ETV Bharat / state

গহপুৰত ভাবুকি কঢ়িয়াইছে খহনীয়াই

author img

By

Published : Jul 29, 2021, 7:51 PM IST

erosion of bramaputra in gohpur biswanath
খহনীয়াৰ কৱলত বৰতামুলী পঞ্চায়তৰ তিনিটাকৈ ৱাৰ্ড

ব্ৰহ্মপুত্ৰৰ খহনীয়াই আতংকিত কৰিছে তুলিছে গহপুৰৰ বৰতামুলী পঞ্চায়তৰ অন্তৰ্গত ১ নং, ২ নং আৰু ৩ নং ৱাৰ্ডৰ লোকক ৷ পঞ্চায়তৰ একমাত্ৰ মথাউৰিটো এতিয়া খহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে ৷

বিশ্বনাথ, 29 জুলাই : বান-খহনীয়াই বৰুকৈয়ে জুৰুলা কৰি আহিছে গহপুৰৰ নৈপৰীয়া ৰাইজক ৷ প্ৰত্যেক বছৰে বাৰিষাৰ সময়চোৱাত ব্ৰহ্মপুত্ৰৰ খহনীয়াই গহপুৰৰ বৰতামুলী পঞ্চায়তৰ কেইবাখনো গাঁৱৰ ৰাইজৰ মাজত এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰে ৷ ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ খহনীয়াই গহপুৰৰ শতাধিক নৈপৰীয়া লোকক গৃহহীন কৰিছে ৷

ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ শাসনভাৰ গ্ৰহণ কৰাৰ পাচতে বান-খহনীয়া প্ৰতিৰোধ তথা খহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ বাবে বিশেষ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছে ৷ বিশেষকৈ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাক এইক্ষেত্ৰত বিশেষ তৎপৰতা অৱলম্বন কৰা পৰিলক্ষিত হৈছিল ৷ খহনীয়াৰ স্থান পৰিদৰ্শন কৰাৰ পৰা আৰম্ভ কৰি খহনীয়াগ্ৰস্ত লোকৰ অভাৱ-অভিযোগ গ্ৰহণ কৰিছিল মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: দুলীয়াজানত অইলৰ পাইপ লাইন ফাটি খাৰুৱা তেল নিৰ্গত

কিন্তু বিভাগৰ এই তৎপৰতাৰ পাচতো ৰাজ্যত এনে কিছুমান খহনীয়াৰ কৱলত পৰা ঠাই আছে, য’ত বিভাগৰ চকু পৰা নাই অথবা বিভাগীয় আঁচনিয়ে ঢুকি পোৱা নাই ৷ সেইদৰে গহপুৰ বিধানসভা সমষ্টিৰ বৰতামুলী পঞ্চায়তৰ অন্তৰ্গত ১নং, ২নং আৰু ৩নং ৱাৰ্ডৰ ৰাইজে এতিয়া খহনীয়াৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৷ বিগত কেইবা বছৰো ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে সৃষ্টি কৰা খহনীয়াই বৰতামুলী পঞ্চায়তৰ ৰাইজলৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ৷

গহপুৰত ভাবুকি কঢ়িয়াইছে খহনীয়াই

স্থানীয় লোকে সদৰী কৰা মতে, অঞ্চলটোৰ বান নিয়ন্ত্ৰণৰ বাবে নিৰ্মাণ কৰা মথাউৰিটোও এতিয়া খহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে ৷ সমান্তৰালভাৱে বৰতামুলী পঞ্চায়তৰ সাপ্তাহিক বজাৰখনো খহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে ৷ যাৰ বাবে অধিক আতংকিত হৈ পৰিছে বৰতামুলী পঞ্চায়তৰ অন্তৰ্গত বাসিন্দাসকল ৷

স্থানীয় লোকৰ অভিযোগ অনুসৰি, খহনীয়া নিয়ন্ত্ৰণৰ বাবে বহুবাৰ বিভাগীয় কৰ্তৃপক্ষক ৰাইজে অৱগত কৰিছিল যদিও আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ৷ স্থানীয় বিধায়কৰ নীৰৱ ভূমিকাৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰিছে অঞ্চলবাসীয়ে ৷ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ চূড়ান্ত অৱহেলাৰ বাবে অঞ্চলটোলৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে খহনীয়াই ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.