ETV Bharat / state

বিশ্বনাথত অনুষ্টুপীয়াকৈ আয়োজন গান্ধী জয়ন্তী

author img

By

Published : Oct 3, 2020, 7:02 AM IST

ক’ৰণাৰ গণসংক্ৰমণৰ আশংকাই প্ৰভাৱ পেলাইছে গান্ধী জয়ন্তী উদযাপনত ৷ বিশ্বনাথৰ ৰঙামূৰী গাঁৱতো প্ৰত্যেক বছৰৰ পৰম্পৰা ৰক্ষা কৰি ব্যতিক্ৰমী ৰূপত অনুষ্টুপীয়াকৈ গান্ধী জয়ন্তী উদযাপন ।

BISWANATH  GANDHI JOYONTI CELEBRATIONS
বিশ্বনাথত অনুষ্টুপীয়াকৈ আয়োজন গান্ধী জয়ন্তী

বিশ্বনাথ, 3 অক্টোবৰঃ ৰাজ্যৰ চৌদিশে ক’ৰণা মহামাৰীৰ আতংক ৷ ক’ৰণাৰ গণসংক্ৰমণৰ বাবে ৰাজ্যত প্ৰতিটো অনুষ্ঠান উদযাপনতো কৰাতো ব্যাপক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ৷ শুকুৰবাৰে সমগ্ৰ দেশতে পালন কৰা হয় 151সংখ্যক গান্ধী জয়ন্তী । বিশ্বনাথৰ উত্তৰে অসম-অৰুণাচল সীমান্তৱৰ্তী পাভৈৰ ৰঙামূৰী গাঁৱত ৰঙামূৰী মুকুল,মইনা পাৰিজাতৰ ব্যতিক্ৰমী ৰূপত গান্ধী জয়ন্তী উদযাপন । প্ৰতি বছৰৰ দৰে এই বছৰো দিন জোৰা কাৰ্যসূচীৰে পালন কৰা হয় গান্ধী জয়ন্তী ।

মহামাৰী ক’ৰণাৰ গণসংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সম্পূৰ্ণ চৰকাৰী নীতি নিয়মৰ মাজেৰে এইবৰ্ষত অনুষ্টুপীয়াকৈ আয়োজন কৰে গান্ধী জয়ন্তী । গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি পুৱা ৫ বজাত বিশ্বনাথ চাৰিআলিৰ মাজমজিয়াত থকা পুলিচ পইন্টৰ পৰা পাভৈৰ ৰঙামূৰী গাঁৱলৈ মাৰাঠান দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰে । মাৰাঠান দৌৰৰ প্ৰতিযোগিতাত ৰঙামূৰী গাঁৱৰ ৯ বছৰীয়া ৰিতুল নায়কে ৪৩ মিনিটত 11 কিলোমিটাৰ বাট দৌৰি গাওঁ খনলৈ গৌৰৱ কঢ়িয়াই আনে ।

বিশ্বনাথত অনুষ্টুপীয়াকৈ আয়োজন গান্ধী জয়ন্তী

ইপিনে গান্ধী জয়ন্তী কাৰ্য্যসূচীৰ লগত সংঘটি ৰাখি দিনযোৰা কাৰ্য্যসূচীৰে বাৰেৰহণীয়া কৃষ্টি, সাহিত্য আৰু অন্যান্য খেলধেমালিৰ প্ৰতিযোগিতাও সম্পূৰ্ণ সামাজিক দুৰত্ব বজাই ৰাখি অনুস্থিত কৰা দেখা গ’ল ৷ উল্লেখযোগ্য যে, সন্ধিয়া গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি প্ৰতিবৰ্ষৰদৰে গাওঁবাসীয়ে গাঁৱৰ ৰাস্তাৰ দুয়োপাৰে 1000 গছি বন্তি প্ৰজ্জ্বলন কৰে ৷

লগতে পঢ়কঃ তেজপুৰত নিৰ্মাণ হ’ব ৰাজ্যৰ তৃতীয়খন মিনি ফুড পাৰ্ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.