ETV Bharat / state

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ সাংবাদিকৰ আৰ্থিক অনুদান

author img

By

Published : Jun 15, 2021, 12:03 PM IST

reporter sends financial support to cm relief fund
মুখ্যমন্ত্ৰীৰ সাহায্য পূঁজিলৈ সাংবাদিকৰ আৰ্থিক অনুদান

অব্যাহত আছে ক’ভিডৰ বিৰুদ্ধে ৰাজ্যবাসীৰ যুদ্ধ ৷ সোমবাৰে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বিশ্বনাথৰ জ্যেষ্ঠ সাংবাদিকে আগবঢ়ালে আৰ্থিক অনুদান ৷

বিশ্বনাথ, 15 জুন : সমগ্ৰ দেশৰ লগতে অসমতো কৰ’ণাই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে । ৰাজ্যবাসী তথা চৰকাৰে ক’ভিডক পৰাস্ত কৰাৰ ক্ষেত্ৰত যথোপযুক্ত ব্যৱস্থা হাতত লৈ ঘোষণা কৰিছে যুদ্ধৰ । কৰ’ণাৰ বিৰুদ্ধে চলি থকা এই অবিৰত যুদ্ধখন জয় কৰাৰ বাবে ৰাজ্যৰ চৰকাৰখনক বিভিন্ন উদ্যোগ, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে ইতিমধ্যে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ যোগেদি আৰ্থিক সাহায্য আগবঢ়াই আহিছে ।

সোমবাৰে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ জৰিয়তে বিশ্বনাথৰ জ্যেষ্ঠ সাংবাদিক(senior journalist) তথা ক্ৰীড়া সংগঠক ৰতন ভূঞাই সাধ্যানুসৰি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি(cm relief fund) লৈ দুই হেজাৰ টকাৰ আৰ্থিক অনুদান আগবঢ়ায় ।

লগতে পঢ়ক: ঐতিহাসিক দলং সংৰক্ষণৰ অনুৰোধ জনাই মুখ্যমন্ত্ৰীলৈ পত্ৰ বিধায়ক অখিল গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.