ETV Bharat / state

Jalha Yuva Chatra Parishad: বিশ্বনাথত জল্‌হা যুৱ ছাত্ৰ পৰিষদৰ পঞ্চম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস পালন

author img

By ETV Bharat Assamese Team

Published : Aug 27, 2023, 12:54 PM IST

Tea Workers Jalha Jati Sammelani
অসম চাহ জনগোষ্ঠী জল্‌হা যুৱ-ছাত্ৰ পৰিষদ

বিশ্বনাথৰ ডফলাগড়ত অসম চাহ জনগোষ্ঠী জল্‌হা যুৱ-ছাত্ৰ পৰিষদৰ পঞ্চম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস পালন । ইয়াৰ সৈতে সংগতি ৰাখি আয়োজিত সভাত কেইবাগৰাকী বিশিষ্ট ব্য়ক্তিয়ে অংশগ্ৰহণ কৰে ।

অসম চাহ জনগোষ্ঠী জল্‌হা যুৱ-ছাত্ৰ পৰিষদ

বিশ্বনাথ, ২৭ আগষ্ট: বিশ্বনাথৰ ডফলাগড়ত অনুষ্ঠিত হয় অসম চাহ জনগোষ্ঠী জল্‌হা যুৱ ছাত্ৰ পৰিষদৰ পঞ্চম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস । অসমৰ জল্‌হা ( চাহ জনগোষ্ঠী ) সম্প্ৰদায়ৰ আৰ্থ-সামাজিক তথা সাংস্কৃতিক উন্নয়নৰ স্বাৰ্থত গঠন হোৱা অসম চাহ জনগোষ্ঠী জল্‌হা যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত বিশ্বনাথ জিলা সমিতি আৰু দফলাগড় জল্‌হা (চাহ জনগোষ্ঠী) ৰাইজৰ আতিথ্যত শনিবাৰে দিনযোৰা কাৰ্যসূচীৰে পৰিষদৰ পঞ্চম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস কৰা হয় ।

বিশ্বনাথ জিলাৰ ডফলাগড় তিনিখনীয়াস্থিত দ্য় ব্ৰাইট ইংলিছ স্কুলৰ প্ৰাংগনত পালন কৰা হয় অসম চাহ জনগোষ্ঠী জল্‌হা যুৱ ছাত্ৰ পৰিষদৰ পঞ্চম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস । কাৰ্যসূচী অনুসৰি পুৱা সংগঠনটোৰ পতাকা উত্তোলন কৰা হয় । ইয়াৰ পিচত স্মৃতি তৰ্পণ কৰে কেইবাগৰাকী বিশিষ্ট ব্য়ক্তিয়ে । এই কাৰ্যসূচীৰ পিচত বৃক্ষৰোপণ কৰা হয় । ইয়াৰ পাচতে দুপৰীয়া মুকলি সভা অনুষ্ঠিত হয় ।

উক্ত মুকলি সভাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানৰ লগতে চাহ শ্ৰমিক আৰু প্ৰাক্তন চাহ শ্ৰমিক জল্‌হা জাতি সন্মিলনী,অসমৰ কেন্দ্ৰীয় সভাপতি হবিবুৰ ৰহমান,দেশী জনগোষ্ঠীয় মঞ্চ,সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক চহিদ আলী আহমেদ, উজনি অসম মুছলিম কল্যাণ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

জল্‌হা জনগোষ্ঠীক অসমৰ প্ৰায় ১০৮টা চাহ জনগোষ্ঠীৰ ভিতৰৰে অন্যতম বুলি কোৱা হয় । উল্লেখ্য় যে ব্ৰিটিছৰ শাসনকালতে বহিঃৰাজ্যৰ পৰা অন্যান্য সম্প্ৰদায়ৰ লোকসকলৰ দৰেই চাহ বাগিচাত কাম কৰিবলৈ শ্ৰমিক হিচাপে লৈ আনিছিল জল্‌হা সম্প্ৰদায়ৰ ইছলাম ধৰ্মী লোকসকলক । এই সভাত অংশগ্ৰহণকাৰীসকলে কয় যে জনজাতিৰ মৰ্যাদা নাপালেও অসমৰ চাহ বাগিচাৰ সৈতে এৰাব নোৱাৰা সম্পৰ্ক আছে জল্‌হা সম্প্ৰদায়ৰ লোকসকলৰ । ব্ৰিটিছৰ শাসন কালৰে পৰা বাগিচা জনজীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰা জল্‌হাসকলে এতিয়াও নিজা পৰিচয় বিচাৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিবলগীয়া হৈছে ।

লগতে পঢ়ক:Rumor at Jonai: অস্বাভাৱিক আকৃতিৰ শিলাখণ্ডক লৈ জোনাইত হৈ চৈ; ভুৱা বাতৰি প্ৰচাৰ নকৰিবলৈ সকীয়নি গঞাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.