ETV Bharat / state

Sex racket: ৰাইজে উৎখাত কৰিলে নাৰী দেহ ব্যৱসায়ী চক্ৰ; যুৱতীকো মাৰধৰ

author img

By

Published : Apr 24, 2023, 7:41 AM IST

বৰপেটা ৰোডত উৎখাত নাৰী দেহ ব্যৱসায়ী চক্ৰৰ ঘাটি । এই সন্দৰ্ভত বৰপেটা ৰোড আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে দুগৰাকী যুৱতীসহ আন কেইবাজনো যুৱকক (Sex racket at Barpeta road) ৷

Etv Bharat
Etv Bharat

উত্তেজিত ৰাইজ

বৰপেটা ৰোড, 23 এপ্ৰিল : বৰপেটাৰোডৰ কলহভাঙ্গাৰ 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত ধাবাত চলি থকা এটা দেহ ব্যৱসায়ীৰ ঘাটি দেওবাৰে উচ্ছেদ কৰে স্থানীয় ৰাইজে ৷ ধাবাখনত অনৈতিক কাৰ্য চলাই থকাৰ সময়ত স্থানীয় ৰাইজে দুগৰাকী যুৱতীসহ আন কেইবাজনো যুৱকক হাতে-লোটে ধৰে ৷ তাৰ পিচতে ৰাইজে দেহ ব্যৱসায়ত জড়িত থকাৰ অভিযোগত যুৱককেইজনৰ লগতে দুগৰাকী যুৱতীক ৰাইজে ধৰি উত্তম-মধ্যম দিয়ে ৷ তাৰ পিচতহে আৰক্ষীক খবৰ দিয়ে স্থানীয় ৰাইজে (Sex racket at Barpeta road) ৷

ঘটনাস্থলীত ৰপেটাৰোড আৰক্ষীয়ে দেহ ব্যৱসায়ত জড়িত যুৱতী দুগৰাকীসহ এজন যুৱকক আটক কৰি থানালৈ লৈ আনে ৷ দেহ ব্যৱসায় কৰা এগৰাকী যুৱতীৰ ঘৰ বাইহাটাত আৰু আনগৰাকী যুৱতীৰ ঘৰ পাঠশালাত বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কলহভাঙ্গা চাইনব’ৰ্ডৰ দুয়োকাষে ৰাইজৰ বসতি আছে যদিও দীৰ্ঘদিনৰে পৰাই কাঠফুলাৰ দৰে গঢ় লৈ উঠা উক্ত ধাবাসমূহত চলি আহিছে অনৈতিক কাৰ্যকলাপ বুলি স্থানীয় ৰাইজে অভিযোগ কৰে ৷ যিয়ে বিনষ্ট কৰি পেলাইছে স্থানীয় পৰিৱেশ (Human trafficking at Barpeta Road) ৷

ৰাইজে বৰপেটাৰোড আৰক্ষীক পূৰ্বৰে পৰাই এই সমস্যা সংক্ৰান্তত বাৰম্বাৰ অভিযোগ দিয়াৰ পাচতো আৰক্ষীয়ে উক্ত নাৰীদেহ ব্যৱসায়ীৰ বিৰুদ্ধে কোনোধৰণৰ পদক্ষেপ লোৱা নাছিল বুলিও ৰাইজে অভিযোগ উত্থাপন কৰে ৷ সেয়ে স্থানীয় ৰাইজে ক্ষোভিত হৈ দেওবাৰে উক্ত ধাবাখনত অভিযান চলাই দুই যুৱতী আৰু কেইবাটাও যুৱকক উত্তম মাধ্যম সোধায় ৷ শেষত যুৱককেইটাই দৌৰি পলায়ন কৰে যদিও দুই যুৱতীসহ যুৱকক আটক কৰি বৰপেটাৰোড আৰক্ষীক গতাই দিয়ে (3 human traffickers arrested) ৷

উত্তেজিত ৰাইজে ধাবাখন ভাঙি লণ্ডভণ্ড কৰে কৰাৰ লগতে দেহ ব্যৱসায়ীৰ সৈতে জড়িত থকাৰ অভিযোগত যুৱতী দুগৰাকীক স্থানীয় একাংশ পুৰুষে বাঁহেৰে উপৰ্যুপৰি প্ৰহাৰো কৰা পৰিলক্ষিত হয়, যিয়ে বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে (Mob lynching at barpeta road) ৷

লগতে পঢ়ক : Howraghat Chowmin Tragedy : হাওৰাঘাটৰ খাদ্যৰ বিষক্ৰিয়াকাণ্ড; আজিও ন্যায়ৰ আশাত বন্দী তন্ময় বৰা ৰংপীৰ পৰিয়াল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.