ETV Bharat / state

বৰ্খাস্ত হৈ পলায়ন বহিঃৰাজ্যৰ কোম্পানী NIPL ৰ ! শ্ৰমিকৰ মাজত হাহাকাৰ

author img

By

Published : Jan 12, 2020, 6:43 AM IST

পুনৰ অসমত বহিঃৰাজ্যৰ কোম্পানীৰ প্ৰৱঞ্চনাৰ বলি হ’ল একাধিক শ্ৰমিক ৷ ৰে’লৱে বিভাগৰ সুৰংগ নিৰ্মাণৰ কাম নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰিব নোৱাৰাত বৰ্খাস্ত হয় পলায়ন নায়ক ইনফ্ৰাচট্ৰাকচাৰ প্ৰাইভেট লিমিটেড নামৰ বহিৰাগত কোম্পানীটোৰ ৷

বৰ্খাস্ত হৈ পলায়ন বহিঃৰাজ্যৰ কোম্পানী NIPL ৰ ! শ্ৰমিকৰ মাজত হাহাকাৰ
বৰ্খাস্ত হৈ পলায়ন বহিঃৰাজ্যৰ কোম্পানী NIPL ৰ ! শ্ৰমিকৰ মাজত হাহাকাৰ

বঙাইগাঁও, 12 জানুৱাৰী: পুনৰ অসমত বহিৰাগত কোম্পানীৰ প্ৰৱঞ্চনাৰ বলি হ’ল অসমৰ থলুৱা কৰ্মচাৰী ৷ ধুবুৰী জিলাৰ ময়নাগুৰীৰ পৰা বঙাইগাঁও জিলাৰ যোগীঘোপা লৈকে চলাই থকা হৈছিল ৰে‘ল লাইন নিৰ্মাণৰ কাম । উক্ত ৰে‘ল সংযোগ লাইনৰ বাবে বঙাইগাঁও জিলাৰ খগৰপুৰ পাহাৰত সুৰংগ নিৰ্মাণৰ কাম লাভ কৰিছিল NIPL নামৰ বহিঃৰাজ্যৰ কোম্পানীটোৱে ।

পলায়ন বহিঃৰাজ্যৰ কোম্পানী NIPL ৰ
পলায়ন বহিঃৰাজ্যৰ কোম্পানী NIPL ৰ

কিন্তু নিৰ্ধাৰিত সময়ত সুৰংগৰ কাম সম্পূৰ্ণ কৰিব নোৱাৰাত অৱশেষত ৰে’ল বিভাগে কাম সামৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে বৰ্খাস্ত কৰে কোম্পানীটোক ৷ ফলত বইটামাৰীৰ খগৰপুৰত আধাতে কাম সামৰি বহু সা-সামগ্ৰী, গাড়ী, মটৰ, মেচিন এৰি পলায়ন কৰে কোম্পানীটোৱে ৷

ৰে’লৱে বিভাগ বৰ্খাস্ত কৰে NIPL নামৰ কোম্পানীটোক
ৰে’লৱে বিভাগ বৰ্খাস্ত কৰে NIPL নামৰ কোম্পানীটোক

ইপিনে কোম্পানিটোৰ পলায়নৰ পাচতেই এই কোম্পানিৰ অন্তৰ্গত কাম কৰি থকা শ্ৰমিক-কৰ্মচাৰীৰ মাজত হাহাকাৰ ৷ দৰমহা নাপাই বিপাঙত পৰিছে স্থানীয় কৰ্মচাৰী সকল ৷

নায়ক ইনফ্ৰাচট্ৰাকচাৰ প্ৰাইভেট লিমিটেড
নায়ক ইনফ্ৰাচট্ৰাকচাৰ প্ৰাইভেট লিমিটেড

বহিঃৰাজ্যৰ কোম্পানীটোৱে ভোগালী বিহুৰ প্ৰাক মূহুৰ্তত অসমীয়া কৰ্মচাৰীক প্ৰতাৰণা কৰি পলায়ন কৰা কাৰ্যক এতিয়া গৰিহণা দিছে বইটামাৰী আঞ্চলিক ছাত্ৰ সন্থাই ৷

বহিঃৰাজ্যৰ কোম্পানী NIPL ৰ পলায়ন

২০০ ত কৈও অধিক কৰ্মচাৰী, শ্ৰমিকে যোৱা প্ৰায় ৭/৮ মাহে দৰমহাৰ পৰা বঞ্চিত হৈ আছে । কোম্পানীটোৱে পলায়ন কৰাত এতিয়া স্থানীয় শ্ৰমিকৰ লগতে বিভিন্ন জিলাৰ কৰ্মচাৰীয়ে অনিশ্চয়তাত দিন কটাবলগীয়া হৈছে । সকলোৰে দাবী পাবলগীয়া ধন সমূহ মোকলাই দিয়ে ৷

Intro:অসমত পুণৰ বহিঃ ৰাজ্যৰ কোম্পানীৰ শ্ৰমিক/ কৰ্মচাৰীক প্ৰৱঞ্চনা কৰি পলায়ন ।
ৰেলৱে বিভাগৰ সুৰংগ নিৰ্মাণ কৰি আছিল নায়ক ইনফ্ৰাচট্ৰাকচাৰ প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটো। ৰেল বিভাগে বৰ্খাস্ত কৰিলে কোম্পানীক৷


Body:ধুবুৰী জিলাৰ ময়নাগুৰীৰ পৰা বঙাইগাঁও জিলাৰ যোগীঘোপা লৈকে নিৰ্মাণ হৈ আছে ৰেল লাইন ৰ কাম । আৰু উক্ত ৰেল সংযোগৰ বঙাইগাঁও জিলাৰ খগৰপুৰ পাহাৰত সুৰংগ নিৰ্মাণ কৰি আছিল NIPL নামৰ কোম্পানীটোৱে । নিৰ্ধাৰিত সময়ত সুৰংগৰ কাম সম্পূৰ্ণ কৰিব নোৱাৰাৰ বাবে ৰেল বিভাগে কাম সামৰিবলৈ নিৰ্দেশ দিয়ে আৰু কোম্পানীয়ে কাম বন্ধ কৰি দিয়ে ,ৰেল বিভাগে বৰ্খাস্ত কৰে কোম্পানিটোক৷
বইটামাৰীৰ খগৰপুৰত এনেদৰে কোম্পানীৰ বহুতো সা সামগ্ৰী,গাড়ী,মটৰ,মেচিন এৰি পলায়ন৷দৰমহা নাপাই বিপাঙত শ্ৰমিক- কৰ্মচাৰী৷ ইপিনে অসমীয়াৰ অতিকে আদৰৰ ভোগালি বিহু সমাগত ।

Byte.... কৰ্মচাৰী৷

বহিঃ ৰাজ্যৰ কোম্পানীয়ে ভোগালী বিহুৰ সময়ত অসমীয়াক প্ৰতাৰণা কৰি পলায়ন কৰা কাৰ্য্যক গৰিহণা দিয়ে বইটামাৰী আঞ্চলিক ছাত্ৰ সন্থাই আৰু শ্ৰমিকৰ মুজুৰী/ দৰমহা প্ৰদান কৰিবলৈ দাবী জনায় ।

Byte..আছুৰ,নেতা,




Conclusion:উক্ত কোম্পানীৰ প্ৰায় ৭/৮ মাহ খেলিমেলি হোৱাৰ বাবে ২০০ শৰ অধিক কৰ্মচাৰী আৰু শ্ৰমিকে দৰমহাৰ পৰা বঞ্চিত । বিগত 7/8 মাহে পোৱা নাই দৰমহা৷ বিহুৰ প্ৰাকক্ষণত দা, দৰমহা নাপাই হাহাকাৰ স্থানীয় কৰ্মচাৰী/ শ্ৰমিক লোকৰ৷ দৰমহা দিব নোৱাৰি পলাযন কোম্পানীৰ বিষয়া সকলৰ৷ আজিৰ পৰা এক সপ্তাহ আগতসম্পূৰ্ণ ৰূপে বন্ধ কৰি এজন এজনকৈ পলায়ন কৰে বিষয়া সকল । স্থানীয় শ্ৰমিকৰ লগতে বিভিন্ন জিলাৰ কৰ্মচাৰীয়ে এতিয়া অনিশ্চয়তাত দিন কটাবলগীয়া হৈছে ।

বঙাইগাঁওৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.