ETV Bharat / state

মানিকপুৰত ভদীয়া বানত জলমগ্ন 20 খনৰ অধিক গাঁও

author img

By

Published : Sep 16, 2020, 4:17 PM IST

বঙাইগাঁৱত বানত জলমগ্ন কুৰিখনৰো অধিক গাঁও
বঙাইগাঁৱত বানত জলমগ্ন কুৰিখনৰো অধিক গাঁও

মানিকপুৰত পুনৰ বানৰ তাণ্ডৱ ৷ ভদীয়া বানত জলমগ্ন হ'ল বঙাইগাঁৱৰ কুৰিখনৰো অধিক গাঁও ৷ মানাহ নদীৰ বাঢ়নী পানীত জলমগ্ন বঙাইগাঁও জিলা৷ পানীৰ তলত পাতিলাদহা পানবাৰী পকী পথ ৷

বঙাইগাঁও, চেপ্তেম্বৰ 16: ভদীয়া বানত জলমগ্ন হ'ল বঙাইগাঁৱৰ কুৰিখনৰো অধিক গাঁও ৷ কিছুদিনৰ পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলতে বঙাইগাঁও জিলাৰ মাণিকপুৰত পুনৰ বানে তাণ্ডৱ চলাইছে ৷ মানাহ নদীৰ বাঢ়নী পানীৰ ফলত জলমগ্ন হৈছে বঙাইগাঁও জিলাৰ মানিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় কুৰি খনৰো অধিক গাঁও ৷ বাঢ়নী পানীয়ে পাতিলাদহা পানবাৰী পকী পথটো বুৰাই পেলোৱাৰ লগতে লুংঝাৰ,বৰবিলা,খৰিবাৰী,পশ্চিম বৰবিলা,ভাটি পাৰা,গাৰোলেটি, পানবাৰী,পাতিলাদহাকে আদি কৰি কুৰি খনৰো অধিক গাঁও প্লাৱিত কৰি তুলিছে ৷

মানিকপুৰত পুনৰ বানৰ তাণ্ডৱ

বাঢ়নী পানীৰ ফলত এতিয়া বৃহত্তৰ অঞ্চলটোৰে যাতায়ত বন্ধ হৈ পৰিছে ৷ উল্লেখ্য যে হাজাৰ হাজাৰ বিঘা কৃষিভূমি পানীত ডুব যোৱাত অঞ্চলটোৰ কৃষক ৰাইজ অপূৰণীয় ক্ষতিৰ সন্মুখীন হৈছে ৷ চলিত বছৰটোত এতিয়ালৈকে 6 বাৰকৈ অঞ্চলটো বানত বুৰ যোৱাত ক্ষোভিত ৰাইজে সোনকালে সমস্যা সমাধানৰ বাবে চৰকাৰী হস্তক্ষেপৰ দাবী জনাইছে ৷

লগতে পঢ়ক: জৰাজীৰ্ণ পথৰ বাবে ব্যাহত কলগাছিয়াৰ বৃহত্তৰ অঞ্চলৰ যাতায়াত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.