চিকিৎসালয়ত নাৰ্ছক যৌন নিৰ্যাতন সহকৰ্মীৰ

author img

By

Published : Oct 14, 2021, 10:11 PM IST

molestation-of-a-nurse-in-hospital-by-colleauge

কৰ্তব্যৰত অৱস্থাত এগৰাকী নাৰ্ছক যৌন নিৰ্যাতন চলাই ৰঙা ঘৰৰ আলহী হৈছে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ৷ সবিশেষ জানো আহক ৷

গোলাঘাট, 14 অক্টোবৰ : ৰাজ্যৰ এখন চিকিৎসালয়ৰ এগৰাকী কৰ্মচাৰীয়ে এগৰাকী নাৰ্ছক যৌন নিৰ্যাতন চলোৱা বুলি উত্থাপিত হৈছে অভিযোগ । গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা । চিকিৎসালয়খনৰ এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ এই অভিযোগ উত্থাপন কৰিছে এগৰাকী নাৰ্ছে ।

চিকিৎসালয়ত নাৰ্ছক যৌন নিৰ্যাতন সহ কৰ্মীৰ

জানিব পৰা মতে, বুধবাৰে নিশা কৰ্তব্যৰত অৱস্থাতেই নাৰ্ছগৰাকীক কৰ্মস্থলীতে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সুৰেশ বড়িৰ বিৰুদ্ধে । উল্লেখযোগ্য যে, নিশা চিকিৎসালয়খনৰ আপাতকালীন কক্ষত নিয়োজিত আছিল নাৰ্ছ গৰাকী সহ অভিযুক্ত সুৰেশ বড়ি । ভুক্তভোগী নাৰ্ছগৰাকীয়ে ঘটনাৰ বিষয়ে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষকক দাখিল কৰিছে এক লিখিত অভিযোগ ।

এই অভিযোগৰ ভিত্তিতেই গোলাঘাট আৰক্ষীয়ে আটক কৰে অভিযুক্ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী জনক । সম্প্ৰতি গোলাঘাট আৰক্ষী থানাৰ আলহী হৈছে অভিযুক্ত সুৰেশ বড়ি ৷

লগতে পঢ়ক : গৃহ সমষ্টিৰ পূজা মণ্ডপে-মণ্ডপে মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.