ETV Bharat / state

দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত বঙাইগাঁও জিলা সাহিত্য সভাৰ অধিৱেশন

author img

By

Published : Jan 17, 2020, 7:45 PM IST

সুন্দৰৰ সাধক জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক শ্ৰদ্ধাঞ্জলী জনোৱাৰ উদ্দেশ্যে ৰাজ্যজুৰি পালন কৰা হৈছে শিল্পী দিৱস ৷ শিল্পী দিৱসৰ লগত সংগতি ৰাখি দুদিনীয়া কাৰ্যসূচীৰে বঙাইগাঁও জিলাৰ চোকাপাৰাত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে অসম সাহিত্য সভাৰ বঙাইগাঁও জিলাৰ দ্বাদশ পূৰ্ণাংগ অধিৱেশন ।

বঙাইগাঁও জিলা সাহিত্য সভা
অধিৱেশন

বঙাইগাঁও,17 জানুৱাৰীঃ 17 জানুৱাৰী শিল্পী দিৱস ৷ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু তিথি ৷ সুন্দৰৰ সাধক গৰাকীক শ্ৰদ্ধাঞ্জলী জনোৱাৰ উদ্দেশ্যে ৰাজ্যজুৰি পালন কৰা হৈছে শিল্পী দিৱস ৷ শিল্পী দিৱসৰ লগত সংগতি ৰাখি দুদিনীয়া কাৰ্যসূচীৰে বঙাইগাঁও জিলাৰ চোকাপাৰাত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে অসম সাহিত্য সভাৰ বঙাইগাঁও জিলাৰ দ্বাদশ পূৰ্ণাংগ অধিৱেশন । বঙাইগাঁও জিলা সাহিত্য সভা আৰু চোকাপাৰা স্বৰ্ণ শাখা সাহিত্য সভাৰ যৌথ প্ৰচেষ্টাত ঘনদল বীণাপানী পুথিভঁৰাল আৰু সামূহিক উন্নয়ন কেন্দ্ৰত অনুষ্ঠিত হৈছে এই অধিৱেশনখন ।

দুদিনীয়া কাৰ্যসূচীৰে অধিৱেশন

কাৰ্যসূচী অনুসৰি পুৱা সাহিত্য সভাৰ জিলা সভাপতি অজিত কুমাৰ দাসে পতাকা উত্তোলন কৰে ৷ তাৰপিছত অনুষ্ঠিত স্মৃতি তৰ্পণৰ আঁত ধৰে সাহিত্য সভাৰ আজীৱন সভ্য হৰমোহন দাসে ৷ কণ্ঠশিল্পী আৰতি ৰায় ভাগৱতীয়ে শিল্পী দিৱস উপলক্ষে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে । তাৰপিচতে অনুষ্ঠিত হয় কাৰ্য নিৰ্বাহক সভা আৰু প্ৰতিনিধি পঞ্জীয়ন। পৰৱৰ্তী সময়ত অনুষ্ঠিত প্ৰতিনিধি সভা উদ্বোধন কৰে জিলা সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি কেশৱ চন্দ্ৰ ৰায়ে। বিয়লি ২ বজাত সত্ৰ আৰু গীত-মাতৰ অনুষ্ঠানত "সাম্প্ৰতিক পৰিস্থিতিত জ্যোতিপ্ৰসাদ আগৰৱালাৰ চিন্তাৰ প্ৰাসংগিকতা" শীৰ্ষক এক আলোচনা চক্ৰ অনুষ্ঠিত হয় ৷ অনুষ্ঠানটোৰ দ্বিতীয় দিনা বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব জিলা সাহিত্য সভাৰ অধিৱেশন ৷

লগতে চাওকঃ5 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ ঐতিহাসিক চেঙা সভা মহোৎসৱ

Intro:১৭,১৮ জানুৱাৰী বঙাইগাঁও জিলা সাহিত্য সভাৰ দ্বাদশ পুৰ্ণাঙ্গ অধিৱেশন চোকাপাৰাত । শিল্পি দিৱস উদযাপন।


Body:আজিৰে পৰা দুদিনীয়া কাৰ্যসুচিৰে বঙাইগাঁও জিলাৰ চোকাপাৰাত অনুষ্টিত হৈছে অসম সাহিত্য সভাৰ বঙাইগাঁও জিলাৰ দ্বাদশ পুৰ্ণাঙ্গ অধিৱেশন। বঙাইগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত আৰু চোকাপাৰা স্বৰ্ণ শাখা সাহিত্য সভাৰ সহযোগত চোকাপাৰাৰ ঘনদল বীণাপানী পুথিভঁৰাল আৰু সামুহিক উন্নয়ন কেন্দ্ৰত অনুষ্টিত হৈছে জিলা সাহিত্য সভাৰ এই দ্বাদশ পুৰ্ণাঙ্গ অধিৱেশনখনি । কাৰ্যসুচি অনুসৰি ৰাতিপুৱা ৮.৪৫ বজাত জিলা সভাপতি অজিত কুমাৰ দাসে সাহিত্য সভাৰ পতকা উত্তোলন কৰে,৯.১৫ বজাত সাহিত্য সভাৰ আজিৱন সদস্য হৰমোহন দাসে স্মৃতিতৰ্ণনৰ আত ধৰে । ৯.৩০ বজাত কন্ঠশিল্পি আৰতি ৰায় ভাগৱতিয়ে শিল্পি দিৱস উপলক্ষে জ্যোতিপ্ৰকাশ আগৰৱালাদেৱৰ প্ৰতিচ্ছৱিত মাল্যাৰ্পন কৰে । তাৰ পিচতে কাৰ্যনিৰ্বাহক সভা আৰু প্ৰতিনিধি পঞ্জিয়ন । জিলা সভালতিৰ সভাপতিত্বত প্ৰতিনিধি সভা অনুষ্ঠিত হয় আৰু ইয়াৰ উদ্ধোধন কৰে জিলা সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি কেশৱ চন্দ্ৰ ৰায়ে । বিয়লি ২ বজাত সত্ৰ আৰু গীতমাতৰ অনুষ্টানত " সাম্প্ৰতিক পৰিস্থিতিত জ্যোতি প্ৰসাদ আগৰৱালাৰ চিন্তাৰ প্ৰাসঙ্গিকতাৰ ওপৰত বিশেষ আলোচনা চক্ৰ অনুষ্টিত হব যত আলোচক হিচাবে থাকিব সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য কামাখ্যা প্ৰসাদ ৰায় আৰু জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ৰমেশ নাথ ।

বাইট : অজিত কুমাৰ দাস,
সভাপতি জিলা সাহিত্য সভা ।


Conclusion:কাইলৈ দ্বিতীয় দিনা বিভিন্ন কাৰ্যসুচিৰে অনুষ্টিত হব জিলা সাহিত্য সভাৰ অধিৱেশনৰ কাৰ্য্যসুচি ।


বঙাইগাঁওৰ পৰা আব্দুল মালেক আহমেদ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.