Indian Air Force ৰ শক্তি বৃদ্ধিৰ বাবে আহি পালে Rafale fighter aircraft

author img

By

Published : Oct 14, 2021, 7:10 PM IST

Updated : Oct 14, 2021, 7:27 PM IST

iaf-gets-boost-as-3-more-rafale-jets-reach-jamnagar-from-fance
Indian Air Force ৰ শক্তি বৃদ্ধিৰ বাবে আহি গ’ল rafel fighter aircraft ()

আকাশ মাৰ্গত ভাৰতৰ সামৰিক শক্তি বৃদ্ধি কৰি ফ্ৰান্সৰ পৰা আহি গুজৰাটৰ জামনগৰ এয়াৰবেচত উপস্থিত হ’ল তিনিখনকৈ ৰাফেল যুঁজাৰু বিমান ৷ সবিশেষ জানো আহক ৷

ইন্টাৰনেশ্বনেল ডেস্ক, 14 অক্টোবৰ : ফ্ৰান্সৰ পৰা আৰু ৩ খন ৰাফেল (Rafale) জেট জামনগৰত উপস্থিত হোৱাৰ লগে লগে উৎসাহিত হৈ পৰিছে Indian Air Force (IAF) ৷ আকাশ মাৰ্গত ভাৰতৰ সামৰিক শক্তি বৃদ্ধিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব এই বিমান কেইখনে ৷ বুধবাৰে ফ্ৰান্সৰ পৰা আহি গুজৰাটৰ জামনগৰ এয়াৰবেচত এই তিনিখন ৰাফেল যুঁজাৰু বিমান উপস্থিত হয় । শেহতীয়া তিনিখন বিমানৰ আগমনৰ লগে লগে, ভাৰতে ফ্ৰান্সৰ পৰা অৰ্ডাৰ দিয়া মুঠ ৩৬ খন যুঁজাৰু বিমানৰ ভিতৰত এতিয়ালৈকে ২৯ খন লাভ কৰিলে ।

চলিত মাহৰ আৰম্ভণিতে এয়াৰ চীফ মাৰ্চেল ভি আৰ চৌধুৰীয়ে ভাৰতীয় বায়ু সেনাৰ মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত, ফ্ৰান্সৰ পৰা অহা এইটোৱে হৈছে ৰাফেল (Rafale) যুঁজাৰু বিমানৰ প্ৰথমটো বেটচ্ । যদি পৰিকল্পনা অনুসৰি সকলো ঠিকেই থাকে, তিনিখন বিমানৰ পৰৱৰ্তী consignment 30, 31 ডিচেম্বৰৰ প্ৰথমাৰ্ধৰ ভিতৰত ভাৰতত উপস্থিত হ'ব ৷

আনহাতে, অন্তিম তিনিখন যুদ্ধ বিমানে ভাৰতৰ 73 তম গণতন্ত্ৰ দিৱসৰ দিনা অৰ্থাৎ 26 জানুৱাৰী 2022 ৰ ভিতৰত operational squadronত যোগদান কৰিব ।

ফ্ৰান্সৰ পৰা অহা ৰাফেল জেটবোৰ আম্বালা এয়াৰবেছত Golden Arrows Squadron আৰু পশ্চিমবংগৰ হাছিমাৰাত থকা 101 Squadron ৰ মাজত বিভক্ত কৰা হ'ব । 36 নং ৰাফেল যুঁজাৰু বিমানখনে বৰ্ধিতকৰণৰ ষ্টক লৈ আহিব, যাৰ ফলত ই আৰু অধিক শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিব । উল্লেখযোগ্য যে, ফ্ৰান্সৰ সামৰিক সঁজুলি নিৰ্মাতা ডাচল্ট এভিয়েশ্যনে ৰাফেল জেট তৈয়াৰ কৰে ।

লগতে পঢ়ক : Suicide or murder : কাৰাগাৰৰ শৌচালয়ত কিয় আত্মহত্যা কৰিলে হাচিবুলে ?

Last Updated :Oct 14, 2021, 7:27 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.