ETV Bharat / state

মুখ্যমন্ত্রীৰ উপস্থিতিত বঙাইগাঁও শোধনাগাৰ আৰু প্ৰশাসনৰ মাজত চুক্তি স্বাক্ষৰ

author img

By

Published : Jun 26, 2021, 11:35 AM IST

Memorandum of Understanding between Bangaigaon Refinery and Bangaigaon Administration
মুখ্যমন্ত্রীৰ উপস্থিতিত বঙাইগাঁও শোধনাগাৰ আৰু প্ৰশাসনৰ মাজত বুজাবুজিৰ চুক্তি

বৰ্তমানৰ ক'ভিড ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ সমস্যা হৈছে অক্সিজেন (Oxigen)ৰ নাটনি । সেয়ে ক'ভিড (Covid 19) ৰোগীৰ চিকিৎসাত সহায়ক হোৱাকৈ ৰাজ্যৰ বিভিন্ন স্থানত স্থাপন কৰা হৈছে অক্সিজেন উৎপাদন প্ৰকল্প (Oxygen production plant) ।

গুৱাহাটী, ২৬ জুন : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) আৰু বঙাইগাঁও সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰী (Phani Bhushan Choudhury)ৰ উপস্থিতিত বুধবাৰে ভাৰতীয় তেল নিগম (OIL)ৰ বঙাইগাঁও শোধনাগাৰ (Bangaigaon Refinery)আৰু জিলা প্ৰশাসনৰ মাজত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় । চুক্তি অনুসৰি বঙাইগাঁও শোধনাগাৰে (Bangaigaon Refinery) বঙাইগাঁও অসামৰিক চিকিৎসালয় (Bongaigaon Civil Hospital) ত ২,৭৯,৬৬,০০০ টকা ব্যয়েৰে এটা মেডিকেল অক্সিজেন উৎপাদন প্ৰকল্প (Medical Oxygen Generation Plant) স্থাপন কৰিব । ইয়াৰ লগতে চিকিৎসালয়খনত ৩,৭৮,৮৫,০০০ টকা ব্যয়েৰে পুষ্টি পুনঃসংস্থাপন কেন্দ্ৰ তথা মাতৃ আৰু শিশু ৱাৰ্ড স্থাপন কৰা হ’ব ।

Memorandum of Understanding between Bangaigaon Refinery and Bangaigaon Administration
মুখ্যমন্ত্রীৰ উপস্থিতিত বঙাইগাঁও শোধনাগাৰ আৰু প্ৰশাসনৰ মাজত বুজাবুজিৰ চুক্তি

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই বঙাইগাঁও শোধনাগাৰ (Bangaigaon Refinery)ৰ বিষয়াসকলক এই বদান্যতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে আৰু এই পদক্ষেপৰ দ্বাৰা জিলাখনৰ স্বাস্থ্যখণ্ডৰ আন্তঃগাঁথনি অধিক শক্তিশালী হ’ব বুলি আশা প্ৰকাশ কৰে । উল্লেখ যে বুজাবুজিৰ চুক্তিত বঙাইগাঁও জিলা প্ৰশাসন ৰ হৈ জিলাখনৰ উপায়ুক্ত এম এছ লক্ষ্মীপ্ৰিয়া (M S Lakshmi Priya IAS) আৰু আই অ' চি এল (IOCL), বঙাইগাঁও শোধনাগাৰৰ হৈ উপ-মহাপ্ৰৱন্ধক সীতা বৰুৱাই স্বাক্ষৰ কৰে ।

উল্লেখ্য যে, বৰ্তমানৰ ক'ভিড ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ সমস্যা হৈছে অক্সিজেন (Oxigen)ৰ নাটনি । সেয়ে ক'ভিড (Covid 19) ৰোগীৰ চিকিৎসাত সহায়ক হোৱাকৈ ৰাজ্যৰ বিভিন্ন স্থানত স্থাপন কৰা হৈছে অক্সিজেন উৎপাদন প্ৰকল্প (Oxygen production plant) ।

ইতিমধ্যে অসম চিকিৎসা মহাবিদ্যালয়, ডিফু চিকিৎসা মহাবিদ্যালয়ৰ লগতে বিভিন্ন চিকিৎসালয়ত অক্সিজেন উৎপাদন প্ৰকল্প (Oxygen Generation Plant) স্থাপন কৰা হৈছে । আনহাতে অইল ইণ্ডিয়াৰ উদ্যোগত কিছু দিনপূৰ্বে (IOCL)ৰ বঙাইগাঁও শোধনাগাৰ (Bangaigaon Refinery)ত আই এন ডি এম এ এক্স ইউনিট স্থাপন কৰা হৈছিল ৷

লগতে পঢ়ক : নতুন SOP : ৰাজ্যৰ 4 খন জিলাত সম্পূৰ্ণ লকডাউন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.