ETV Bharat / state

Erosion at Manikpur : আই নদীৰ গৰাখহনীয়াত বাশবাৰীত ভেটি-মাটি উছন

author img

By

Published : Oct 17, 2022, 1:51 PM IST

Erosion at Manikpur
আই নদীৰ গৰাখহনীয়াত বাশবাৰীত ভেটি মাটি উছন

প্ৰকৃতিৰ কাল ৰূপ। খৰাং বতৰতো বঙাইগাঁও জিলাৰ (Erosion in Bongaigaon District) আই নদীৰ গৰাখহনীয়াত বাশবাৰীত ভেটি মাটি উছন । প্ৰতিবছৰে সাংসদ, বিধায়ক আহি গৰাখহনীয়া পৰিদৰ্শন কৰিছে যদিও কোনো জনপ্ৰতিনিধিয়ে এই গৰাখহনীয়া প্ৰতিৰোধৰ ব্যাৱস্থা গ্ৰহণ কৰা নাই বুলি ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে ।

মাণিকপুৰ, ১৭ অক্টোবৰ : খহনীয়াৰ তাণ্ডৱত দিশহাৰা নৈপৰীয়া ৰাইজ ৷ বান আৰু খহনীয়াই প্ৰতি বছৰে জ্বলা-কলা খুৱাই আহিছে অসমৰ নৈপৰীয়া লোকসকলক (Natural disaster in Assam) ৷ নৈৰ বুকু উফন্দি উঠিলেই প্লাৱিত হয় নৈৰ দুয়োপাৰৰ বিস্তীৰ্ণ অঞ্চল ৷ বানে ঘৰ-বাৰী, খেতি পথাৰ বুৰাই ব্যাপক ক্ষতি সাধন কৰে ৰাইজৰ (Flood and Erosion in Assam) ৷

বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী (Erosion in North Abhayapuri) সমষ্টিৰ বালাৰপেট আৰু বাশবাৰীত আই নদীৰ (massive erosion of Aai river) ভয়ংকৰ গৰাখহনীয়া অব্য়াহত আছে । সৃজনগ্ৰাম আৰু মানিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বালাৰপেট আৰু বাশবাৰীত গৰাখহনীয়া অব্য়াহত থকাৰ সময়ত চৰকাৰ, প্ৰশাসন বা জনপ্ৰতিনিধিয়ে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে ।

যোৱা বছৰ আৰু এই বছৰত খহনীয়াৰ কৱলত পৰি তিনিখন গাওঁ নদীৰ বুকুত বিলীন হোৱাৰ পিছত জিলা প্ৰশাসনে ক্ষিপ্ৰতাৰে বাশবাৰী দৈনিক বজাৰত পাৰ্কুপাইনেৰে খহনীয়া ৰোধৰ চেষ্টা কৰিছিল। কিন্তু কিছুদিন ধৰি বালাৰপেটত খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰি মানুহৰ ঘৰ-দুৱাৰ, সেউজীয়া কৃষিভূমি নদীৰ উছন কৰি আছে ।

আই নদীৰ গৰাখহনীয়াত বাশবাৰীত ভেটি মাটি উছন

উল্লেখ্য় যে, আই নদীৰ ভয়ংকৰ গৰাখহনীয়াত এদিনতে বালাৰপেটত ৫ টা পৰিয়ালৰ ঘৰ সম্পূৰ্ণৰূপে নদীৰ বুকুত জাহ গৈছে । আনহাতে ,খহনীয়া খহনীয়া ৰোধৰ বাবে পাৰ্কুপাইন আনি থৈছে যদিও ঠিকাদাৰে কোনো কাম কৰা নাই । সেয়ে খহনীয়াই কালৰূপ ধাৰন কৰিছে । স্থানীয় বিধায়ক আব্দুল বাতিন খন্দকাৰে খহনীয়া অব্যাহত থকা অঞ্চললৈ অহা নাই বুলি অভিযোগ কৰিছে ক্ষুব্ধ ৰাইজে (MLA Abdul Batin Khandkar) । সেয়ে শীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা হাতত লোৱাৰ দাবী জনাইছে অঞ্চলবাসীয়ে ।

ইপিনে, জিলাখনৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ মানিকপুৰৰ ৫ নং বাশবাৰীত (Erosion at Bansbari) তাণ্ডৱ সৃষ্টি কৰিছে নদীৰ গৰাখহনীয়াই । মানিকপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গতৰ বৃহত্তৰ বাশবাৰী অঞ্চলত বহু বছৰ ধৰি নদীৰ গৰাখহনীয়াৰ ফলত৫ খন গাঁও ইতিমধ্যে নদীৰ বুকুত জাহ যোৱা পৰিলক্ষিত হৈছে । সম্প্ৰতি ৫ নং বাশবাৰীত সংহাৰী ৰূপ ধাৰণ কৰিছে গৰাখহনীয়াই ।উল্লেখ্য যে গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ নিজাববীয়াকৈ পদক্ষেপ গ্ৰহণ কৰিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক:ICU Crisis in Rangia : ভালুকৰ সাঙিত পৰিণত ৰঙিয়া মডেল হাস্পতালৰ আই চি ইউ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.