ETV Bharat / state

Rhinoceros Horn Poachers Arrested: বিহালী আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ ৪ কুখ্যাত চোৰাং চিকাৰী

author img

By

Published : Aug 1, 2022, 6:08 PM IST

Bihali
Bihali

চোৰাং চিকাৰীৰ বিৰুদ্ধে বিহালী আৰক্ষীৰ অভিযান । গ্ৰেপ্তাৰ কুখ্যাত ৪ চোৰাং চিকাৰী (4 rhinoceros poachers arrested at Behali)।

বিশ্বনাথ, ১ আগষ্ট: বিশ্বনাথত দীৰ্ঘদিন ধৰি সক্ৰিয় হৈ আছে চোৰাং চিকাৰীৰ বৃহৎ চক্ৰ (Large circle of poachers active in Bishwanath) । শনিবাৰে নিশা বিশ্বনাথ জিলাৰ বিহালী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৰেন গগৈ আৰু কাজিৰঙাৰ অতিৰিক্ত আৰক্ষী বিষয়া ধ্ৰুৱজ্যোতি নাথ (Kaziranga Additional Police Officer Dhruvjyoti Nath APS) আৰু গহপুৰ গমিৰি বন বিভাগৰ যুটীয়া অভিযানত বিহালী আৰক্ষী থানাৰ অন্তৰ্গত ৰাংছালী গাঁৱৰ পৰা ৩ টা আৰু বিশ্বনাথ সমষ্টিৰ বিশ্বনাথ আৰক্ষী থানাৰ অধীনৰ জপৌবাৰীৰ পৰা ১ টা চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰা হয় (4 poachers arrested by Behali Police combined operation) ।

অভিযানকাৰী দলটোৱে গোপন সূত্ৰৰ পম খেদি গঁড় হত্যা (Attempt to enter Kaziranga National park to kill rhinoceros) কৰাৰ উদ্দেশ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰাৰ চেষ্টা (Attempt to kill rhinoceros in Kaziranga National Park) কৰা অৱস্থাতে চোৰাং চিকাৰীকেইটাক আটক কৰে আৰক্ষীয়ে (Police arrested 4 rhino poachers) ৷

বিহালী আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ কুখ্যাত ৪ চোৰাং চিকাৰী

গ্ৰেপ্তাৰ কৰা চোৰাং চিকাৰীকেইটা হৈছে বিশ্বনাথৰ জপৌবাৰীৰ দীপাংক বড়ো (৩৪) ৰাংছালী গাঁৱৰ অজিত দাস (৩৮), ধনীদেৱ শইকীয়া (৪০) আৰু পদুম হাজৰিকা (২৫) ৷ উল্লেখযোগ্য যে কিছুদিন পূৰ্বে বিহালী আৰক্ষী থানাত যোগদান কৰিয়েই বিহালী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৰেন গগৈ (Bihari police station OC Haren Gogoi) তৎপৰ হৈ পৰিছিল চোৰাং চিকাৰীৰ বিৰুদ্ধে ।

যাৰ ফলত শনিবাৰে বিহালী আৰক্ষী বিষয়াজনৰ নেতৃত্বত ৪ জনকৈ চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । লগতে গঁড় হত্যা পৰিকল্পনাক বিফল কৰে আৰক্ষী বিষয়াজনে । আনহাতে, আটাইকেইটা চোৰাং চিকাৰীক আজি বিহালী আৰক্ষীয়ে বন সংমণ্ডল প্ৰাধিকাৰী কাৰ্যালয় বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলক চমজাই দিয়ে । ইফালে অধিক তথ্যৰ বাবে বিশ্বনাথ বন্যপ্ৰাণী বন সংমণ্ডলে সোধাপোছা অব্যাহত ৰাখিছে বুলি গমিৰি বন বিষয়া প্ৰাঞ্জল গগৈয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক: Vineet committed suicide case: দীৰ্ঘ বিৰতিৰ মূৰত অভিযুক্ত সঞ্জয় শৰ্মাৰ আত্মসমৰ্পণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.