নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থীক সন্দেহজনক নাগৰিক সজালে গোলাঘাট আৰক্ষীয়ে

author img

By

Published : Dec 24, 2021, 3:29 PM IST

Assembly election candidate from Bokakhat declared as suspected citizen

ৰাষ্ট্ৰীয় দলৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা ব্যক্তিও সন্দেহজনক নাগৰিক হ'ব পাৰে এইখন অসমত । এনে এক ঘটনা পোহৰলৈ আহিছে গোলাঘাটৰ বোকাখাতত(Election candidate declared as suspected citizen in Golaghat) । পাণবাৰীৰ বাসিন্দা প্ৰণৱ দলেক সন্দেহজনক নাগৰিক সজালে গোলাঘাট আৰক্ষীয়ে ।

বোকাখাত, ২৪ ডিচেম্বৰ : গোলাঘাট আৰক্ষীৰ কাণ্ডই হতচকিত কৰিব আপোনাকো । শেহতীয়াকৈ বোকাখাতৰ প্ৰণৱ দলে নামৰ এজন লোকক সন্দেহজনক নাগৰিক আখ্যা দিলে আৰক্ষীয়ে(Pranab Doley declared as suspected citizen) । এই ঘটনাক লৈ বাৰুকৈয়ে সমালোচিত হৈছে গোলাঘাট আৰক্ষী । কিয়নো, ২০২১ৰ বিধানসভা নিৰ্বাচনত ৯৩ নং বোকাখাত বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ সমৰ্থিত আঞ্চলিক গণ মৰ্চাৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰা তথা বৰ্তমানৰ বিধায়ক অতুল বৰাৰ সন্মুখত মুখ্য প্ৰত্যাহ্বান হিচাপে থিয় দিবলৈ সক্ষম হোৱা প্ৰণৱ দলেক গোলাঘাট আৰক্ষীয়ে সন্দেহজনক নাগৰিক বুলি ঘোষণা কৰিছে ।

প্ৰণৱ দলেক সন্দেহজনক নাগৰিক সজালে গোলাঘাট আৰক্ষীয়ে

উল্লেখ্য যে, বোকাখাতৰ পাণবাৰী আদৰ্শ মিচিং গাঁৱৰ বাসিন্দা প্ৰণৱ দলেই পাছৰ্পট নৱীকৰণৰ বাবে যোৱা ৭ এপ্ৰিলত আবেদন জনাইছিল । কিন্তু নৱীকৰণৰ বাবে প্ৰয়োজন হোৱা ৰিৰ্পটত গোলাঘাট জিলা অধীক্ষকৰ কাৰ্যালয়ৰ পৰা প্ৰণৱ দলেৰ নাগৰিকত্ব সন্দেহজনক বুলি তথ্য দিয়া হৈছে(Pranab doley facing problem due to Doubtful nationality) । সেয়ে, বৰ্তমানলৈকে প্ৰণৱ দলেৰ পাছপ’ৰ্ট নৱীকৰণৰ কাম সম্পূৰ্ণ হোৱা নাই(Pranab Doley’s passport renewal stucked) ।

Assembly election candidate from Bokakhat declared as suspected citizen
প্ৰণৱ দলেক সন্দেহজনক নাগৰিক সজালে গোলাঘাট আৰক্ষীয়ে

কিহৰ ভিত্তিত প্ৰণৱ দলেক আৰক্ষীয়ে সন্দেহজনক নাগৰিক আখ্যা দিলে, তাৰ কাৰণ এতিয়াও পোহৰলৈ অহা নাই । আনহাতে, গোলাঘাট জিলা অধীক্ষকৰ কাৰ্যালয়ৰ পৰা ভুল তথ্য প্ৰেৰণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰণৱ দলেই কয় যে, এয়া এক ৰাজনৈতিক ষড়যন্ত্ৰ । শীঘ্ৰে এই ভুল শুধৰাবলৈও তেওঁ প্ৰশাসনক আহ্বান জনাইছে ।

লগতে পঢ়ক : Job mela at Golaghat: গোলাঘাটত 'জব মেলা'ৰ নামত ঠগ মেলা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.