ETV Bharat / state

ICU Crisis in Rangia : ভালুকৰ সাঙিত পৰিণত ৰঙিয়া মডেল হাস্পতালৰ আই চি ইউ

author img

By

Published : Oct 17, 2022, 12:40 PM IST

ৰঙিয়াৰ মডেল হাস্পতালত (Rangia Model Hospital) আজিও মুকলি নহ'ল আই চি ইউ । আই চি ইউ কক্ষত নিযুক্তি দিয়া নাই টেকনিকেল ষ্টাফ আৰু অপাৰেটৰ । এবছৰ পূৰ্বেই আইচিইউৰ কাম ৯০ শতাংশ শেষ হোৱাৰ পিছতো ১০ শতাংশ কামৰ অগ্ৰগতি বন্ধ হৈ আছে ।

ICU crisis in Rangia
ভালুকৰ সাঙিত পৰিণত ৰঙিয়াৰ মডেল হাস্পতালৰ আই চি ইউ

ৰঙিয়া, ১৭ অক্টোবৰ ২০২২ : ঢাক-ঢোল বজোৱা বিজেপি চৰকাৰৰ বিয়াগোম স্বাস্থ্য বিভাগৰ বিৰুদ্ধে ৰঙিয়াত স্থানীয় লোকৰ ক্ষোভ প্ৰকাশ ৷ যি সময়ত সভা-সমিতিয়ে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে স্বাস্থ্য বিভাগৰ উন্নয়নৰ গান গাই আহিছে,তেনে সময়তে ৰঙিয়াত আই চি ইউ বিচাৰি হাহাকাৰ (Scrambling for ICU in Rangiya) কৰিবলগীয়া হোৱাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় লোক ৷

ৰঙিয়াৰ মডেল হাস্পতালত আজিও মুকলি নহ'ল আই চি ইউ (ICU of Rangia Model Hospital not released)। আই চি ইউ কক্ষত নিযুক্তি দিয়া নাই টেকনিকেল ষ্টাফ আৰু অপাৰেটৰ । আছে গৰু নাবায় হাল, হোৱাতকৈ নোহোৱাই ভালৰ লেখিয়া হৈছে ৰঙিয়াৰ মডেল হাস্পতাল আই চি ইউ ৷ এই চিকিৎসালয়খনত আই চি ইউৰ ব্যৱস্থা থকাৰ পিছতো ৰোগীয়ে লাভ কৰা নাই ইয়াৰ সুবিধা ৷

যি সময়ত ৰাজ্যৰ স্বাস্থ্য বিভাগে স্বাস্থ্য খণ্ডৰ উন্নয়নৰ ঢাক-ঢোল বজাই আহিছে তেনে সময়তে ৰঙিয়াৰ মডেল হাস্পতালৰ ভেকোভাওনাৰ অৱস্থাই উদঙাই দিছে প্ৰকৃত উন্নয়নৰ প্ৰকৃত ছবি ৷ উল্লেখ্য যে বিগত সময়ত ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰঙিয়াত থকা একমাত্ৰ মডেল হাস্পতালত স্থাপন কৰিছিল ৪৭ খন বিচনাযুক্ত আই চি ইউ কক্ষ ৷ ৰঙিয়া মহকুমাৰ একমাত্ৰ মডেল হাস্পতালখনত আই চি ইউ স্থাপন কৰাত সৰ্বসাধাৰণ ৰাইজ উৎফুল্লিত হৈ পৰিছিল ৷ কাৰণ অতি সংকটজনক ৰোগীয়ে লাভ কৰিব আপদকালীন সুবিধা ৷

ভালুকৰ সাঙিত পৰিণত ৰঙিয়াৰ মডেল হাস্পতালৰ আই চি ইউ

অতি পৰিতাপৰ বিষয় যে বিগত এবছৰে কাৰ্যক্ষম নহ'ল আই চি ইউটো ৷ ফলত সুবিধা লাভৰ পৰা বঞ্চিত হৈছে ৰোগীসকল ৷ জানিব পৰা মতে,প্ৰায় এবছৰ পূৰ্বেই আইচিইউৰ কাম ৯০ শতাংশ শেষ হোৱাৰ পিছতো ১০ শতাংশ কামৰ অগ্ৰগতি বন্ধ হৈ আছে ।

উল্লেখ্য় যে এবছৰ পূৰ্বেই আইচিইউৰ বাবে এটি অক্সিজেন প্লান্ট (Oxygen Plant of Rangia Model Hospital) স্থাপন কৰা হৈছিল । যোৱা বছৰ মন্ত্ৰী অতুল বৰাই এই আইচিইউ পৰিদৰ্শন কৰি শীঘ্ৰে মুকলি কৰা হব বুলি প্ৰতিশ্ৰুতি দিছিল । কিন্তু অক্সিজেন প্লান্ট চলাবলৈ আজিও নিযুক্তি দিয়া নাই অপাৰেটৰ ৷ এই বিষয়ে বহু কেইবাৰ উৰ্ধতন কৰ্তৃপক্ষক আবেদন দিয়া হৈছে ৷ কিন্তু কোনো সহাৰি লাভ নকৰাত আজিলৈকে আই চি ইউ কক্ষ কাৰ্যক্ষম কৰিব পৰা নাই ৷ যাৰবাবে মডেল হাস্পতালখনত আই চি ইউ থাকিও নথকাৰ দৰে হৈছে ৷ যেন সকলোখিনি ভালুকৰ সাঙিতহে পৰিণত হৈছে ৷

লগতে পঢ়ক:Boat Accident In Nalbari : নাও দুৰ্ঘটৰ্ঘনাত এজন নিহত, তিনিগৰাকী আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.