা ব্যয় কৰি পূৰ্বৰ চৰকাৰে প্ৰিয়ংকা চোপ্ৰাক আনিলে যদিও কোনো ফল নধৰিল ৷ তাৰ প্ৰকৃত ছবিখন উদঙালে মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা এই ব্যস্ত পথটোৱে ৷ বঙাইগাঁও জিলাৰ মানিকপুৰৰ পাতিলাদহা তিনি আলিৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যান লৈ যোৱা পথচোৱা বিগত বছৰে নিৰ্মাণ নোহোৱাত জহি খহি গৈছে পথটো ৷ পৰ্যটনৰ অন্যতম স্থল মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা পথটো নিৰ্মাণ নোহোৱাত আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, গৰীয়া মৰীয়া দেশীয় জাতীয় পৰিষদকে ধৰি বিভিন্ন সংগঠনে পথত জাল মাৰি, মাছ ধৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা পথে জীয়াতু ভুগাইছে পৰ্যটকক

31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা পথটো নিৰ্মাণ নোহোৱাত ক্ষোভিত হৈ পৰে স্থানীয় লোক সকল ৷ প্ৰতিখন চৰকাৰৰ ওচৰত বাৰাম্বাৰ অনুৰোধ জনায়ো কোনো সুফল নাপালে স্থানীয় লোকসকলে ৷ মানিকপুৰৰ অতিকৈ গুৰুত্বপূৰ্ণ এই পথটোৰে পাতিলাদহা বজাৰ, ৰে'লৱে ষ্টেচন আদিলৈ নিতৌ হাজাৰ হাজাৰ লোকে যাতায়ত কৰে ৷ কিন্তু চৰকাৰৰ অৱহেলাৰ বাবে এলাগী হৈ ৰ'ল ব্যস্ত পথটো ৷

সততে পৰ্যটন উদ্যোগৰ কথা কৈ অহা চৰকাৰৰ এনে গুৰুত্বহীনতাত অতিষ্ঠ হৈ পৰিছে সমগ্ৰ অঞ্চলবাসী ৷ যিটো পথেৰে হাজাৰ হাজাৰ পৰ্যটক ৰাষ্ট্ৰীয় উদ্যান খনলৈ আহে সেই পথটোৰে এনে অৱস্থাই চিন্তিত কৰি তুলিছে পৰ্যটন বিভাগত প্ৰকৃততে কিমান উন্নয়ণ হৈছে ৷

লগতে পঢ়ক: ভাৰতত জৰুৰী অৱস্থা: ৰাষ্ট্ৰৰ ক'লা অতীতৰ এক অৱলোকন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.