ETV Bharat / state

দুলীয়াজানত অইলৰ পাইপ লাইন ফাটি খাৰুৱা তেল নিৰ্গত

author img

By

Published : Jul 28, 2021, 10:21 PM IST

দুলীয়াজানত অইলৰ পাইপ লাইন ফাটি খাৰুৱা তেল নিৰ্গত: আতংকিত জনসাধাৰণ
দুলীয়াজানত অইলৰ পাইপ লাইন ফাটি খাৰুৱা তেল নিৰ্গত: আতংকিত জনসাধাৰণ

দুলীয়াজানৰ ৰাজপথত খাৰুৱা তেল বাহিৰ হোৱাক লৈ তীব্ৰ উত্তেজনা ৷ ঘটনাস্থলীত অইলৰ অগ্নি নিৰ্বাপক বাহিনীৰ লগতে অইলৰ বিষয়াসকল উপস্থিত হৈ তেল নিৰ্গমণ কাৰ্য বন্ধ কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে যদিও সফল হোৱা নাই ।

মৰাণ, 28 জুলাই : তৈল নগৰী দুলীয়াজানত (DULIAJAN) উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি । মঙলবাৰে অইল (OIL INDIA) ইণ্ডিয়াৰ খাৰুৱা তেল পৰিবাহী পাইপ ফুটি তেল নির্গত হৈছিল । দুলীয়াজানৰ টিপলিং ষ্টেচন পথৰ B.O.C গেটৰ কাষত থকা কোদয়েল কুলা খাৰুৱা তেলৰ পাইপ ফাটি পথৰ ওপৰত নিৰ্গত হৈছিল এই খাৰুৱা তেল ।

তাৰপাছতে ঘটনাস্থলীত অইলৰ অগ্নি নিৰ্বাপক বাহিনীৰ লগতে অইলৰ বিষয়াসকল উপস্থিত হৈ তেল নিৰ্গমণ কাৰ্য বন্ধ কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে যদিও সফল হোৱা নাই ৷ যাৰ ফলত সম্প্ৰতি সমগ্ৰ অঞ্চলটোৰ জনসাধাৰণ আতংকিত হৈ পৰিছে ৷ কিয়নো তিনিচুকীয়া জিলাৰ বাঘজান (bhagjan) গাঁৱত বিগত বৰ্ষ অৰ্থাৎ ২০২০ ৰ ২৭ মে'ত বাঘজান BGR, 5 No তৈল খাদত প্ৰথমে গেছ নিৰ্গত হয় আৰু ২৭ মে' ৰ পৰা ১৩ দিন ধৰি অহৰহ গেছ নিৰ্গত হৈ ৯ জুনত এক ভয়ংকৰ অগ্নিকাণ্ডলৈ ৰূপান্তৰ হয় ।

উক্ত অগ্নিকাণ্ডত বিনষ্ট হৈছিল সেউজীয়া প্ৰাকৃতিক পৰিৱেশ । জ্বলি চাৰখাৰ হৈছিল বহু পৰিয়ালৰ ঘৰ-বাৰী ৷ মৃত্যু হৈছিল অসংখ্য জীৱ-জন্তু, পশু-পক্ষীৰ, মৃত্যু হৈছিল ৰাষ্ট্ৰীয় সম্পদ শিহুৰ ।

দুলীয়াজানত অইলৰ পাইপ লাইন ফাটি খাৰুৱা তেল নিৰ্গত: আতংকিত জনসাধাৰণ

মাগুৰি বিলৰ লগতে উক্ত ঘটনাত ডিব্ৰু-ডাঙৰী নদীও সম্পূৰ্ণ প্ৰদূষিত হৈ পৰিছিল । যাৰ ফলত মৃত্যু হৈছিল বিভিন্ন প্ৰজাতিৰ মাছ-কাছৰ ৷ বিনষ্ট হৈছিল অঞ্চলটোৰ বহু কৃষি ভূমি । তদুপৰি বাঘজানৰ উক্ত ঘটনাত নিহত হৈছিল চাৰিজনকৈ লোক ।

নিহত লোক কেইজন আছিল ক্ৰমে অগ্নিনির্বাপক বাহিনীৰ কৰ্মচাৰী ক্ৰমে তিক্ষেশ্বৰ গোঁহাই (চাবুৱা), দুৰ্লভ গগৈ (নামৰূপ), অইলৰ এগৰাকী কাৰ্যবাহী (জ্যেষ্ঠ) অভিযন্তা অৰ্ণৱ বৰদলৈ আৰু এগৰাকী স্থানীয় ব্যক্তি শুক্লেশ্বৰ নেওগ । এক কথাত মৃত্যুৰ উপত্যকালৈ পৰিণত হৈছিল বাঘজান তৈলখাদ । আনফালে শব্দ, কম্পন, বায়ু প্ৰদূষণৰ মাজেৰে দিন পাৰ কৰিছিল অঞ্চলবাসীয়ে ৷ এই ঘটনাক স্মৰণ কৰি আতংকিত হৈ পৰিছে দুলীয়াজানবাসী ৷

লগতে পঢ়কঃ এতিয়াও খোৱা পানীৰ অভাৱত লাভলীনা বৰগোঁহাইৰ গাঁওখন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.