ETV Bharat / state

Assam Arunachal connecting road:ৰাস্তা নে পুখুৰী, অনুনয় বিনয় কৰাৰ বাহিৰে ৰাইজে কৰিব কি ?

author img

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 8:47 PM IST

Assam Arunachal connecting road
পথৰ দুৰৱস্থা

অসম অৰুণাচল সীমান্তৰ ৰাজগড়ৰ পথৰ দুৰৱস্থা । এজাক বৰষুণতে পথ হৈ পৰে পুখুৰী সদৃশ । হাহাকাৰ সীমান্তবাসী ৰাইজৰ মাজত ।

পথৰ দুৰৱস্থা

গহপুৰ, 8 ছেপ্টেম্বৰ : এজাক বৰষুণ দিলেই এতিয়া গহপুৰ সমষ্টিৰ বিভিন্ন অঞ্চলত সৃষ্টি হয় বানৰ । এজাক মাত্ৰ বৰষুণৰ ফলতে অঞ্চলটোৰ বিভিন্ন ৰাজপথ পানীৰ তলত ডুব যায় ৷ এটা এটা ৰাস্তাত এতিয়া পুখুৰী সদৃশ গাঁত ৷ অহা-যোৱা কৰোতে ৰাইজে ভূগিছে যমৰ যাতনা ৷

আমি আপোনালোকক দেখুৱাইছো গহপুৰ বিধান সভা সমষ্টিৰ অসম অৰুণাচল সীমান্তৰ ৰাজগড়ৰ হলঙি চেন্টাৰ পৰা বালিজান দিশে যোৱা পথটো ৷ বৰষুণৰ ফলত এই পথটোৰ অধিকাংশ স্থানত পুখুৰী সদৃশ গাঁত হৈ পৰিছে যাৰ ফলত দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে‌ ।

উল্লেখ্য যে, এই পথটোত এতিয়া ঠায়ে ঠায়ে আছে এটা এটা পুখুৰী । এই পথটোৰ জৰিয়তে অৰুণাচল প্ৰদেশৰ কেইবাখনো জিলাৰ লগতে গহপুৰ সমষ্টিৰ কেইবাখনো গাঁৱলৈ অহা-যোৱা কৰা হয় ৷ সীমান্তত থকা এইটো এটা অতি গুৰুত্বপূৰ্ণ পথ‌ । কিন্তু দুয়োখন ৰাজ্যৰে বাসিন্দাই অহা-যোৱা কৰা এই পথটোৰ মেৰামতিত গুৰুত্ব নাই কৰ্তৃপক্ষৰ ৷

জানিব পৰা মতে এই পথটো দুয়োখন ৰাজ্যৰ স্থানীয় ৰাইজে ব্যৱহাৰ কৰে যদিও এই পথটো নিৰ্মাণ কৰে অৰুণাচল চৰকাৰে । এই পথটোৰ জৰিয়তে অসম তথা গহপুৰ বিধান সভা সমষ্টিৰ বহু গাঁৱলৈ বহু লোকে যাত্ৰা কৰে যদিও গহপুৰ মহকুমা প্ৰশাসনে কিন্তু একেবাৰে মৌনতা অৱলম্বন কৰা দেখা গৈছে । সেয়ে ৰাইজে দাবী জনাইছে ৰাস্তাটো নিৰ্মাণ কৰি দিবলৈ ৷

বাৰিষা অহাৰ লগে লগে দুয়োখন ৰাজ‍্যৰ জনসাধাৰণৰ মাজত দেখা যায় এক হাহাকাৰ পৰিস্থিতিৰ । কাৰণ অৰুণাচল প্ৰদেশত যদি ধাৰাষাৰ বৰষুণ দিয়ে গহপুৰৰ বিভিন্ন স্থানত পানী হোৱাৰ লগতে সীমান্তত থকা লোকসকলৰ ঘৰতো হয় একঁকাল পানী । ইয়াৰ সমান্তৰালকৈ সীমান্তত থকা পথবোৰো বানৰ ফলত চিঙি যায়, যাৰ ফলত যাতায়ত ব্যৱস্থাত বহুত অসুবিধাৰ সৃষ্টি হয় ৷

যোৱা কেইবাদিন ধৰি অৰুণাচলত বৰষুণ দিয়াৰ ফলত পাহাৰৰ পৰা বৈ অহা পানীয়ে পথতো চিঙি নিয়াৰ ফলত এতিয়া পথটো গাড়ী চলাচলৰ বাবে একেবাৰে অসুবিধাজনক হৈ পৰিছে । এতিয়া এই পথটো মেৰামতিৰ বাবে গহপুৰ ৰাজগড় সীমান্তবাসী ৰাইজে গহপুৰ মহকুমা আৰু অৰুণাচল প্ৰদেশৰ বালিজান মহকুমা প্ৰশাসনক এখনি লিখিত আবেদন প্ৰদান কৰিছে ।

লগতে পঢ়ক : Biswanath Naharani river:বিধায়কে কলগছ পুতি দলং হ’ব বুলি কোৱাৰ পাচতো নিৰ্মাণ নহ’ল দলং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.