ETV Bharat / state

মহিলাৰ আত্মহত্যাৰ ঘটনাক লৈ কলগাছিয়াত চাঞ্চল্য

author img

By

Published : Aug 29, 2022, 11:57 AM IST

কলগাছিয়াৰ ভেড়াগাঁৱত ৰহস্যজনক বাবে মহিলাৰ চিপ লৈ আত্মহত্যা(Woman commits suicide in Kalgachia) । বৰ্তমানলৈ জানিব পৰা হোৱা নাই আত্মহত্যাৰ কাৰণ । মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা ফকৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ ।

woman commits suicide in kalgachia
মহিলাৰ আত্মহত্যাৰ ঘটনাক লৈ কলগাছিয়াত চাঞ্চল্য

জনীয়া,২৯ আগষ্ট: বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত ভেড়াগাঁৱত এগৰাকী ৪৫ বছৰীয়া মহিলাৰ ৰহস্যজনক মৃত্যু । যি মৃত্যুৰ ঘটনাই অঞ্চলটোত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে(Kalgachia outrage over suicide) । পাকঘৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰা হয় মহিলাগৰাকীৰ মৃতদেহ(Woman commits suicide in Kalgachia) ।

মহিলাগৰাকীৰ পুত্ৰই জনোৱা অনুসৰি, ভেড়াগাঁৱৰ জহুৰ উদ্দিনৰ পত্নী তথা পাঁচ সন্তানৰ মাতৃ ছাজিদা খাতুনে মাজনিশা মন মাৰি বহি আছিল । নিশা প্ৰায় দুইমান বজাত মাতৃক শোৱনী কোঠাত নাপাই ইটো সিটো কোঠালিত বিচাৰি ফুৰে । অৱশেষত পাকঘৰত কাপোৰেৰে চিপ লৈ ওলমি থকা অৱস্থাত দেখা পাই মাতৃক(Woman commits suicide by hanging) ।

মহিলাৰ আত্মহত্যাৰ ঘটনাক লৈ কলগাছিয়াত চাঞ্চল্য

ততাতৈয়াকৈ কাপোৰখন কাটি মাতৃৰ মৃতদেহ নমাই স্থানীয় গাঁওবুঢ়াক খবৰ দিয়ে মৃত মহিলাগৰাকীৰ পুত্ৰই । আৰু পুৱাৰ ভাগত ঘটনাস্থলীত কলগাছিয়া আৰক্ষী উপস্থিত হৈ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ ভাবে বৰপেটা ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে । কিন্তু কোনো কাৰণ নোহোৱাকৈ মহিলাগৰাকীয়ে কি কাৰণত আত্মহত্যা কৰিলে তাক লৈ প্ৰশ্ন উদয় হৈছে গাঁওবাসীৰ মনত । প্ৰকৃতপক্ষে এয়া হত্যা নে আত্মহত্যা আৰক্ষীৰ তদন্ততহে ওলাব ঘটনাৰ প্ৰকৃত ৰহস্য ।

লগতে পঢ়ক: বৃহৎ পৰিমানৰ জালনোটসহ গ্ৰেপ্তাৰ ব্যৱসায়ী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.