11 বজাৰ দহটা শীৰ্ষ সংবাদ

author img

By

Published : Oct 15, 2021, 11:08 AM IST

top10 news

11 বজাৰ দহটা শীৰ্ষ সংবাদ...

11 বজাৰ দহটা শীৰ্ষ সংবাদ-

দিনজোৰা কাৰ্যসূচীৰে বৰপেটা সত্ৰত পালন কৰা হ’ব মহাপুৰুষ শংকৰদেৱৰ আবিৰ্ভাৱ মহোৎসৱ

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ(Sankardev Janmotsav) উপলক্ষে বৰপেটা সত্ৰত দিনজোৰা কাৰ্যসূচী ৷ হৰিনাম কীৰ্তনৰ ধ্বনিত মুখৰিত হৈ পৰিছে সত্ৰনগৰী বৰপেটা(Barpeta Satra)ৰ চৌপাশ ৷ নাম-প্ৰসংগৰে পাচতে এক ভাগৱত শোভাযাত্ৰাও উলিয়াব ভকত-বৈষ্ণৱসকলে ৷

মহানৱীৰ দিনটোতে ব্যতিক্ৰমী প্ৰতিবাদ বিধায়ক আব্দুল বাতিন খন্দকাৰৰ

মহানৱমীৰ দিনটোতে ব্যতিক্ৰমী ৰূপত দেখা গ’ল ৩৪ নং অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টিৰ বিধায়ক আব্দুল বাতিন খন্দকাৰক ৷ মহানৱমীৰ দিনটোত পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত বিধায়কগৰাকীয়ে চাইকেল চলাই মণ্ডপে মণ্ডপে দেৱীৰ দৰ্শন কৰে ৷ মূল্যবৃদ্ধি সন্দৰ্ভত মন্তব্য কৰি বিধায়ক আব্দুল বাতিন খন্দকাৰে অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কৰা মন্তব্যক তীব্ৰ সমালোচনা কৰে ৷

সিংঘু সীমান্তত নৃশংস হত্যাকাণ্ড

সিংঘু সীমান্তত থকা কৃষকৰ প্ৰতিবাদস্থলীৰ সমীপতে উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ । আৰক্ষীৰ বেৰিকেডৰ ওপৰত ওলমাই থোৱা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো ।

Indian Air Force ৰ শক্তি বৃদ্ধিৰ বাবে আহি পালে Rafale fighter aircraft

আকাশ মাৰ্গত ভাৰতৰ সামৰিক শক্তি বৃদ্ধি কৰি ফ্ৰান্সৰ পৰা আহি গুজৰাটৰ জামনগৰ এয়াৰবেচত উপস্থিত হ’ল তিনিখনকৈ ৰাফেল যুঁজাৰু বিমান ৷ সবিশেষ জানো আহক ৷

বৰপেটাৰোডত বৃহৎ জাপিৰ আকৃতিৰ পূজা মণ্ডপ

বৰপেটাৰোডৰ এখন বিশেষ পূজাই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷ বৰপেটাৰোডৰ মুৰি বজাৰত জাপিৰ আকাৰত সাজি উলিওৱা হৈছে এখন বিশেষ পূজা মণ্ডপ ৷ বৰেপটাৰোডৰ নেতাজী সংঘৰ দ্বাৰা আয়োজিত এই পূজা মণ্ডপটোৰ উচ্চতা প্ৰায় 80 ফুট ৷ স্থানীয় শিল্পীয়ে বাঁহ-খেৰ-বেতেৰে প্ৰায় এমাহজোৰা প্ৰচেষ্টাৰ অন্তত সাজি উলিয়াইছে মণ্ডপটো ৷ পূজা মণ্ডপটো দৰ্শনৰ বাবে বিভিন্ন ঠাইৰ পৰা দৰ্শকে আহি ভিৰ কৰা পৰিলক্ষিত হয় মহানৱমীৰ দিনটোত ৷

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 573 সংখ্যক জন্ম জয়ন্তী

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ(Srimanta Sankardev)ৰ জন্ম জয়ন্তী(Birth Anniversary) ৷ গুৰুজনাৰ জন্ম জয়ন্তী (Sankardev Janmotsav) উপলক্ষে প্ৰদীপৰ আলোকেৰে দৃষ্টিনন্দন হৈ পৰাৰ লগতে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিব ৰাজ্যৰ সত্ৰসমূহ ৷

নামনিৰ অসমীয়াই চেলেং চিনি নাপায় : ফণীভূষণ চৌধুৰী

১৯৮৫ চনৰ ১৪ অক্টোবৰত প্ৰতিষ্ঠা হোৱা অসম গণ পৰিষদ দলে বৃহস্পতিবাৰে পালন কৰিলে প্ৰতিষ্ঠা দিৱস । বৃহস্পতিবাৰৰ দিনটোত শিৱসাগৰ জিলাৰ ডিমৌত দলটোৱে ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে । প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা মুকলি সভাত দলটোৰ শীৰ্ষ নেতা ফণীভূষণ চৌধুৰীয়ে নিজা অভিভাষণ প্ৰংসগত উজনি অসমৰ লগত নামনি অসমৰ মানুহক তুলনা কৰি এক বিতৰ্কিত মন্তব্য কৰে ।

ৰাজ্যত একেদিনাই ক’ভিড আক্ৰান্তৰ হাৰ ০.৮৫ শতাংশৰ পৰা ১.৫৩ শতাংশলৈ বৃদ্ধি

ৰাজ্যখনত বৃহস্পতিবাৰৰ দিনটোত মাত্র ১৩,৫৪৮ গৰাকী লোকৰ ক'ভিড টেষ্ট কৰা হৈছিল । ইয়াৰে ২০৭ গৰাকী লোকৰ দেহত ক'ভিডৰ উপস্থিতি ধৰা পৰে । ইয়াৰে দুজন লোকে ক'ভিডত প্ৰাণ হেৰুৱাই। ক'ভিড টেষ্টৰ সংখ্যা বৃদ্ধি হ'লে আক্ৰান্তৰ হাৰ আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।

অগপ শক্তিশালী হোৱা মানে অসমৰ আঞ্চলিকতাবাদ শক্তিশালী হোৱা : অতুল বৰা

1985 চনৰ আজিৰ দিনটোতে অসমৰ ৰাজনৈতিক জগতত নতুন আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদে জন্ম গ্ৰহণ কৰিছিল । আজি সেই অসম গণ পৰিষদ নামেৰে প্ৰতিষ্ঠা লাভ কৰা দলটোৱে ৩৭ টা বছৰত ভৰি দিলে । বোকাখাত বিধান পৰিষদ সমিতিয়ে বোকাখাতৰ স্থায়ী ভৱনত দিনজোৰা কাৰ্যসূচীৰে পালন কৰিছে অগপৰ প্ৰতিষ্ঠা দিৱস ।

Sela tunnel ৰ অন্তিম বিস্ফোৰণ ঘটালে প্ৰতিৰক্ষা মন্ত্ৰীয়ে

সফলভাৱে সম্পন্ন হ'ল Sela tunnel ৰ চূড়ান্ত বিস্ফোৰণ ৷ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে (Defence Minister Rajnath Singh) ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে চেলা সুৰংগৰ অন্তিমটো বিস্ফোৰণ ঘটায় ৷ চেলা মুখ্য সুৰংগৰ বিস্ফোৰণে BRO ৰ কঠোৰ পৰিশ্ৰম তথা দেশৰ নিৰাপত্তা আৰু আৰ্থ-সামাজিক উন্নয়নৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতিক প্ৰমাণ কৰিছে বুলি মন্তব্য ৰাজনাথ সিঙৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.