Sela tunnel ৰ অন্তিম বিস্ফোৰণ ঘটালে প্ৰতিৰক্ষা মন্ত্ৰীয়ে

author img

By

Published : Oct 14, 2021, 6:06 PM IST

Sela tunnel ৰ অন্তিমটো সুৰংগৰ বিস্ফোৰণ ঘটালে প্ৰতিৰক্ষা মন্ত্ৰীয়ে
Sela tunnel ৰ অন্তিমটো সুৰংগৰ বিস্ফোৰণ ঘটালে প্ৰতিৰক্ষা মন্ত্ৰীয়ে ()

সফলভাৱে সম্পন্ন হ'ল Sela tunnel ৰ চূড়ান্ত বিস্ফোৰণ ৷ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে (Defence Minister Rajnath Singh) ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে চেলা সুৰংগৰ অন্তিমটো বিস্ফোৰণ ঘটায় ৷ চেলা মুখ্য সুৰংগৰ বিস্ফোৰণে BRO ৰ কঠোৰ পৰিশ্ৰম তথা দেশৰ নিৰাপত্তা আৰু আৰ্থ-সামাজিক উন্নয়নৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতিক প্ৰমাণ কৰিছে বুলি মন্তব্য ৰাজনাথ সিঙৰ ৷

নেশ্যনেল ডেস্ক , 14 অক্টোবৰ : ১৩,০০০ ফুটতকৈ ওপৰৰ উচ্চতাত বিশ্বৰ আটাইতকৈ দীঘল দ্বি-লেন সুৰংগ 'চেলা টানেল' ৰ টানেল (টি-২)ৰ অন্তিমটো বিস্ফোৰণ সফলভাৱে সম্পন্ন ৷ বৃহস্পতিবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে(Defence Minister Rajnath Singh) ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে চেলা সুৰংগৰ অন্তিমটো বিস্ফোৰণ ঘটায় ৷

Rajnath Singh flags off BRO's motorcycle expedition
ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে চেলা সুৰংগৰ অন্তিমটো বিস্ফোৰণ

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে বৃহস্পতিবাৰে ৰাজধানীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ পৰা সীমান্ত পথ সংস্থাৰ(Border Roads Organisation) মটৰচাইকেল অভিযানৰ(motorcycle expedition) শুভাৰম্ভ কৰাৰ লগতে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে অৰুণাচল প্ৰদেশৰ চেলা সুৰংগৰ চূড়ান্ত বিস্ফোৰণ উপলক্ষে আয়োজিত অনুষ্ঠানত সভাপতিত্ব কৰে ৷

অনুষ্ঠানটোত ভাষণ দি সিঙে দেশৰ নিৰাপত্তা আৰু আৰ্থ-সামাজিক উন্নয়নৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদানৰ বাবে BRO ক প্ৰশংসা কৰে আৰু কয় যে, সংগঠনটো তেওঁলোকৰ মূলমন্ত্ৰ 'শ্ৰমেনা সৰ্বম সাধ্যম'ৰ প্ৰতি সম্পূৰ্ণৰূপে সমৰ্পিত ৷

ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ পৰা BRO ই আৰম্ভ কৰা মটৰচাইকেল অভিযান দেশৰ বাবে প্ৰাণ উৎসৰ্গা কৰা বীৰ শ্বহীদসকলৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি বুলি মন্তব্য কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, চেলা মুখ্য সুৰংগৰ বিস্ফোৰণে BRO ৰ কঠোৰ পৰিশ্ৰম তথা দেশৰ নিৰাপত্তা আৰু আৰ্থ-সামাজিক উন্নয়নৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতিক প্ৰমাণ কৰিছে ৷

Rajnath Singh flags off BRO's motorcycle expedition
চেলা মুখ্য সুৰংগৰ বিস্ফোৰণে BRO ৰ কঠোৰ পৰিশ্ৰম প্ৰমাণ কৰিছে বুলি মন্তব্য ৰাজনাথ সিঙৰ

তেওঁ লগতে কয়, "Rohtangৰ Atal Tunnel হওক বা Umling-la ত নিৰ্মিত বিশ্বৰ সৰ্বোচ্চ motorable pass হওক, বিগত কেইবছৰমানৰ পৰা BRO সফলতা এক আলোচনাৰ বিষয় হৈ আহিছে ৷ এতিয়া 'চেলা টানেল' এই তালিকাত সন্নিৱিষ্ট হ'ব, যি ১৩,০০০ ফুটতকৈ ওপৰৰ উচ্চতাত বিশ্বৰ আটাইতকৈ দীঘল দ্বি-লেন সুৰংগ হ'ব" ৷

সিঙে জানিবলৈ দিয়া মতে, BRO মটৰচাইকেল অভিযানত ৭৫ জন BRO, ভাৰতীয় সেনা আৰু GREF personnelয়ে অংশগ্ৰহণ কৰিব ৷ এওঁলোকে দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মাজেৰে পাৰ হৈ প্ৰায় ২০,০০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব ৷

লগতে পঢ়ক : PM Gati Shakti National Master Plan : সবিশেষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.