ETV Bharat / state

ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম কঢ়িওৱা চাইক্লিষ্ট চয়নিকা গগৈক বিশ্বনাথত উষ্ণ অভিনন্দন

author img

By

Published : Jun 27, 2022, 8:03 PM IST

বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠা প্ৰতিভাৱান চাইক্লিষ্ট চয়নিকা গগৈক (Cyclist Chayanika Gogoi) গৃহ জিলাত উষ্ণ অভিনন্দন । এছিয়ান চাইক্লিং চেম্পিয়নশ্বিপ (Asian cycling championship)ত আঁজুৰি আনিলে ব্ৰঞ্জৰ পদক ।

a
a

বিশ্বনাথ, ২৭ জুন : চাইক্লিঙৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠা বিশ্বনাথ জিলাৰ গৌৰৱ তথা প্ৰতিভাশালী চাইক্লিষ্ট চয়নিকা গগৈক (Cyclist Chayanika Gogoi) আজি গৃহ জিলাত উষ্ণ অভিনন্দন জনোৱা হয় । বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত (Biswanath District Administrative) আয়োজিত বিশ্বনাথ জিলা ষ্টেডিয়ামত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত বিশ্বনাথ জিলাৰ লগতে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই অনা চয়নিকা গগৈক আজি বিশ্বনাথ জিলা প্ৰশাসন, বিধায়কদ্বয় প্ৰমোদ বৰঠাকুৰ, উৎপল বৰা (MLA Pramod Borthakur and Utpal Bora), বিশ্বনাথ জিলা ক্ৰীড়া সন্থাৰ লগতে ভালেসংখ্যক অনুষ্ঠান-প্ৰতিষ্ঠানে শৰাই, গামোচা, অভিনন্দন-পত্ৰ আদিৰে এনে বিৰল সাফল্যৰ বাবে উষ্ণ অভিনন্দন জনাই শুভেচ্ছাৰে উপচাই দিয়ে ।

বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক তথা জিলা ক্ৰীড়া সন্থাৰ সভাপতি প্ৰমোদ বৰঠাকুৰ, গহপুৰ বিধানসভা সমষ্টিৰ বিধায়ক উৎপল বৰা, বিশ্বনাথৰ উপায়ুক্ত (Biswanath DC) মুনীন্দ্ৰ নাথ ঙাটে, আৰক্ষী অধীক্ষক নবীন সিং, অতিৰিক্ত উপায়ুক্তদ্বয় লিজা তালুকদাৰ, বিশ্বজিৎ শইকীয়া, সহকাৰী আয়ুক্ত অনন্যা লহকৰ, জিলা ক্ৰীড়া বিষয়া, শোণিতপুৰ ফণীন্দ্ৰ কুমাৰ মুদৈ, বিশ্বনাথ চাৰিআলি পৌৰসভাৰ অধ্যক্ষ অমৰজ্যোতি বৰঠাকুৰ, বিশ্বনাথ জিলা ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি অপূৰ্ব দাস, সম্পাদক ৰাতুল শইকীয়া প্ৰমুখ্যে বিষয়ববীয়া তথা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ভালেসংখ্যক ক্ৰীড়ানুৰাগীৰ উপস্থিতিত অনুষ্ঠিত হয় এই বিশেষ অভিনন্দন অনুষ্ঠান ।

চয়নিকা গগৈক সম্বৰ্ধনা
চয়নিকা গগৈক সম্বৰ্ধনা

কৃতী চাইক্লিষ্ট চয়নিকা গগৈক (Cyclist Chayanika Gogoi) বিশ্বনাথ চাৰিআলি ষ্টেডিয়ামলৈ প্ৰথমে ঢোলে-দগৰে আদৰি অনা হয় আৰু জিলা প্ৰশাসনৰ হৈ উপায়ুক্ত, ক্ৰীড়া বিষয়া তথা কাৰ্যালয়ৰ কৰ্মচাৰী গোট, শাৰীৰিক শিক্ষা নিৰ্দেশক সন্থা, জিলা ক্ৰীড়া সন্থা, বিশ্বনাথ আৰু গহপুৰৰ বিধায়কদ্বয়, আৰক্ষী অধীক্ষক, বিশ্বনাথ চাৰিআলি পৌৰসভা, জ্যেষ্ঠ নাগৰিক সন্থা, চেম্বাৰ্ছ অব্ কমাৰ্চ, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, উদ্দীপ্ত চ'ৰা, বিশ্বনাথৰ মৎস্যজীৱী সমিতি আদিয়ে অভিনন্দন জ্ঞাপন কৰে । এই অনুষ্ঠানতে বিশ্বনাথ জিলাৰ গৌৰৱ চাইক্লিষ্ট চয়নিকা গগৈৰ প্ৰশিক্ষক জীৱন বৰা আৰু পিতৃ-মাতৃ ক্ৰমে কৃষক মৃদুল গগৈ আৰু পবিত্ৰা গগৈকো বিপুল সম্বৰ্ধনা জনোৱা হয় ।

বিদ্যুৎ শৰ্মাই আঁত ধৰা অনুষ্ঠানত নাতিদীৰ্ঘ ভাষণত চয়নিকা গগৈক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰি বিধায়কদ্বয় প্ৰমোদ বৰঠাকুৰ আৰু উৎপল বৰা, উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেই কৃতী খেলুৱৈগৰাকীৰ এনে কৃতিত্বই ক্ৰীড়ানুৰাগী জিলাখনৰ যুৱক যুৱতীসকলক অফুৰন্ত প্ৰেৰণা যোগাব বুলি মন্তব্য কৰে । খেলুৱৈ চয়নিকাইও সম্বৰ্ধনাৰ প্ৰত্যুত্তৰত তেওঁৰ কৃতকাৰ্যতাৰ আঁৰৰ সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে । চয়নিকাক গহপুৰৰ বিধায়ক উৎপল বৰাই পঞ্চাছ হাজাৰ টকা আৰু বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে দহ হাজাৰ টকাৰ আৰ্থিক অনুদান আগবঢ়োৱাৰ কথা অনু্ষ্ঠানটিত ঘোষণা কৰাৰ লগতে জিলাখনৰ সুপ্ত ক্ৰীড়া প্ৰতিভাক বিকশিত কৰাৰ স্বাৰ্থতে বিশ্বনাথ চাৰিআলি ষ্টেডিয়ামক অত্যাধুনিক ৰূপ দিয়াৰ লগতে আন্তঃগাঁথনি উন্নয়নৰ বাবে পঞ্চাছ কোটি টকাৰ অনুমোদন হোৱা বুলি সভাত উপায়ুক্তই প্ৰকাশ কৰে ।

লগতে উক্ত কাম অচিৰেই আৰম্ভ হ'ব বুলিও জানিবলৈ দিয়ে । উল্লেখ্য যে যোৱা ১৮ জুনৰ পৰা ২২ জুনলৈ নতুন দিল্লীত অনুষ্ঠিত হোৱা ৪১ সংখ্যক ছিনিয়ৰ আৰু ২৮ সংখ্যক জুনিয়ৰ এছিয়ান চাইক্লিং চেম্পিয়নশ্বিপত (Asian cycling championship) চাৰি কিলোমিটাৰ টীম পাৰচুইট্ ইভেন্ট (Team Pursuit Event) আৰু দহ কিলোমিটাৰ স্ক্ৰেটচ্ ৰেচ (Scratch Race)ত ভাৰতৰ হৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ব্ৰঞ্জৰ মেডেল লাভ কৰি গৌৰৱৰ অধিকাৰী হৈছে অসমৰ প্ৰতিভাশালী চাইক্লিষ্ট চয়নিকা গগৈ ।

বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ অন্তৰ্গত ডুবিয়া বড়িগাঁও নিবাসী, কৃষক মৃদুল গগৈ আৰু পবিত্ৰা গগৈৰ সুযোগ্য সন্তান চয়নিকা গগৈৰ এনে কৃতিত্বত কেৱল জন্মভূমিৰ ৰাইজেই নহয়, সমগ্ৰ বিশ্বনাথ জিলাবাসীয়েই গৌৰৱ অনুভৱ কৰিছে । প্ৰতিভাধৰ চাইক্লিষ্টগৰাকীয়ে ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন চাইক্লিং প্ৰতিযোগিতাত একাধিক সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আঁজুৰি আনিবলৈ সক্ষম হৈছে । প্ৰণিধানযোগ্য যে ক্ৰীড়াৰ সমান্তৰালকৈ শৈক্ষিক দিশটো আগুৱাই নিবলৈ সম্প্ৰতি প্ৰতিভাধৰ চাইক্লিষ্টগৰাকীয়ে পঞ্জাবৰ গুৰুনানকদেৱ বিশ্ববিদ্যালয়ত স্নাতক প্ৰথম বৰ্ষত নামভৰ্তি কৰিছে ।

লগতে পঢ়ক: সৰ্বভাৰতীয় পৰ্যায়ৰ খেলত উজলিল চাচনীৰ বোৱাৰী মৰম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.