ETV Bharat / state

Protest in Biswanath : আদানীৰ বিৰুদ্ধে বিহালীত কংগ্ৰেছৰ প্ৰতিবাদ

author img

By

Published : Mar 9, 2023, 9:47 PM IST

প্ৰতিবাদী কণ্ঠৰ গৰ্জনত কঁপি উঠিল বিশ্বনাথৰ বিহালী (Protest in Biswanath) ৷ বিহালীত ভাৰতীয় কংগ্ৰেছ কমিটীৰ নিৰ্দেশ মৰ্মে বিহালীত কংগ্ৰেছে আদানীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে (Protest against Adani Group and PM Modi)৷

Protest in Biswanath
প্ৰতিবাদী কণ্ঠৰ গৰ্জনত কঁপি উঠিল বিশ্বনাথৰ বিহালী

প্ৰতিবাদী কণ্ঠৰ গৰ্জনত কঁপি উঠিল বিশ্বনাথৰ বিহালী

বিশ্বনাথ, 9 মাৰ্চ : ‘‘আদানীক ধনী কৰাৰ লক্ষ্যেৰে বিজেপি চৰকাৰে দেশত চৰম বিত্তীয় বিশৃংখলা আৰু বিত্তীয় প্ৰৱঞ্চনা কৰিছে । ভাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আদানীক ব্যৱসায়ী স্বাৰ্থত ভাৰত জনসাধাৰণক লুণ্ঠন কৰি দেশত বিত্তীয় সমস্যা সৃষ্টি কৰিছে ৷’’ এই অভিযোগ উত্থাপন কৰে বিশ্বনাথ জিলা কংগ্ৰেছৰ মুখপাত্ৰ তুষা বৰাই ৷

বৃহস্পতিবাৰে বিশ্বনাথৰ বিহালীত ভাৰতীয় কংগ্ৰেছ কমিটীৰ নিৰ্দেশ মৰ্মে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ বিশ্বনাথ জিলা অন্তৰ্গত বিহালী সমষ্টিৰ বাঘমৰা মণ্ডল আৰু বিহালী মণ্ডলৰ উদ্যোগত প্ৰধামন্ত্ৰী মোডী আৰু আদানীৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় (Biswanath District Congress protest against Adani Group and PM Modi) ৷

বৃহস্পতিবাৰে দিনৰ প্ৰায় 11 বজাত ভাৰতীয় ষ্টেট বেংক চমুকৈ SBI বিহালী বেদেতীৰস্থিত শাখা কাৰ্যাল‌য়ৰ সন্মুখত ৰূপায়ন কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী (Protest in Biswanath) ৷ এই প্ৰতিবাদী কাৰ্যসূচীতে প্ৰধামন্ত্ৰী মোডীৰ লগতে আদানী গোষ্ঠীকো তীব্ৰ সমালোচনা কৰে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক : Protest in Morigaon : অপৰাধ নিৰ্মূলৰ দাবীত মৰিগাঁৱত কেইবাটাও প্ৰতিবাদ

সংবাদ মাধ্যমৰ আগত বিশ্বনাথ জিলা কংগ্ৰেছৰ মুখপাত্ৰ তুষাৰ বৰাই কয়, ‘‘আদানী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ব্যৱসায়ী বন্ধু ৷ কেৱল আদানীক ধনী কৰাৰ লক্ষ্যৰে বিজেপি চৰকাৰে দেশত চৰম বিত্তীয় বিশৃংখলা আৰু বিত্তীয় প্ৰৱঞ্চনা কৰিছে’’ ৷ লগতে তেওঁ কয় যে, এই প্ৰতিবাদ সমগ্ৰ দেশৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়েও দেশজুৰি অহৰহভাৱে প্ৰতিবাদী কাৰ্যসূচী পালন কৰি আহিছে ।

ইয়াৰ অংশ হিচাপে বিহালীতো ৰূপায়ন কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী ৷ লগতে আদানী গ্ৰুপৰ অবাধ দুৰ্নীতি বিৰুদ্ধে শীঘ্ৰে উচ্চ পৰ্যায়ৰ এক তদন্তৰ দাবী জনাইছে প্ৰতিবাদী কংগ্ৰেছৰ কৰ্মীসকলে ৷ উল্লেখ্য যে, বিশ্বনাথ জিলা কংগ্ৰেছে ৰূপায়ন কৰা এই প্ৰতিবাদী কাৰ্যসূচীত বিশ্বনাথ জিলা কংগ্ৰেছৰ বহু নেতা-কৰ্মীৰ লগতে অঞ্চলটোৰ কেবাগৰাকীও স্থানীয় লোক উপস্থিত থাকে ৷

লগতে পঢ়ক : TYPA protest in Sivsagar : ন্যাৰ্য প্ৰাপ্তিৰ দাবীত শিৱসাগৰত টাইপাৰ গৰ্জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.