ETV Bharat / state

আইচক্ৰীমত বিষাক্ত পতংগ: খাওতে সাৱধান হওঁক...

author img

By

Published : May 28, 2022, 7:39 PM IST

আইচক্ৰীমত বিষাক্ত পতংগ: খাওতে সাৱধান হওঁক
আইচক্ৰীম খাওতে সাৱধান: বিহালীত আইচক্ৰীমৰ ভিতৰত ওলাল শামুক

আইচক্ৰীম খাওতে এতিয়াৰে পৰা সাৱধান হওঁক আপুনি, সাৱধান কৰক আপোনাৰ সন্তানক । কাৰণ আইচক্ৰীমত ওলাইছে বিষাক্ত পতংগ (Poisonous insects in ice cream) । পিছে ক’ত সংঘটিত হৈছে এই ঘটনা ! জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

বিহালী,২৮ মে': গৰমৰ সময়চোৱাত আপোনাৰ শিশুটিয়ে যদি আইচক্ৰীম খাব বিচাৰে তেন্তে পূৰ্বতকৈ এতিয়া হওক অধিক সচেতন । নহ'লে আইচক্ৰীমৰ লগত পতংগ খাই অসুস্থ হৈ পৰিব পাৰে আপোনাৰ সন্তান । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লোকসকলে নহ'লেও বিশেষকৈ বিহালীবাসী এই ক্ষেত্ৰত হওত অধিক সচেতন । অন্যথা প্ৰচণ্ড গৰমত আইচক্ৰীমৰ সোৱাদ লওতেই আপোনাৰ পেটলৈ যাব পাৰে কেঁচু অথবা শামুক ।

কিয়নো বিহালী সমষ্টিৰ বৰগাঙত থকা এটা বৰফ প্ৰস্তুতকাৰী উদ্যোগে সহজতে ধন ঘটাৰ মানসিকতাৰে দীৰ্ঘদিনে উলংঘা কৰি আহিছে খাদ্য সংশোধনী আইনৰ সকলো নিয়ম । এনে পৰিপ্ৰেক্ষিততে একাংশ বৰফ প্ৰস্তুতকাৰী উদ্যোগত উৎপাদিত বৰফত কৰবাত যদি আলপিন পোৱা গৈছে, আন কৰবাত আকৌ পোৱা গৈছে প্লাষ্টিকৰ টুকুৰা । শেহতীয়াকৈ এইবাৰ আইচক্ৰীমৰ ভিতৰত ওলালে শামুক(Poisonous insects in ice cream in Bihali) ।

আইচক্ৰীম খাওতে সাৱধান: বিহালীত আইচক্ৰীমৰ ভিতৰত ওলাল শামুক

বিভিন্ন সময়ত এনে ধৰণৰ বহু অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে এইবাৰ বৰগাঙৰ এজন বৰফ বেপাৰীৰ আইচক্ৰীমত ওলাল প্ৰকাণ্ড শামুক । জানিব পৰা মতে বেপাৰীজনে অঞ্জলি আইচক্ৰীম ফেক্টৰীৰ পৰা সংগ্ৰহ কৰিছিল আইচক্ৰীমখিনি ।

প্ৰাপ্ত তথ্য অনুসৰি শনিবাৰে বৰগাঙৰ পৰা বিহালী টেলেঙনীয়া গাঁৱত বৰফ বেপাৰীজনে বৰফৰ বিক্ৰী কৰি থকা সময়তে এটা বৰফৰ মাজত ওলাল এটা শামুক । যাক লৈ সৃষ্টি হয় এক অভাৱনীয় পৰিস্থিতিৰ । লগতে উক্ত ভিডিঅ' সামাজিক মাধ্যমত বিয়পি পৰাত সকলোৱে বৰফ ফেক্টৰীটো বন্ধ কৰাৰ দাবী জনোৱা লগতে বৰফ ফেক্টৰী মালিকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈকো দাবী জনাইছে বিশ্বনাথ জিলা প্ৰশাসনক ।

আনহাতে এই সকলো কথা নস্যাৎ কৰিছে বৰফ ফেক্টৰীটোৰ মালিক সম্ভূ পাৰমানিকে । এইয়া এক পৰিকল্পিত ষড়যন্ত্ৰ বুলি উল্লেখ কৰে পাৰমানিকে । ইফালে এই বিষয়টোক লৈ সমগ্ৰ বিহালীতে সৃষ্টি হৈছে চাঞ্চল্যৰ ।

লগতে পঢ়ক: য়াছিন মালিকৰ যাৱজ্জীৱন কাৰাদণ্ড বিৰুদ্ধে কৰা মন্তব্যক লৈ OICক ভাৰতৰ চৰকাৰৰ সকীয়নি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.