ETV Bharat / state

Dowry case at Kalgachia: যৌতুক বিচাৰি বোৱাৰীক শাৰীৰিক নিৰ্যাতন; অবৈধ সম্পৰ্ক ৰখাৰ অপচেষ্টা শহুৰেকৰ

author img

By

Published : Aug 6, 2023, 4:22 PM IST

বোৱাৰীক যৌতুকৰ দাবীত শাৰীৰিক, মানসিক আক্ৰমণৰ লগতে প্ৰাণ নাশৰ ভাবুকি প্ৰদান কৰিছে স্বামীগৃহৰ পৰিয়ালৰ ৷ বলপূৰ্বকভাৱে শাৰীৰিক সম্পৰ্ক কৰাৰ অপচেষ্টাৰ অভিযোগ উত্থাপন ৷

Daughter-in-law physically assaulted for dowry
যৌতুক বিচাৰি বোৱাৰীক শাৰীৰিক নিৰ্যাতন

যৌতুক বিচাৰি বোৱাৰীক শাৰীৰিক নিৰ্যাতন

জনীয়া, 6 আগষ্ট: ৰাজ্যত পুনৰ বোৱাৰী নিৰ্যাতনৰ ঘটনা পোহৰলৈ আহিছে ৷ কলগাছিয়াৰ ইছবপুৰত এগৰাকী বোৱাৰীক যৌতুকৰ দাবীত শাৰীৰিক, মানসিক আক্ৰমণৰ লগতে প্ৰাণ নাশৰ ভাবুকি প্ৰদান কৰিছে স্বামীগৃহৰ পৰিয়ালে । বলপূৰ্বকভাৱে শাৰীৰিক সম্পৰ্ক কৰাৰ অপচেষ্টাৰ অভিযোগ উত্থাপন কৰি বোৱাৰীগৰাকীয়ে শহুৰেকৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰিছে ৷

উল্লেখ্য যে, আজিৰে পৰা প্ৰায় ১৫ মাহ পূৰ্বে ইছলামিক ৰীতি-নীতিৰে কলগাছিয়াৰ আৰক্ষী থানাৰ অন্তৰ্গত ইছবপুৰ গাঁৱৰ শৰিফুল ইছলামৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল মহিলাগৰাকীয়ে ৷ বিবাহৰ পাচৰে পৰাই যৌতুকৰ দাবীত মহিলাগৰাকীক শাৰীৰিক, মানসিক অত্যাচাৰ চলোৱাৰো অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে।

উপায়ন্তৰ হৈ কন্যাৰ সুখৰ স্বাৰ্থত সোণৰ গহণা, বুলেট, ফাৰ্ণিচাৰ আদি শৰিফুল ইছলামক যৌতুক হিচাপে দিছিল ভুক্তভোগীৰ পিতৃয়ে। ইমানবোৰ দিয়াৰ পাচতো স্বামী শৰিফুলে পৰিয়ালৰ লোকৰ প্ৰৰোচনাত পৰি বোৱাৰীগৰাকীক অমানুষিক অত্যাচাৰ চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

আনকি ভুক্তভোগী বোৱাৰীগৰাকীৰ শহুৰেকে বোৱাৰীৰ লগত অবৈধ শাৰীৰিক সম্পৰ্ক কৰাৰ অপচেষ্টা চলায় আৰু এই অপচেষ্টাত ব্যৰ্থ হোৱাৰ পাচৰ পৰাই বোৱাৰীগৰাকীৰ স্বামী পৰিয়ালে অধিক আক্ৰমণাত্মক হৈ উঠে বুলি বোৱাৰীগৰাকীয়ে অভিযোগ উত্থাপন কৰিছে ।

ভুক্তভোগীৰ পিতৃয়ে শৰিফুল ইছলাম আৰু কন্যাৰ নামত যৌথভাৱে অতি মূল্যবান একঠা ভূমি পৰ্যন্ত কিনি দিয়ে বুলি জানিবলৈ দিছে ৷ এতিয়া সেই মাটি বিক্ৰী কৰি যিখিনি ধন লাভ কৰিব সেইখিনি ধনৰ দাবী কৰিছে স্বামী শৰিফুলে ৷ শৰিফুল ইছলামৰ মাটি বিক্ৰীৰ প্ৰস্তাৱত বোৱাৰীগৰাকী অমান্তি হোৱাত তেওঁক মাৰপিট কৰি পিতৃ গৃহলৈ পঠিয়াই দিয়ে ৷

ছয়মাহ পিতৃ গৃহত থকাৰ পাচতো স্বামী শৰিফুলে কোনো খবৰ নোলোৱাত নিজ ইচ্ছামতে স্বামী গৃহলৈ পুনৰ উভতি আহে বোৱাৰীগৰাকীয়ে । ঘটনা সন্দৰ্ভত আব্দুল বাতেন, শৰিফুল ইছলাম, খোদেজা খাতুন, বাহাৰুল ইছলাম আৰু ফৰিদা খাতুনৰ নামত কলগাছিয়া আৰু অভয়াপুৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে।

শৰিফুল ইছলামে অস্থায়ীভাৱে অভয়াপুৰীত থাকে বাবেই ভুক্তভোগী পৰিয়ালটোৱে অভয়াপুৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও অভয়াপুৰী থানাৰ পৰা কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীৰ পিতৃয়ে।

লগতে পঢ়ক: Pregnant woman attacked: মৰিয়নীত নিশাৰ নিৰৱতা ভেদিলে নিযাৰ্তিতা অন্তঃসত্বা মহিলাৰ চিঞৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.