ETV Bharat / state

Theatre Surjya 2023-24 : থিয়েটাৰ সূৰ্য্যৰ শিবিৰত চলিছে চলিত নাট্যবৰ্ষৰ বাবে পূৰ্ণোদ্যমে আখৰা

author img

By

Published : Jul 19, 2023, 12:19 PM IST

ভ্ৰাম্যমাণৰ শিবিৰে শিবিৰে আৰম্ভ হৈছে নাটকৰ আখৰা ৷ নৱম বৰ্ষত ভৰি দিয়া থিয়েটাৰ সূৰ্য্যৰো শিবিৰত চলিছে পূৰ্ণোদ্যমে আখৰা ৷ 2023-24 বৰ্ষত সূৰ্য্য থিয়েটাৰে মঞ্চস্থ কৰিবলগীয়া তিনিখন নাট হ’ল - অভিজিত ভট্টাচাৰ্যৰ 'মোৰ কেঁচুৱাই কান্দিছে', 'ফুলশয্যাত জুই' আৰু প্ৰশান্ত মেনাৰ 'কাৰাগাৰত কলিজা' ৷

Theatre Surjya preparation for theater journey
থিয়েটাৰ সূৰ্য্যৰ শিবিৰত চলিছে পূৰ্ণোদ্যমে আখৰা

থিয়েটাৰ সূৰ্য্যৰ শিবিৰত আখৰা

বৰপেটা, 19 জুলাই: আৰম্ভ হৈছে ভ্ৰাম্যমাণৰ 2023-24 বৰ্ষৰ নাট্য যাত্ৰা ৷ ইতিমধ্যে ভ্ৰাম্যমাণৰ শিবিৰে শিবিৰে আৰম্ভ হৈছে নাটকৰ আখৰা ৷ প্ৰতিটো ভ্ৰাম্যমাণ নাট্যদলতেই চলিছে সীমাহীন ব্যস্ততা ৷ কৰ’ণাকালীন পৰিস্থিতিত ব্যাপক ক্ষতি আৰু লোকচানৰ সন্মুখীন হৈয়ো অসমৰ স্বাভিমান স্বৰূপ ভ্ৰাম্যমাণৰ নাট্য যাত্ৰাক স্তিমিত হবলৈ নিদি পুনৰ কঁকালত টঙালি বান্ধি নতুন বৰ্ষৰ বাবে ভ্ৰাম্যমাণৰ শিবিৰে শিবিৰে আৰম্ভ হৈছে প্ৰযোজক, পৰিচালক, কলা-কুশলীৰ সীমাহীন ব্যস্ততা আৰু নতুন বৰ্ষৰ নাট্য যাত্ৰাক লৈ অনেক আশা ৷

ৰাজ্যখনৰ প্ৰথম শ্ৰেণীৰ কেবাখনো ভ্ৰাম্যমাণ থিয়েটাৰৰ ভিতৰত বৰপেটা হাউলীৰ থিয়েটাৰ সূৰ্য্য অন্যতম ৷ মুনীন্দ্ৰ বৰ্মণৰ প্ৰযোজনাত আৰম্ভ হোৱা থিয়েটাৰ সূৰ্য্যই এইবেলি ভৰি দিছে নৱম বৰ্ষত ৷ নৱম বছৰত পদাৰ্পন কৰা থিয়েটাৰ সূৰ্যৰ মঞ্চত এইবেলি দেখা যাব ভ্ৰাম্যমাণ জগতৰ শক্তিশালী অভিনেতা তথা ট্ৰেজেডী কিং হিচাপে খ্যাত মৃদুল ভূঞা, পল্লৱী, গীতাঞ্জলী বৰা, মৌচুমী লস্কৰ আৰু বহুকেইজন অভিনেতা-অভিনেত্ৰীক । থিয়েটাৰ সূৰ্য্যই এইবেলি অভিজিত ভট্টাচাৰ্যৰ দুখন আৰু প্ৰশান্ত মেনাৰ এখন নাটকক লৈ মুঠ তিনিখন নাট মঞ্চস্থ কৰিব বুলি জানিবলৈ দিয়ে ৷

থিয়েটাৰ সূৰ্য্যই মঞ্চস্থ কৰিবলগীয়া নাট তিনিখন হৈছে জনপ্ৰিয় নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ 'মোৰ কেঁচুৱাই কান্দিছে' আৰু 'ফুলশয্যাত জুই' ৷ একেদৰে নবীন নাট্যকাৰ প্ৰশান্ত মেনাৰ নাটখন হৈছে 'কাৰাগাৰত কলিজা' ৷ অভিনেতা মৃদুল ভূঞাই সূৰ্যৰ 'মোৰ কেচুৱাই কান্দিছে' শীৰ্ষক নাটখনিক লৈ বিশেষ আগ্ৰহী ৷— 'মোৰ কেঁচুৱাই কান্দিছে' নাটখনিৰ 15 ছেকেণ্ডৰ এটা ভাইৰেল ভিডিও দুটা দিনৰ ভিতৰতে দুই লাখ পঞ্চাছ হাজাৰতকৈয়ো অধিক শ্বেয়াৰ হোৱাক লৈ আনন্দিত হোৱাৰ লগতে আশাবাদী হৈ পৰিছে অভিনেতা মৃদুল ভূঞা ৷

আখৰা মুহূৰ্তৰ 15 ছেকেণ্ডৰ এটা ভিডিওৰ এনে ব্যাপক সঁহাৰিক লৈ সেয়ে অভিনেতাগৰাকী নাটখনৰ সাফল্যক লৈ অতিকে আশাবাদী হৈ পৰিছে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷ ইপিনে নাটকৰ আখৰাৰ সমান্তৰালভাৱে সংগীতৰ কামো চলি আছে ৷ নাটককেইখনৰ সংগীতৰ ক্ষেত্ৰতো অধিক গুৰুত্ব দিয়া হৈছে বুলি জনায় অভিনেতা মৃদুল ভূঞাই ৷ বিশেষকৈ 'মোৰ কেঁচুৱাই কান্দিছে' নাটখনৰ গীতটিয়ে দৰ্শকৰ চকু সেমেকাই তুলিব বুলি মন্তব্য প্ৰকাশ কৰে মৃদুল ভূঞাই ৷

লগতে পঢ়ক : Rape and murder in Cachar : যুৱতীক ধর্ষণ কৰি হত্যাৰ প্ৰতিবাদত উত্তপ্ত শিলচৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.