ETV Bharat / state

পথৰ দুৰাৱস্থাই জ্বলা-কলা খুৱাইছে কলগাছিয়াৰ এটা অঞ্চলৰ ৰাইজক

author img

By

Published : Sep 12, 2022, 8:32 PM IST

Public protest against bad road in Kalgachia
পথৰ দুৰাৱস্থাই জ্বলা-কলা খুৱাইছে জনীয়াৰ এটা অঞ্চলৰ ৰাইজক

কলগাছিয়াৰ বৰভিঠাৰ পৰা ময়নবৰীলৈ যোৱা এখন ৰাস্তাই জিয়াতু ভোগাইছে ৰাইজক (Public protest against poor road condition) । এই বিষয়টোক লৈ স্থানীয় সাংসদ, জনীয়া সমষ্টিৰ বিধায়ক আৰু বৰভিঠা গাঁও পঞ্চায়তৰ সভানেত্ৰীক বহুবাৰ অৱগত কৰি আহিছে যদিও আজিকোপতি কোনো সু-ফল নাপালে গাঁওখনৰ ৰাইজে ৷

জনীয়া, 12 ছেপ্টেম্বৰ: অনুন্নত বাট-পথৰ বাবে এতিয়াও যমৰ-যাতনা ভুগিব লগীয়া হৈছে ৰাজ্যৰ বহু অঞ্চলৰ জনসাধাৰণে (Public protest against poor road condition) ৷ বাট-পথ নথকাৰ বাবে এম্বুলেঞ্চ পৰ্যন্ত যাব নোৱাৰা বহু অঞ্চল আছে এইখন অসমতে ৷ এনে এক পৰিস্থিতিত উন্নয়ণৰ ঢাক-ঢোল বজোৱা বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত ৫৮ নং বৰভিঠা গাঁও পঞ্চায়ৰ একাংশ ৰাইজে ৷

উল্লেখ্য যে, চান্দমামাৰ পৰা বৰভিঠা হৈ ময়নবৰীলৈ যোৱা CCMC ৰ মাজৰ পথচোৱাই এতিয়া জ্বলা-কলা খুৱাইছে পথচাৰীক । এই জৰাজীৰ্ণ পথেৰে বহু বছৰ ধৰি অতি কষ্টৰে যাতায়ত অব্যাহত ৰাখিছে অঞ্চলটোৰ ৰাইজে । এই গুৰুত্বপূৰ্ণ বিষয়টোক লৈ স্থানীয় সাংসদ, জনীয়া সমষ্টিৰ বিধায়ক আৰু বৰভিঠা গাঁও পঞ্চায়তৰ সভানেত্ৰীক বহুবাৰ অৱগত কৰি আহিছে যদিও আজিকোপতি কোনো সু-ফল নাপালে গাঁওখনৰ ৰাইজে ৷

পথৰ দুৰাৱস্থাই জ্বলা-কলা খুৱাইছে জনীয়াৰ এটা অঞ্চলৰ ৰাইজক

অলপ বৰষুণ দিলেই একাঠু পানীৰে ডুবি যায় পথটো (Pathetic road condition in Kalgachia)। ফলত বিভিন্ন সমস্যাৰ সন্মুখীন হয় স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে সৰ্বসাধাৰণ ৰাইজ ৷ সেয়ে উপায়ন্তৰ হৈ ৰাইজে ঘৰে ঘৰে গৈ ১০০, ২০০ টকাকৈ ধন সংগ্ৰহ কৰি ৰাইজৰ শ্ৰম দানেৰে পথচোৱা মেৰামতিৰ কাম আৰম্ভ কৰে ।

ইফালে ৰাইজ একত্ৰিত হৈ বৰপেটাৰ সাংসদ আব্দুল খালেক, জনীয়াৰ বিধায়ক হাফিজ ৰফিকুল ইছলাম আৰু স্থানীয় জনপ্ৰতিনিধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে । লগতে চৰকাৰৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক শীঘ্ৰে পথটো মেৰামতি কৰি দিবৰ বাবে আহ্বান জনায় ।

লগতে পঢ়ক: দুৱৰা আলিৰ দুৰৱস্থা: ভুঁই ৰুই ৰাইজৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.