ETV Bharat / state

ঈশান উদয় ছাত্ৰ বৃত্তি কেলেংকাৰী : বঙাইগাঁৱত কলেজৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ

author img

By

Published : Nov 5, 2021, 2:23 PM IST

FIR filed against Principal of CK College over corruption allegation
ঈশান উদয় ছাত্ৰ বৃত্তি কেলেংকাৰী

বঙাইগাঁৱৰ চি কে মহাবিদ্যালয়ত ঈশান উদয় ছাত্ৰ বৃত্তি প্ৰদানত কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ । মহাবিদ্যালয়খনৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল । এই কেলেংকাৰী সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

বঙাইগাঁও, ৫ নৱেম্বৰ : ঈশান উদয় ছাত্ৰ বৃত্তি প্ৰদানত কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে বঙাইগাঁও জিলাৰ চাকলাস্থিত চি কে মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে । মহাবিদ্যালয়খনৰ অধ্যক্ষ আৰু তেওঁৰ ভাতৃ তথা উচ্চ বৰ্গৰ সহায়ক আব্দুল মালেকে ঈশান উদয় ছাত্ৰ বৃত্তি আঁচনিৰ অধীনত ছাত্ৰ-ছাত্ৰীৰ নামত আৱণ্টিত ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে । ছাত্ৰ-ছাত্ৰীৰ ভুৱা তথ্য থকা নথি জমা দি এক্সিছ বেংকৰ অভয়াপুৰী শাখাত একাউন্ট খুলি ২০১৮-১৯ আৰু ২০১৯-২০ বৰ্ষত কোটি কোটি টকা অধ্যক্ষই আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ তুলিছে শহিদুল ইছলাম নামৰ এজন যুৱকে ।

ঈশান উদয় ছাত্ৰ বৃত্তি কেলেংকাৰী

শহিদুল ইছলামক BCA Scienceৰ ছাত্ৰ বুলি নথিয়ে-পত্ৰই দেখুৱাই প্ৰতি মাহে ৭,৮০০ টকাকৈ উক্ত একাউণ্টৰ পৰা উলিয়াই আনে অধ্যক্ষই । যুৱকজনে কেইবাবাৰো নিজৰ পাছবুকৰ বিষয়ে সোধাৰ পাচত কেৰাণী আব্দুল মালেকে পাছবুকখন ঘূৰাই দিয়ে । ইয়াৰ পাচত শহিদুলে পাছবুক আপডেট কৰে আৰু তেতিয়াই সকলো পোহৰলৈ আহে । তাৰ পিছত শহিদুল ইছলামে অভয়াপুৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ।

এই বিষয়ে আৰক্ষীয়ে তদন্ত কৰিবলৈ আহে যদিও অধ্যক্ষগৰাকী পলায়ন কৰে । উল্লেখ্য যে, ঈশান উদয়সহ বিভিন্ন আঁচনিত কেলেংকাৰীৰ সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে অধ্যক্ষগৰাকীৰ বিৰুদ্ধে ।

তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে এই বিষয়ে মাফিজুৰ ৰহমান নামৰ এজন যুৱকে তথ্য বিচৰাত তেওঁক হত্যাৰ ভাবুকি দিয়ে । আনহাতে, মানাহভেলী বিকাশ মঞ্চৰ সম্পাদক আৰফান আলীয়ে মহাবিদ্যালয়খনত সংঘটিত হোৱা দুৰ্নীতি সন্দৰ্ভত চিআইডিৰ তদন্তৰ দাবী কৰিছে । চি কে মহাবিদ্যালয়ত সংঘটিত দুৰ্নীতিৰ লগত জড়িত সকলো লোককে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে মানাহভেলী বিকাশ মঞ্চৰ সম্পাদকগৰাকীয়ে ।

লগতে পঢ়ক:বালাৰচৰত খাদ্য সুৰক্ষাৰ চাউল ভৰ্তি বাহন জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.