ETV Bharat / state

ৰাজ্যত একেদিনাই ক’ভিড আক্ৰান্তৰ হাৰ ০.৮৫ শতাংশৰ পৰা ১.৫৩ শতাংশলৈ বৃদ্ধি

author img

By

Published : Oct 14, 2021, 10:46 PM IST

covid positive rate
ক’ভিড আক্ৰান্তৰ হাৰ

ৰাজ্যখনত বৃহস্পতিবাৰৰ দিনটোত মাত্র ১৩,৫৪৮ গৰাকী লোকৰ ক'ভিড টেষ্ট কৰা হৈছিল । ইয়াৰে ২০৭ গৰাকী লোকৰ দেহত ক'ভিডৰ উপস্থিতি ধৰা পৰে । ইয়াৰে দুজন লোকে ক'ভিডত প্ৰাণ হেৰুৱাই। ক'ভিড টেষ্টৰ সংখ্যা বৃদ্ধি হ'লে আক্ৰান্তৰ হাৰ আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।

গুৱাহাটী, ১৪ অক্টোবৰ : শাৰদীয় দুৰ্গোৎসৱৰ উখল-মাখল পৰিৱেশৰ মাজতে বৃদ্ধি পাইছে কৰ'ণাৰ সংক্ৰমণৰ হাৰ । একেদিনাই কৰ'ণা আক্ৰান্তৰ হাৰ ০.৮৫ শতাংশৰ পৰা ১.৫৩ শতাংশলৈ বৃদ্ধি পালে । ৰাজ্যখনত বৃহস্পতিবাৰে মাত্র ১৩,৫৪৮ গৰাকী লোকৰ ক'ভিড টেষ্ট কৰা হৈছিল । ইয়াৰে ২০৭ গৰাকী লোকৰ দেহত ক'ভিডৰ উপস্থিতি ধৰা পৰে । শতকৰা হিচাপত আক্ৰান্তৰ হাৰ ১.৫৩ শতাংশ ।

covid positive
ৰাজ্যত একেদিনাই ক’ভিড আক্ৰান্তৰ হাৰ ০.৮৫ শতাংশৰ পৰা ১.৫৩ শতাংশলৈ বৃদ্ধি

বৃহস্পতিবাৰে দুজন লোকে ক'ভিডত প্ৰাণ হেৰুৱাই । ক'ভিড টেষ্টৰ সংখ্যা বৃদ্ধি হ'লে আক্ৰান্তৰ হাৰ আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । বুধবাৰৰ দিনটোত আক্ৰান্তৰ হাৰ আছিল ০.৮৫ শতাংশ আৰু ২০,৬৫৩ গৰাকী লোকৰ ক'ভিড টেষ্ট কৰা হৈছিল । ইয়াৰ ভিতৰত ১৭৫ গৰাকী ক'ভিড পজিটিভ হয় । বুধবাৰে ক'ভিডত দুজন লোকৰ মৃত্যু হয় ।

ইফালে গুৱাহাটী মহানগৰীত বুধবাৰে ৮২ গৰাকী লোক ক'ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে বৃহস্পতিবাৰৰ দিনটোত ১০১ গৰাকী লোক আক্ৰান্ত হয় । সেইদৰে মঙলবাৰৰ দিনটোত আক্ৰান্তৰ হাৰ আছিল ০.৭৮ শতাংশ আৰু ক'ভিড টেষ্ট কৰা হৈছিল ২৮,৯৫৪ গৰাকী লোকৰ । ইয়াৰে ২২৬ গৰাকীৰ দেহত ক'ভিডৰ উপস্থিতি ধৰা পৰে । মঙলবাৰে ক'ভিডত ৩ গৰাকী লোকে প্ৰাণ হেৰুৱাই আৰু গুৱাহাটী মহানগৰীত আক্ৰান্ত হৈছিল ৭৬ গৰাকী লোক । বিগত তিনিদিনৰ পৰিসংখ্যাৰ এইটো স্পষ্ট যে আক্ৰান্তৰ হাৰ ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে ।

উল্লেখ্য যে, ৰাজ্য চৰকাৰে কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰি শাৰদীয় দুৰ্গোৎসৱ উদযাপন কৰাৰ অনুমতি প্ৰদান কৰিছে যদিও বহুক্ষেত্রত সেই নীতি-নিৰ্দেশনা মানি চলা পৰিলক্ষিত হোৱা নাই । ক’তো কোনেও মানি চলা নাই শাৰীৰিক ব্যৱধান । আনহাতে প্ৰায় সংখ্যক লোকেই মাস্ক পৰিধান নকৰাকৈয়ে পূজা চাবলৈ ওলাই আহিছে । পূজাৰ পূৰ্বেও বজাৰে-সমাৰে হোৱা ভিৰৰ মাজতো ক’ৰবাত হেৰাই গৈছিল ক'ভিড সম্পৰ্কীয় সকলো নীতি-নিৰ্দেশনা । পূজাৰ কেইদিনটো পদে পদে উলংঘা কৰা হৈছিল ক'ভিড প্ৰটক'ল । যাৰ পৰিণাম স্বৰূপে হয়টো ক'ভিডে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক : চিকিৎসালয়ত নাৰ্ছক যৌন নিৰ্যাতন সহকৰ্মীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.