ETV Bharat / state

Embankment reconstructed by locals in Gohpur: শ্ৰমদানেৰে ভগ্নাংশ মথাউৰি নিৰ্মাণ কৰিলে এখন গাঁৱৰ ৰাইজে

author img

By

Published : Jul 5, 2023, 9:32 PM IST

বিধায়কে নকৰে কাম, শ্ৰমদানেৰে ভাগি থকা মথাউৰি নিৰ্মাণ কৰিলে গহপুৰৰ এখন গাঁৱৰ ৰাইজে ৷

embankment reconstructed by locals in gohpur
ভাগি থকা মথাউৰি নিৰ্মাণ কৰিলে গহপুৰৰ ৰাইজে

ভাগি থকা মথাউৰি নিৰ্মাণ কৰিলে গহপুৰৰ ৰাইজে

বিশ্বনাথ, 5 জুলাই : সাধাৰণ মানুহক যে চৰকাৰ এখনে মাথোন ভোটবেংক হিচাপেহে ব্যৱহাৰ কৰে সেই কথা বাৰে বাৰে প্ৰমাণ হৈছে ৷ কুম্ভকৰ্ণ নিদ্ৰাত অসম চৰকাৰৰ জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰী তথা গহপুৰ বিধানসভা সমষ্টিৰ বিধায়ক । বানে ধোৱা গহপুৰৰ এখন গাঁৱৰ ৰাইজে এটা ভগ্ন মথাউৰিৰ পৰা দীৰ্ঘদিন কৃষি কাৰ্য কৰিবলৈ সক্ষম হোৱা নাই ।

এই ভাগি থকা মথাউৰিটো নিৰ্মাণ কৰিবলৈ গাঁওখনৰ ৰাইজে দীৰ্ঘদিন ধৰি গহপুৰ বিধায়ক, জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰী লগতে গাঁও পঞ্চায়তক অনুৰোধ জনাই জনাই কোনো সু-ফল নোপোৱাত শেষত বুধবাৰে গাঁওখনৰ ৰাইজেই নিজৰ গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰিবলৈ হাতে হাত ধৰি আগবাঢ়ি আহিল ।

উল্লেখ্য যে গহপুৰ বিধান সভা সমষ্টিৰ পশ্চিম কলাবাৰী গাঁও পঞ্চায়তৰ মিকিৰ বৰাচুক আৰু আউনিবড়িৰ বিস্তৰ কৃষি ভূমিৰ মাজেৰে বৈ থকা মৰনৈৰ মথাউৰিটো কিছু দিন পূৰ্বে হোৱা বানৰ ফলত ছিগি গৈছিল । মথাউৰি তথা কৃষি বান্ধটো ছিগাৰ ফলত অঞ্চলটোৰ শ শ কৃষকৰ মাজত এক হাহাকাৰ পৰিস্থিতি সৃষ্টি হয় ।

ইফালে এই বান্ধটো ছিগাত অঞ্চলটোৰ ১০০ বিঘাৰো অধিক কৃষিভূমি পানীত বুৰ যায়। এই পানীৰ ফলত ৰাইজে শালি খেতি কৰাত অসুবিধাৰ সন্মুখীন হৈছিল । আনহাতে ৰাইজে গহপুৰৰ বিধায়ক তথা জলসম্পদ বিভাগৰ লগতে গাঁও পঞ্চায়তৰ কোনো সঁহাৰি নাপাই নিজেই ওলাই আহিল ভগ্ন মথাউৰিটো মেৰামতিৰ কৰিবলৈ ৷ প্ৰখৰ ৰ’দকো নেওচি শ্ৰমদানেৰে অঞ্চলটোৰ ৰাইজে মথাউৰিটো মেৰামতি কৰিছে যদিও ভৰ বাৰিষাক লৈ শংকিত হৈ পৰিছে গাঁওবাসী । আনহাতে উক্ত মথাউৰি পুনৰ মেৰামতি কৰিবলৈ ৰাইজে স্থানীয় বিধায়ক উৎপল বৰাক আহ্বান জনাইছে ।

লগতে পঢ়ক : Protest in Gohpur: গহপুৰত এটা পথ নিৰ্মাণক কেন্দ্ৰ কৰি প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.