ETV Bharat / state

জনজাতিকৰণৰ দাবীত বিশ্বনাথত AASAAৰ প্ৰতিবাদ কাৰ্যসূচী

author img

By

Published : Dec 17, 2021, 8:23 PM IST

AASAA stages protest in Biswanath
জনজাতিকৰণৰ দাবীত বিশ্বনাথত AASAAৰ প্ৰতিবাদ কাৰ্যসূচী

জনজাতিকৰণৰ দাবী জনাই পুনৰ প্ৰতিবাদত নামিল সদৌ অসম আদিবাসী ছাত্ৰ সন্থা(AASAA stages protest in Biswanath) । শুকুৰবাৰে বিশ্বনাথ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ৩ ঘণ্টীয়া ধর্ণা কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৰ কৰ্মকৰ্তাসকলে ।

বিশ্বনাথ, ১৭ ডিচেম্বৰ : শুকুৰবাৰে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই । ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বিশ্বনাথতো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে(AASAA Biswanath committee stages protest) । সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত আৰু আদিবাসী জনগোষ্ঠীৰ বিভিন্ন সংস্থাৰ সহযোগত বিশ্বনাথ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ৩ ঘণ্টীয়া ধর্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় । অসমত বসবাস কৰা আদিবাসী জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে(AASAA demanding Schedule Tribe status) ।

জনজাতিকৰণৰ দাবীত বিশ্বনাথত AASAAৰ প্ৰতিবাদ কাৰ্যসূচী

মোদী চৰকাৰ মুর্দাবাদ, অসম চৰকাৰ মুর্দাবাদ আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে আছাৰ কৰ্মকৰ্তাসকলে । ৯ নং তেজপুৰ লোক সভা সাংসদ পল্লৱ লোচন দাস, ৰামেশ্বৰ তেলীকে ধৰি আদিবাসী জনগোষ্ঠীৰ বিধায়ক, সাংসদ আৰু মন্ত্ৰীসকলে জনজাতিকৰণৰ দাবী উপস্থাপন নকৰাৰ বাবেই ক্ষোভিত হৈছে সংগঠনটো । নিৰ্বাচনৰ সময়ত ভোট বেংক হিচাপে আদিবাসী লোকসকলক ব্যৱহাৰ কৰা হয় বুলিও অভিযোগ উত্থাপন কৰে সংগঠনটোৰ কৰ্মী লক্ষ্মী ওৰাঙে ।

লগতে চাহ জনগোষ্ঠীৰ দাবীৰ প্ৰতি সঁহাৰি নিদিয়া চৰকাৰে আগন্তুক নিৰ্বাচনত ফল ভূগিব লাগিব বুলিও তেওঁ সকীয়াই দিয়ে ।

লগতে পঢ়ক:অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত উপস্থিত আমছুৰ প্ৰতিনিধি দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.