ETV Bharat / state

ভৱানীপুৰত স্থানীয় ৰাইজৰ সহযোগত জব্দ চোৰাং কাঠ ভৰ্তি ট্ৰাক

author img

By

Published : Oct 17, 2021, 7:09 PM IST

Bajali
নিশা ভৱানীপুৰত স্থানীয় ৰাইজৰ সহযোগত জব্দ চোৰাং কাঠ ভৰ্তি ট্ৰাক

বজালীৰ ভিন্ন প্ৰান্তত চোৰং কাঠৰ সৰবৰাহ অব্যাহত আছে । কিন্তু আৰক্ষী আৰু বন বিভাগে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় লোকসকল । অৱশেষত স্থানীয় লোকে ওলাই আহি ধৰিলে চোৰাং কাঠ ভৰ্তি ট্ৰাক ।

পাঠশালা, ১৭ আগষ্ট : ৰাজ্যত অব্যাহত আছে কাঠৰ চোৰাং সৰবৰাহ (Smuggling of wood) । প্ৰতিদিনে মেঘালয়ৰ পৰা অসমৰ ভিন্ন প্ৰান্তলৈ কাঠৰ চিণ্ডিকেট চক্ৰই চোৰাং কাঠ সৰবৰাহ কৰি আহিছে । আনকি বন বিভাগ আৰু আৰক্ষীৰ চকুৰ সন্মুখেৰে নিতৌ পাৰ হৈ যায় চোৰাং কাঠ ভৰ্তি ট্ৰাক । ৰাইজৰ অভিযোগ অনুসৰি বজালী জিলাৰ মাজেৰেও নিশা হ'লে প্ৰায়ে অবৈধ কাঠ ভৰ্তি ট্ৰাক পাৰ হৈ যায় ।

কিন্তু এই ক্ষেত্ৰত আৰক্ষী তথা বন বিভাগে (Forest department) কোনো ব্যৱস্থা গ্ৰহণ নকৰে । এইবাৰ কাঠৰ চিণ্ডিকেট চক্ৰৰ বিৰুদ্ধে স্থানীয় একাংশ যুৱক ওলাই আহিল । শনিবাৰে নিশা স্থানীয় যুৱকসকলে ভৱানীপুৰ সত্ৰৰ সন্মুখত AS-০১-LC-৯৭১৬ নম্বৰৰ এখন অবৈধ কাঠ ভৰ্তি ট্ৰাক আৱদ্ধ কৰি ৰাখে । পাছত ৰাইজে ভৱানীপুৰ আৰক্ষীৰ লগতে পাঠশালা বন সংমণ্ডল বিষয়াক খবৰ দিয়ে ।

নিশা ভৱানীপুৰত স্থানীয় ৰাইজৰ সহযোগত জব্দ চোৰাং কাঠ ভৰ্তি ট্ৰাক

লগে লগে ঘটনাস্থলীত আৰক্ষী আৰু পাঠশালা বন সংমণ্ডল বিষয়া উপস্থিত হৈ ট্ৰাকখন জব্দ কৰে । ট্ৰাকখনৰ পৰা বৃহৎ পৰিমাণৰ চোৰাং কাঠ উদ্ধাৰ কৰা হয় বুলি জানিব পৰা গৈছে ।

জানিব পৰা মতে, মেঘালয়ৰ কাঠ সৰবৰাহ চিণ্ডিকেট চক্ৰৰ নেতৃত্বত আছে গোবিন্দ সৰকাৰ আৰু নৰুল ইছলাম নামৰ দুগৰাকী ব্যক্তি । কিন্তু তেওঁলোকৰ বিৰুদ্ধে বন বিভাগে নলয় কোনো ব্যৱস্থা । কেৱল এয়াই নহয় জিলাখনৰ ভৱানীপুৰ, চাউলাবাৰী আদি ঠাইত অনুমতি নোহোৱাকৈ চলি আছে বহু কাঠফলা মিল । বন বিভাগৰ সৈতে থকা গোপন বুজাবুজিৰ বাবেই একাংশ লোকে এনেদৰে অবৈধ কাৰ্যকলাপ অব্যাহত ৰাখিব পাৰিছে বুলি অভিযোগ কৰিছে স্থানীয় লোকে । সেয়ে স্থানীয় লোকসকলে দালালৰাজ বন্ধ কৰাৰ দৰে কাঠৰ চিণ্ডিকেটৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে ।

লগতে পঢ়ক :50 কোটি টকাৰ কেলেংকাৰীত অভিযুক্ত শুভ্ৰজ্যোতি ভৰালীক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.