ETV Bharat / state

বিহালী প্ৰেছ ক্লাৱৰ বৰ্ষযোৰা ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠান সম্পন্ন

author img

By

Published : Apr 28, 2022, 2:12 PM IST

বিহালী প্ৰেছ ক্লাবৰ বৰ্ষযোৰা ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠান সম্পন্ন (Silver jubilee of Behali press club is over) ৷ হাইলাকান্দিৰ সাংবাদিক অমিত ৰঞ্জন দাসক এইবৰ্ষৰ মুক্তিযোদ্ধা মোলান চন্দ্ৰ শৰ্মা সোঁৱৰণী সাংবাদিকতা বঁটা প্ৰদান ৷ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে যাদৱ চন্দ্ৰ শৰ্মা ৷

Bihali Press Club concludes silver jubilee
বিহালী প্ৰেছ ক্লাৱৰ বৰ্ষযোৰা ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠান সম্পন্ন

বিহালী, 28 এপ্ৰিল : বিহালী স্নাতক মহাবিদ্যালয়ৰ সভাগৃহত বিহালী প্ৰেছ ক্লাবৰ বৰ্ষযোৰা ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ সফল সামৰণি (Silver Jubilee of the Press Club) ৷ 1995 চনৰ 1 জানুৱাৰীত গঠন হৈছিল বিহালী প্ৰেছ ক্লাব ৷

Bihali Press Club concludes silver jubilee
বিহালী প্ৰেছ ক্লাৱৰ ৰূপালী জয়ন্তী অনুষ্ঠানৰ সফল সামৰণি

বিহালী স্নাতক মহাবিদ্যালয়ৰ সভাগৃহত, মহাবিদ্যালয়খনৰ অধ্যক্ষ জীৱন চন্দ্ৰ নাথে উদ্বোধন কৰা অনুষ্ঠানত অসম সাহিত্য সভাৰ উপ-সভাপতি মৃণালিনী শৰ্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ৷ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা, নিৰ্দিষ্ট বক্তা হিচাপে অসম বাৰ্তাজীৱি সংঘৰ ৰাজ্যিক সভাপতি টুটুমণি ফুকনকে ধৰি বহুকেইগৰাকী বিশিষ্ট লোক উপস্থিত থাকে ৷ এই কাৰ্যক্ৰমৰ লগতে সংগতি ৰাখি পুৱা গছপুলি ৰোপণ কৰে ক্লাবৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰদীপ কুমাৰ শৰ্মাই ।

Bihali Press Club concludes silver jubilee
মুক্তিযোদ্ধা মোলান চন্দ্ৰ শৰ্মা সোঁৱৰণী সাংবাদিকতা বটাঁ প্ৰদান

ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠানত সভাপতিত্ব কৰে বিহালী প্ৰেছ ক্লাবৰ সভাপতি দীপক শৰ্মাই ৷ আনহাতে, বিহালী প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠা কালৰ সভাপতি প্ৰদীপ কুমাৰ শৰ্মা, সম্পাদক তথা শিশু সাহিত্যিক দিলীপ কুমাৰ বৰুৱা প্ৰমুখ্যে বৰ্তমানলৈকে সভাপতি-সম্পাদকৰ পদ অলংকৃত কৰা 7 গৰাকী ব্যক্তিক একোখন গামোচা আৰু এক স্মাৰকসহ সম্বৰ্ধনা জনোৱা হয় ৷

লগতে পঢ়ক : অসম কৃষি বিশ্ববিদ্যালয় পৰিদৰ্শন ভূটানৰ কনছুল জেনেৰেলৰ

নৃত্য-গীতেৰে অনুষ্ঠান ভাগ জীপাল কৰি তোলে বিহালী স্নাতক মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ৷ উল্লেখ্য যে, বিহালী প্ৰেছ ক্লাবে এই বৰ্ষৰ পৰা আগবঢ়োৱা "মুক্তিযোদ্ধা মোলান চন্দ্ৰ শৰ্মা সোঁৱৰণী সাংবাদিকতা বঁটা'' প্ৰথমবাৰলৈ আগবঢ়োৱা হয় হাইলাকান্দিৰ সাংবাদিক অমিত ৰঞ্জন দাসক ৷

Bihali Press Club concludes silver jubilee
বিহালী প্ৰেছ ক্লাৱে ভৰি দিলে ৰূপালী জয়ন্তী বৰ্ষত

নিজৰ ভাষণ প্ৰসংগত বঁ‌টা প্ৰাপক দাসে বিহালী প্ৰেছ ক্লাৱে স্বাধীনতা সংগ্ৰামীৰ নামত সাংবাদিকতা বঁ‌টা প্ৰদান কৰা আৰু অসমৰ বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকাৰ সাংবাদিকসকলক একেখন মঞ্চত ধৰি ৰখাৰ যি প্ৰচেষ্টা হাতত লৈছে তাৰ শলাগ লয় ।

লগতে পঢ়ক : বিজেপিৰ আক্ৰোশমূলক ৰাজনীতিৰ বলি বিধায়ক জিগনেশ মেৱানী : ৰাইজৰ দল

অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে বিশ্বনাথৰ মহকুমাধিপতি বিশ্বজিৎ শইকীয়া, বিশ্বনাথৰ আৰক্ষী অধীক্ষক নবীন সিং, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য হিৰণ্য হাজৰিকা, আপকুৰ উপসভাপতি হেমন্ত শইকীয়া, বিশ্বনাথ জিলা সাংবাদিক সন্থাৰ সম্পাদক ৰতন ভূঞা, বিশ্বনাথ জিলা বাৰ্তাজীৱি সংঘৰ সভাপতি নগেন শইকীয়া আদিয়ে অংশগ্ৰহণ কৰে ।

Bihali Press Club concludes silver jubilee
বিহালী প্ৰেছ ক্লাৱৰ বৰ্ষযোৰা ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠান সম্পন্ন

দিগন্ত কুমাৰ দাসৰ সম্পাদনাত প্ৰকাশিত বিহালী প্ৰেছ ক্লাৱৰ মুখপত্ৰ 'সংবাদ আৰু সাংবাদিক' উন্মোচন কৰে ৰঙিয়া মহকুমাৰ তথ্য আৰু জনসংযোগ বিষয়া তথা বিশ্বনাথৰ প্ৰাক্তন তথ্য আৰু জনসংযোগ বিষয়া প্ৰশান্ত কুমাৰ বৰাই । এই অনুষ্ঠান পৰিচালনা কৰে সম্পাদক খগেন মটক, উপ সভাপতি দিগন্ত শইকীয়া আৰু জ্যেষ্ঠ সদস্য বীৰেন্দ্ৰ নাথ গোস্বামীয়ে ৷

উল্লেখ্য যে, সহযোগিতা আগবঢ়ায় শ্ৰীমন্ত দাস, মহেন্দ্ৰ প'গাগ, অম্লান কাশ্যপ সাহা, ত্ৰিদীপ দাস, ৰোহিণী কৌড়িণ্য আদিয়ে ।

লগতে পঢ়ক : অসম কৃষি বিশ্ববিদ্যালয় পৰিদৰ্শন ভূটানৰ কনছুল জেনেৰেলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.