ETV Bharat / state

এম চি কলেজত বিশ্ব ফিজিঅ'থেৰাপি দিৱস পালন

author img

By

Published : Sep 8, 2022, 10:23 PM IST

সাম্প্ৰতিক সময়ত ৰাইজৰ মাজত বৃদ্ধি পোৱা ভিন্ন অস্থিৰ ৰোগ, বিষৰ সমস্যা সমাধানত ফিজিঅ'থেৰাপিয়ে বিশেষভাৱে গুৰুত্ব আৰ্জন কৰিছে ৷ ফিজিঅথেৰাপিৰ দ্বাৰা বিভিন্ন ৰোগৰ পৰা উপশম পাব পাৰি ৷ আজি বিশ্বৰ বিভিন্ন দেশৰ লগতে আসমতো পালন কৰা হৈছে ফিজিঅ'থেৰাপি দিৱস(World Physiotherapy Day observed in Assam) ৷ এই দিৱসৰ সৈতে সংগতি ৰাখি বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত বৃহস্পতিহাৰে কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ উদ্যোগত ফিজিঅ'থেৰাপি দিৱস পালন কৰা হয় ৷

World  Physiotherapy Day observed in Barpeta
এম চি কলেজত বিশ্ব ফিজিঅ'থেৰাপি দিৱস পালন

বৰপেটা, ৮ চেপ্টেম্বৰ: আজি বিশ্বৰ বিভিন্ন দেশৰ লগতে ভাৰততো পালন কৰা হৈছে ফিজিঅ'থেৰাপি দিৱস ৷ আধুনিক জীৱন তথা পৰিৱৰ্তিত পৰিস্থিতিয়ে মানুহৰ শৰীৰলৈ কঢ়িয়াই আনিছে ভয়াৱহ বিষ আৰু বেদনাদায়ক সমস্যা ৷ এই জটিল বিষ বেদনাৰ পৰা মু্ক্তিৰ বাবে আধুনিক চিকিৎসা বিজ্ঞানত সংযোজিত হৈছে ফিজিঅ'থেৰাপি পদ্ধতি ৷ বিশ্বজুৰি এই চিকিৎসাই এতিয়া প্ৰসাৰ লাভ কৰিছে ৷ যন্ত্ৰণাদায়ক পীড়া আৰু শাৰীৰিক অসুস্থতা অতিক্ৰম কৰি জীৱনক সুস্থ সবল আৰু সুন্দৰ কৰি তোলাৰ বাবে ফিজিঅ'থেৰাপি চিকিৎসাই মানুহৰ মনত আশাৰ সঞ্চাৰ কৰিছে ।

এই দিৱসৰ সৈতে সংগতি ৰাখি বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত(Madhav Chaudhary College)বৃহস্পতিবাৰে কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ (Krishnaguru University observed Physiotherapy Day) উদ্যোগত ফিজিঅ'থেৰাপি দিৱস পালন কৰা হয় (World Physiotherapy Day observed in Barpeta) ৷

এম চি কলেজত বিশ্ব ফিজিঅ'থেৰাপি দিৱস পালন

ভৌতিক চিকিৎসা ব্যৱস্থা হিচাপে সমগ্ৰ বিশ্বতে সম্প্ৰতি অতিকে জনপ্ৰিয় হৈ পৰা ফিজিঅ'থেৰাপি এটা স্বতন্ত্র চিকিৎসা ব্যবস্থা হিচাপে পৰিচিত ৷ শাৰীৰিক ব্যায়ামৰ জৰিয়তে প্রদান কৰা এই চিকিৎসা ব্যৱস্থাৰ জৰিয়তে সম্প্ৰতি বিশ্বৰ কোটি কোটি লোকে সুফল লাভ কৰিবলৈ সক্ষম হৈছে ৷ বিশেষকৈ ঔষধ অবিহনেই এই ৰোগৰ পৰা আৰোগ্য সম্ভৱ হৈ উঠিছে ৷

বৰপেটাৰ এম চি কলেজত কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়খনৰ ফিজিঅ'থেৰাপি বিভাগৰ শিক্ষাৰ্থীসকলে এখন নাটকৰ জৰিয়তে ফিজিঅ'থেৰাপীৰ ইতিবাচক দিশবোৰ প্ৰদৰ্শন কৰে । তদুপৰি পেৰালাইছিছ ৰোগীৰ চিকিৎসা সম্পৰ্কতো নাটখনৰ জৰিয়তে সজাগতাৰ প্ৰয়াস চলায় ৷ ইপিনে,ফিজিঅ'থেৰাপি ৰোগমুক্তিৰ উপায়ৰ লগতে ই নৱ প্ৰজন্মৰ বাবে এক পেছা হিচাপেও জনপ্ৰিয় হৈ পৰাৰ লগতে ই এটা সন্মানজনক বৃত্তি হিচাপেও সমাজত স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে ৷

উল্লেখ্য় যে সুস্বাস্থ্য আৰু দীৰ্ঘায়ুৰ বাবে নিয়মিত শৰীৰ চৰ্চাৰ গুৰুত্ব অধিক ৷ ফিজিঅ' অৰ্থাৎ শাৰিৰীক আৰু থেৰাপি অৰ্থাৎ চিকিৎসা শব্দৰ পৰাই এই ফিজিঅ'থেৰাপি শব্দটো আহিছে ৷ এই ফিজিঅ'থেৰাপিৰ জৰিয়তে ব্যায়মৰ মাধ্যমেৰে শৰীৰ স্বাস্থ্যসেৱা প্ৰদান কৰা হয়৷ প্ৰতিবছৰে ৮ ছেপ্টেম্বৰৰ দিনটো বিশ্ব ফিজিঅ'থেৰাপি দিৱস হিচাপে পালন কৰা হয় ৷

লগতে পঢ়ক:গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মুন্নাভাই চিকিৎসক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.