ETV Bharat / state

Public protest at Kalgachia: নিয়মীয়া বিদ্যুৎ যোগানৰ দাবীত উত্তাল কলগাছিয়া

author img

By

Published : Jul 18, 2022, 11:13 AM IST

people protest for electricity kalgachia
People protest at Kalgachia: নিয়মীয়া বিদ্যুৎ যোগানৰ দাবীত নিশাই স্থানীয় ৰাইজে উত্তাল কৰিলে কলগাছিয়া

অনিয়মীয়া বিদ্যুৎ যোগানৰ বাবে দীৰ্ঘদিনে বিপাঙত পৰি আহিছে কলগাছিয়াবাসী । বহু আবোদন নিবেদন অথলে যোৱাৰ পাছত ক্ষোভিত ৰাইজে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ(Protest at Kalgachia) ।

জনীয়া, ১৮ জুলাই : বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত তথা সৰভোগ বিদ্যুৎ উপ সংমণ্ডলৰ অনিয়মীয়া বিদ্যুৎ যোগানে অতিষ্ঠ কৰি তুলিছে সমগ্ৰ অঞ্চলটোৰ ৰাইজক । কেইবাখনো গাঁৱৰ ৰাইজে দীৰ্ঘদিন ধৰি ভুগি আহিছে বিদ্যুতৰ সমস্যাত । অন্যান্য গাঁৱৰ লগতে কলগাছিয়াৰ খৰিচালাতো বিদ্যুতৰ সমস্যাই জুৰুলা কৰিছে গাঁওখনৰ ৰাইজক ।

২৪ ঘণ্টাৰ ভিতৰত মাত্ৰ ৩/৪ ঘণ্টাহে বিদ্যুৎ সেৱা লাভ কৰে গাঁওখনৰ বাসিন্দাই । শক্তি বিভাগৰ এনে লুকাভাকু খেলত অতিষ্ঠ হৈ পৰিছে খৰিচালাবাসীক ৷ স্থানীয় ৰাইজে নিয়মীয়াকৈ বিদ্যুৎ বিচাৰি বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো বিদ্যুত বিভাগে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে ৷ উপায়ন্তৰ হৈ স্থানীয় ৰাইজে অসম চৰকাৰ হায় হায়, বিদ্যুৎ বিভাগ হায় হায়, আদি বিভিন্ন শ্লোগানেৰে তীব্র প্ৰতিবাদ সাব্যস্ত কৰি পৰিবেশ উত্তাল কৰি তোলে(Protest at Kalgachia) ।

People protest at Kalgachia: নিয়মীয়া বিদ্যুৎ যোগানৰ দাবীত নিশাই স্থানীয় ৰাইজে উত্তাল কৰিলে কলগাছিয়া

নিয়মিত বিদ্যুৎ যোগান নধৰাৰ ফলত প্ৰচণ্ড গৰমত নাজল নাথল অৱস্থা হৈছে ৰাইজৰ । লগতে পোহৰৰ অভাৱত ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ক্ষেত্ৰতো বহু সমস্যাৰ সৃষ্টি হৈছে । স্থানীয় ৰাইজে নিয়মীয়াকৈ বিদ্যুৎ বিচাৰি বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো শক্তি বিভাগে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে গাঁওবাসীয়ে । অতি শীঘ্ৰে বিদ্যুৎ যোগান নিয়মীয়া নকৰিলে পৰৱৰ্তী সময়ত তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে আমছুৱে ।

লগতে পঢ়ক: AAMSU protest at Kalgachia: শক্তিমন্ত্ৰীৰ পুত্তলিকা দাহেৰে কলগাছিয়াত আমছুৰ তীব্ৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.