ETV Bharat / state

Protest in Gohpur: গহপুৰত এটা পথ নিৰ্মাণক কেন্দ্ৰ কৰি প্ৰতিবাদ

প্ৰতিবাদত উত্তাল গহপুৰ । এটা পথ নিৰ্মাণক কেন্দ্ৰ কৰি উত্তেজিত হৈ উঠে গহপুৰবাসী । গহপুৰ অসম অৰুণাচল সীমান্তৰ অসম মালা পথ নিৰ্মাণ আচঁনিৰ অধীনত আবন্টিত এটা পথ নিৰ্মাণৰ স্থান সলনি কৰাক লৈ ৰাইজে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ।

Protest against changing road construction site in Gahpur
পথ নিৰ্মাণক কেন্দ্ৰ কৰি প্ৰতিবাদ

Published : July 4, 2023 at 7:52 PM IST

Choose ETV Bharat

বিশ্বনাথ,৪ জুলাই: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লোকনিৰ্মাণ বিভাগৰ এটা পথ নিৰ্মাণ কেন্দ্ৰ কৰি গহপুৰত একাংশ লোকে ৰূপায়ণ কৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী । শোণিতপুৰ জিলাৰ গহপুৰ মহকুমাৰ গহপুৰ অসম অৰুণাচল সীমান্তৰ অসম মালা পথ নিৰ্মাণ আচঁনি অধীনত আবন্টিত এটা পথ নিৰ্মাণৰ স্থান সলনি কৰাক লৈ ৰাইজে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ।

পথ নিৰ্মাণক কেন্দ্ৰ কৰি প্ৰতিবাদ

প্ৰাপ্ত তথ্য অনুসৰি গহপুৰৰ পৰা অৰুণাচল প্ৰদেশ সংযোগী ৪১৫নং চাৰিলাইনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথচোৱা ঘগৰাবস্তিৰ পৰা লখিমপুৰ জিলাক সংযোগ কৰি নিৰ্মাণ হ'বলগীয়া ২৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ 'অসম মালা' পথ নিৰ্মাণক লৈ ক্ষোভিত হৈ পৰে ৰাইজ । উল্লেখ্য যে গহপুৰৰ উত্তৰাঞ্চলৰ 'অসম মালা' পথটো ঘগৰাবস্তি হৈ লখিমপুৰ জিলাৰ ধলপুৰলৈকে নিৰ্মাণৰ বাবে চৰকাৰীভাৱে আবন্টিত হৈছিল ২৫০ কোটি টকা ।

এটা বছৰ পূৰ্বে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিত অনুষ্ঠিত হোৱা এখন ৰাজহুৱা সভাত ঘোষণা কৰিছিল এই কথা আৰু সেই ঘোষণাৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গহপুৰৰ সমষ্টিৰ দৈমালুত অনুষ্ঠিত হোৱা আন এখন সভাত ঘোষণা কৰি কয় 'অসম মালা' আচঁনি অধীনত পথটো নিৰ্মাণৰ যাৱতীয় কাম-কাজ প্ৰায় আৰম্ভ কৰা হৈছিলে ।

যাৰ ফলত পথটো নিৰ্মাণৰ বাবে ইতিমধ্যে পথটো দুয়ো কাষে থকা গছ-গছনি কটাৰ লগতে নাম্বাৰিং কৰা পৰ্যন্ত বন বিভাগে কৰিছিল কিন্তু হঠাৎ পথটোৰ নিৰ্দেশনা সলনি কৰি অন্য দিশেৰে নিৰ্মাণ কৰাৰ প্ৰস্তুতি চলোৱা বুলি স্থানীয় ৰাইজে জানিৰ পৰাত গহপুৰৰ উত্তৰাঞ্চলৰ ৰাইজ ক্ষোভিত হৈ পৰে । 'অসম মালা আচঁনি পথটো পুৰ্বতে ঘোষণা কৰা দিশেৰে নিৰ্মাণ কৰাৰ দাবীৰে গহপুৰৰ বড়িগাঁৱত স্থানীয় শতাধিক লোকে সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্যসূচী ।

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম মালা পথ দাবী সমিতি, নিখিল বড়ো ছাত্ৰ সন্থা আৰু বড়ো সাহিত্য সভাৰ গহপুৰ জিলা সমিতিৰ লগতে গহপুৰৰ উত্তৰাঞ্চলৰ ৰাইজে । ৰাইজৰ দাবী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই যি ঘোষণা কৰিছিল সেই অনুসৰিয়েই পথচোৱা শীঘ্ৰে নিৰ্মাণ কৰক অন্যথা ভৱিষ্যতে স্থানীয় ৰাইজে ভয়ংকৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলি হুংকাৰ দিয়ে ।

লগতে পঢ়ক: Assam CM on National Games : ২০৩০ চনৰ ভিতৰত অসমত ৰাষ্ট্ৰীয় ক্ৰীড়া; মুখ্যমন্ত্ৰী