ETV Bharat / state

বিশ্বনাথত কন্ঠশিল্পী নাহিদ আফ্ৰিনৰ নিৰ্বাচনী গীত উন্মোচন

author img

By

Published : Mar 12, 2021, 5:04 PM IST

election-song-by-nahid-afrin-release-at-bishwanath
বিশ্বনাথত কন্ঠশিল্পী নাহিদ আফ্ৰিনৰ নিৰ্বাচনী গীত উন্মোচন

বিশ্বনাথ জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই আনুষ্ঠানিকভাৱে উন্মোচন কৰিলে নিৰ্বাচন প্ৰতীকপট আৰু জনপ্ৰিয় কন্ঠশিল্পী নাহিদ আফ্ৰিনে পৰিৱেশন কৰা এটি নিৰ্বাচনী গীত ৷ গীতটি লিখি উলিয়াইছে ড৹ সূৰ্য্য কমল বৰাই আৰু সুৰ দিছে দিবাকৰ বৰাই ৷

বিশ্বনাথ, 12 মাৰ্চ: বিধানসভা নিৰ্বাচনলৈ দিন চমু চাপি অহাৰ সমান্তৰালকৈ ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা ৷ নিজ নিজ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলোৱাত ব্যস্ত হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দলৰ নেতা-পালিনেতা ৷ ইয়াৰ মাজতে শুকুৰবাৰে বিশ্বনাথ জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই আনুষ্ঠানিকভাৱে উন্মোচন কৰিলে নিৰ্বাচন প্ৰতীকপট আৰু জনপ্ৰিয় কন্ঠশিল্পী নাহিদ আফ্ৰিনে পৰিৱেশন কৰা এটি নিৰ্বাচনী গীত ৷ নাহিদ আফ্ৰিনে কণ্ঠদান কৰা এই গীতটি লিখি উলিয়াইছে ড৹ সূৰ্য্য কমল বৰাই আৰু সুৰ দিছে দিবাকৰ বৰাই ৷

বিশ্বনাথত কন্ঠশিল্পী নাহিদ আফ্ৰিনৰ নিৰ্বাচনী গীত উন্মোচন

গীতটি উন্মোচনৰ পিছতে ক্লক টাৱাৰৰ পৰা যাত্ৰা আৰম্ভ কৰি উপায়ুক্তৰ কাৰ্যালয়লৈ আহে শিল্পীৰ দলটি ৷ ৰাইজৰ সজাগতাৰ বাবে প্ৰস্তুত কৰি উলিওৱা এই গীতটি বজাই পদযাত্ৰাৰ জৰিয়তে সকলোকে নিজৰ বিবেচনাৰে 2021 চনৰ নিৰ্বাচনত নিজৰ বহুমূলীয়া ভোট প্ৰদান কৰাৰ আহ্বান জনাই দলটোৱে ৷ ইফালে জনপ্ৰিয় কন্ঠশিল্পী নাহিদ আফ্ৰিনেও ৰাইজক ভোট প্ৰদান কৰিবলৈ আহ্বান জনায় ৷ লগতে তেওঁ নিজেই এইবাৰ প্ৰথমবাৰৰ বাবে ভোট প্ৰদান কৰিব বুলি উল্লেখ কৰি তাৰ বাবে তেওঁ উৎফুল্লিত হৈ থকাৰ কথা জনাই সংবাদ মাধ্যমক ৷

লগতে পঢ়কঃ তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামীৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.