Job mela at Golaghat: গোলাঘাটত 'জব মেলা'ৰ নামত ঠগ মেলা !

By

Published : Dec 23, 2021, 10:57 PM IST

thumbnail

ৰাজ্যৰ ভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে নিয়োগ মেলা (Job mela in Assam) । একাংশ ব্যক্তিগত প্ৰতিষ্ঠানে অৰ্হতা সম্পন্ন নিবনুৱাক সংস্থাপন দিয়াৰ উদ্দেশ্যে আয়োজন কৰা হৈছে বিশাল নিয়োগ মেলা বা জব মেলাৰ । কিন্তু এই মেলাক লৈ সন্তুষ্ট নে নিবনুৱা যুৱক-যুৱতীসকল ? গোলাঘাটৰ একাংশ শিক্ষিত নিবনুৱা যুৱক-যুৱতীৰ মতে এয়া জব মেলা নহয় ঠগ মেলাহে । বাকী জিলাসমূহৰ দৰে গোলাঘাট জিলাতো পুৱাৰে পৰা নিবনুৱা যুৱক-যুৱতীৰ যথেষ্ট ভিৰ (Job fair at Golaghat) । গোলাঘাটৰ চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰলৈ হাজাৰ হাজাৰ নিবনুৱাই এটা চাকৰিৰ আশাত ঢপলিয়াই আহিল । পিছে, সংস্থাপন প্ৰদান কৰিবলৈ অহা ব্যক্তিগত কোম্পানীসমূহক লৈ সন্তুষ্ট নহয় যুৱক-যুৱতীসকল (Youth in Golaghat are not satisfied with job fair) । এনে এটা চাকৰিৰ বাবে নিয়োগ মেলাত অৱতীৰ্ণ হোৱাৰ প্ৰয়োজনেই নাই বুলি উল্লেখ কৰিলে নিবনুৱা যুৱক-যুৱতীসকলে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.