ETV Bharat / state

কলগাছিয়াৰ বিভিন্ন স্থানত শিক্ষক দিৱস পালন

author img

By

Published : Sep 6, 2021, 4:29 PM IST

Teachers Day celebration at Kalgachia
কলগাছিয়াৰ বিভিন্ন স্থানত শিক্ষক দিৱস পালন

সমগ্ৰ দেশত তথা ৰাজ্যতে দেওবাৰে পালন কৰা হ'ল শিক্ষক দিৱস । বৰপেটাৰ কলগাছিয়াৰ কেইবাখনো শিক্ষানুষ্ঠানতো শিক্ষক দিৱস উদযাপন কৰা হয় । শিক্ষক দিৱস উপলক্ষে বিভিন্ন প্ৰতিযোগিতা, আলোচনা চক্ৰ আদিও অনুষ্ঠিত কৰা হয় ।

জনীয়া, ৬ ছেপ্টেম্বৰ: ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মজয়ন্তী উপলক্ষে দেওবাৰে দেশজুৰি শিক্ষক দিৱস পালন কৰা হয় । মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত অৰিহণা যোগোৱা শিক্ষাগুৰুসকললৈ সন্মান জনাই অসমৰ শিক্ষানুষ্ঠানসমূহতো শিক্ষক দিৱস উদযাপন কৰা হয় । দেওবাৰে বৰপেটা জিলাৰ কলগাছিয়াৰ আজমল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, ফখৰুদ্দিন আলী আহমেদ একাডেমী, কলগাছিয়া হাইস্কুল, ৰয়েল গ্লৱেল ইংলিছ স্কুলত শিক্ষক দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

Teachers Day celebration at Kalgachia
কলগাছিয়াৰ বিভিন্ন স্থানত শিক্ষক দিৱস পালন

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ৰূপসী ওমেন ফৰাম চি এল এফৰ উদ্যোগতো ৰাতিপুৱাৰে পৰা দিন জোৰা কাৰ্যসূচীৰে শিক্ষক দিৱস পালন কৰা হয় । ড০ ভূপেন হাজৰিকা সোৱৰণী মঞ্চত আত্মসহায়ক গোটৰ সদস্যসকলেও শিক্ষক দিৱস উপলক্ষে আলোচনা সভা অনুষ্ঠিত কৰে । এই অনুষ্ঠানটিত পাঁচ গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক সম্বৰ্ধনা জনোৱা হয় ।

Teachers Day celebration at Kalgachia
কলগাছিয়াৰ বিভিন্ন স্থানত শিক্ষক দিৱস পালন

আনহাতে, শিক্ষক দিৱস উপলক্ষে শিক্ষানুষ্ঠানসমূহত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । ছাত্ৰ-ছাত্ৰীসকলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:কমিছে বানৰ প্ৰকোপ : বাঢ়িছে বানাক্ৰান্তৰ দুৰ্ভোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.