ETV Bharat / state

মাজুলীৰ বিজেপিৰ প্ৰাৰ্থী ভূৱন গাম সম্পৰ্কে কি ক'লে সাংসদ আব্দুল খালেকে ?

author img

By

Published : Feb 16, 2022, 5:34 PM IST

Barpeta
মাজুলীৰ বিজেপিৰ প্ৰাৰ্থী ভূৱন গাম সম্পৰ্কে কি ক'লে সাংসদ আব্দুল খালেকে

মাজুলীৰ উপ-নিৰ্বাচন (Majuli bye election 2022) অহাৰ লগে লগে এতিয়া ৰাজনৈতিক দলৰ নেতাসকলৰ মাজত বাক-বিতণ্ড আৰম্ভ হৈছে । নিৰ্বাচন সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ সাংসদ আব্দুল খালেকৰ । বিজেপি প্ৰাৰ্থী ভূৱন গামক সমালোচনা । অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীক সমৰ্থন কংগ্ৰেছৰ ।

বৰপেটা, ১৬ ফেব্ৰুৱাৰী : মাজুলীৰ উপ-নিৰ্বাচনলৈ (Majuli bye election 2022) মাজত কেইটা মান দিন বাকী । ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈছে প্ৰতিটো ৰাজনৈতিক দল । ইয়াৰ মাজতে মাজুলীৰ বিজেপি প্ৰাৰ্থী ভূৱন গাম সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কংগ্ৰেছৰ সাংসদ আব্দুল খালেকৰ । সাংসদগৰাকীৰ মতে বিতৰ্কিত ভূৱন গাম বিধানসভালৈ নিৰ্বাচিত হোৱাটো গণতন্ত্ৰৰ প্ৰতি ভাবুকি ৷

বিজেপি প্ৰাৰ্থী ভূৱন গামৰ বিৰুদ্ধে বহু দূৰ্নীতিৰ অভিযোগ থকা বুলি উল্লেখ কৰি খালেকে কয় যে মাজুলীত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰী জয়ী হোৱাটো নিশ্চিত । ইফালে কংগ্ৰেছৰ পূৰ্বৰ প্ৰতিশ্ৰুতি অনুসৰি মাজুলী সমষ্টি অসম জাতীয় পৰিষদক এৰি দিয়া হৈছে আৰু চিত্তৰঞ্জন বসুমতাৰীক জয়ী কৰোৱাৰ বাবে কংগ্ৰেছে সৰ্ব শক্তিৰে জপিয়াই পৰিব বুলিও মন্তব্য কৰে সাংসদ আব্দুল খালেকে ৷

মাজুলীৰ বিজেপিৰ প্ৰাৰ্থী ভূৱন গাম সম্পৰ্কে কি ক'লে সাংসদ আব্দুল খালেকে

কংগ্ৰেছে মাজুলী সমষ্টি অসম জাতীয় পৰিষদক এৰি দিয়াটো আত্মসমৰ্পণ বুলি নাভাবে সাংসদ খালেকে ৷ তেওঁৰ মতে এয়া মিত্ৰতা ৷ কিয়নো বিজেপিয়েও অগপ বা ইউপিপিএলক আসন এৰি দিয়াৰ কথা উল্লেখ কৰে সাংসদগৰাকীয়ে ৷

লগতে পঢ়ক :Majuli by-election : মাজুলী উপনির্বাচনৰ অধিসূচনা জাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.