ETV Bharat / state

Protest against Job mela: মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

author img

By

Published : Dec 24, 2021, 6:57 PM IST

অসমত অনুষ্ঠিত নিয়োগ মেলাৰ পাছতে বিভিন্ন মহলত প্ৰতিক্ৰিয়া । এই মেলাৰ জৰিয়তে অসমৰ শিক্ষিক নিবনুৱাসকলক হাৰাশাস্তি কৰাৰ অভিযোগ দল-সংগঠনৰ । বৰপেটাত অসমৰ মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে (SMSS burns effigy of Assam CM)। সংগঠনৰ কেইবাজনো নেতাক আটক ।

Protest against Job mela
মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

বৰপেটা,২৪ ডিচেম্বৰ : ৰাজ্য চৰকাৰে বৃহস্পতিবাৰৰ দিনটোত প্ৰায় ৮ খনকৈ জিলাত আয়োজন কৰিছিল নিয়োগ মেলা (Job mela in Assam) ৷ অসম চৰকাৰে নিয়োগ মেলাৰ জৰিয়তে শিক্ষিত যুৱক-যুৱতীক কৰ্ম সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু এই নিয়োগ মেলা প্ৰতাৰণা আৰু প্ৰহসনত পৰিণত হোৱা দেখা গ'ল ৷

এই নিয়োগ মেলাত শিক্ষিত যুৱক-যুৱতীৰ পৰা বায়'ডাটা আৰু নথি প্ৰত্ৰ সংগ্ৰহ কৰি ব্যক্তিগত প্ৰতিষ্ঠানবোৰে সেইবোৰ মাটিত পেলাই থোৱাত ক্ষুব্ধ হৈ পৰে দূৰ-দূৰণিৰ পৰা অহা চাকৰি প্ৰত্যাশী শিক্ষিত যুৱক-যুৱতীসকল ৷ শিক্ষিত যুৱক-যুৱতী সকলক প্ৰতাৰণা কৰাৰ অভিযোগত শুকুৰবাৰে মন্দিয়াত বৰপেটা জিলা ছাত্ৰ মুক্তিৰ সদস্যসকলে অসমৰ মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে (SMSS burns effigy of Assam CM)। প্ৰতিবাদী ছাত্ৰ মুক্তিৰ সদস্যসকলে অসম চৰকাৰৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ প্ৰতিবাদী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।

মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

আনহাতে নিয়োগ মেলাৰ জৰিয়তে অসমৰ শিক্ষিক নিবনুৱাসকলক হাৰাশাস্তি কৰাৰ অভিযোগ প্ৰতিবাদকাৰীসকলৰ । ইফালে এই প্ৰতিবাদক অবৈধ ঘোষণা কৰে প্ৰশাসনে । লগতে প্ৰতিবাদত উপস্থিত থকা ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক আলামিন হক, বৰপেটা জিলা ছাত্ৰ মুক্তিৰ সভাপতি জেহেৰুল ইছলাম, শিক্ষা সম্পাদক লোকমান আলী, সত্ৰ কনৰা আঞ্চলিকৰ সভাপতি জাবিদুল ইছলামক প্ৰতিবাদস্থলীৰ পৰা মন্দিয়া আৰক্ষীয়ে আটক কৰি লৈ যায় ।

লগতে পঢ়ক :নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থীক সন্দেহজনক নাগৰিক সজালে গোলাঘাট আৰক্ষীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.