ETV Bharat / state

Assam Govt Recruitment : প্ৰসংগ : অসম চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়া; বৰ্তমানেও ৭১১ টা ANM নাৰ্চৰ পদ খালী

author img

By

Published : Apr 2, 2023, 3:39 PM IST

Assam Govt Recruitment
তথ্য জনা অধিকাৰ আইনে উদঙালে স্বাস্থ্য বিভাগৰ উন্নয়নৰ ফোফোলা স্বৰূপ

প্ৰকৃততে কি হৈ আছে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ ভিতৰ চ’ৰাত ? তথ্য জনা অধিকাৰ আইনে উদঙালে স্বাস্থ্য বিভাগৰ উন্নয়নৰ ফোপোলা স্বৰূপ ৷ বৰ্তমান পৰ্যন্ত ৭১১ টা ANM নাৰ্চ পদ খালী হৈ আছে (711 ANM nurse posts are vacant in Assam health department) ৷ যাক লৈ ক্ষোভিত হৈ পৰিছে নিবনুৱা যুৱক-যুৱতী ৷

বিশ্বনাথ, ২ এপ্ৰিল : বিভিন্ন সময়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ঘোষণা কৰা দেখা গৈছে যে, মিত্ৰজোঁট চৰকাৰে ৰাজ্যৰ ১ লাখ নিবনুৱা যুৱক-যুৱতীক কৰ্ম সংস্থাপন প্ৰদান কৰিব (Assam Govt Recruitment)। ৰাজ্য চৰকাৰে ঘোষণা কৰা এই একলাখ নিবনুৱাক নিযুক্তি প্ৰদান কৰাৰ ক্ষেত্ৰত সমাজৰ একাংশ লোকে সন্দেহ প্ৰকাশ কৰিছে ৷ এনে সময়তে পোহৰলৈ আহিছে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ উন্নয়নৰ ফোপোলা স্বৰূপ ।

তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সময়তে স্বাস্থ্যমন্ত্ৰীৰ দায়িত্ব থকা বৰ্তমান মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা দিনত তথা বিগত বৰ্ষৰ ২০২১ চনৰ ১০ জানুৱাৰীত ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ দ্বাৰা আয়োজন কৰিছিল মুঠ ৫৯৪ টা পদৰ বাবে লিখিত পৰীক্ষা ৷ সেই অনুসৰি, ২০২১ চনৰ ১০ জানুৱাৰীত এ এন এম (ANM)ৰ ৫৪৫ গৰাকী নাৰ্চৰ লগতে আন লেৱৰেটৰী সহায়ক, কম্পিউটাৰ এচিচটেন্ট, জুনিয়ৰ এচিচেটেন্টসহ মুঠ ৫৯৪ টা পদৰ পৰীক্ষা অনুষ্ঠিত হৈছিল ।

কোনো বিৰ্তক নোহোৱাকৈ সুন্দৰকৈ অনুষ্ঠিত হৈছিল এই পৰীক্ষা । য’ত হাজাৰ হাজাৰ পৰীক্ষাৰ্থী অৱতীৰ্ণও হৈছিল ৷ কিন্তু পৰীক্ষা অনুষ্ঠিত হোৱা পাচৰে পৰাই বৰ্তমান পৰ্যন্ত পৰীক্ষাৰ্থীসকলে স্বাস্থ্য বিভাগৰ ৱেবচাইটত ফলাফল বিচাৰি হাবাথুৰি খাব লগা হৈছে । মাহৰ পিচত মাহ বাগৰাৰ অন্ততো আজি পৰ্যন্ত ওলোৱা নাই সেই পৰীক্ষাৰ ফলাফল ।

ইফালে পৰীক্ষা ফলাফল প্ৰকাশ নোহোৱাত চিন্তিত হৈ পৰিছে হাজাৰ হাজাৰ পৰীক্ষাৰ্থী । আনকি কেতিয়া এই পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব তাৰ কোনো স্পষ্ট তথ্য নাই স্বাস্থ্য বিভাগৰ হাতত । যাক লৈ এতিয়া সামাজিক মাধ্যমত ক্ষোভ উজাৰিছে হাজাৰ হাজাৰ পৰীক্ষাৰ্থীয়ে ।

আনহাতে, ২০২২ চনৰ ২৯ মে’ত স্বাস্থ্য বিভাগৰ আন এটা পৰীক্ষা অনুষ্ঠিত হৈছিল । স্বাস্থ্য বিভাগে আয়োজন কৰা এই পৰীক্ষাটোৰো বৰ্তমানলৈকে ফলাফলৰ তথ্য নাই স্বাস্থ্য বিভাগৰ হাতত । শেহতীয়াকৈ তথ্য জনা অধিকাৰ আইনৰ জৰিয়তে এজন যুৱকে লাভ কৰা তথ্য অনুসৰি স্বাস্থ্য বিভাগৰ DHS (FW) বিভাগত বৰ্তমানো ৭১১ টা ANM নাৰ্চৰ পদ খালী হৈ আছে (711 ANM nurse posts are vacant in Assam health department)৷

কিন্তু তাৰে গুৰুত্বপূৰ্ণ কথাটো হ’ল ২০২১ চনৰ ১০ জানুৱাৰীত স্বাস্থ্যখণ্ড DHS (FW) বিভাগৰ ৫৪৫ টা এ এন এম পদৰ পৰীক্ষা অনুষ্ঠিত হোৱা দুটা বছৰ পাৰ হ’ল ৷ আজিও ফলাফল দিবলৈ সক্ষম নহ’ল স্বাস্থ্য বিভাগ । ইফালে দ্বিতীয় বছৰ পুনৰ ২০২২ চনৰ ২৯ মে'ত পুনৰ এ এন এমৰ পৰীক্ষা অনুষ্ঠিত কৰিছিল স্বাস্থ্য বিভাগে ৷ এই পৰীক্ষাটোৰো বৰ্তমানলৈকে কোনো ফলাফল নোলাল ৷ ফলত ক্ষোভিত হৈ পৰিছে শিক্ষাৰ্থীসকল ৷

এতিয়া প্ৰশ্ন হয়, ৰাজ্যৰ নিবনুৱাই পাবনে চাকৰি ? নে পূৰ্বৰ দৰে প্ৰতিবাৰেই এই চৰকাৰখনে পৰীক্ষাই অনুষ্ঠিত কৰি থাকিব ৷

লগতে পঢ়ক : Poisonous mushrooms reaction : বিষাক্ত কাঠফুলা খাই অসুস্থ একেটা পৰিয়ালৰে তিনিজনকৈ লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.