ETV Bharat / state

Protest at Kalgachia: অনিয়মীয়া বিদ্যুৎ যোগানত ক্ষুদ্ধ জনতাই দাহ কৰিলে শক্তি মন্ত্ৰীৰ প্ৰতিকৃতি

author img

By

Published : Jul 16, 2022, 12:53 PM IST

Power Minister Bimal Bara's statue burnt and protested in Kalgaasia
Protest at Kalgachia: বিদ্যুৎ যোগানত ব্যৰ্থ শক্তি বিভাগ

এফালে প্ৰচণ্ড গৰম আৰু আনফালে নিয়মীয়াকৈ বিদ্যুৎ যোগানত ব্যৰ্থ ৰাজ্যৰ শক্তি বিভাগ ৷ ২৪ ঘণ্টাত মাত্ৰ ৩/৪ ঘণ্টা বিদ্যুত যোগান ধৰা এখন গাওঁ ৷ বিদ্যুৎ বিভাগৰ হেমাহিত অতিষ্ঠ হৈ শক্তিমন্ত্ৰী বিমলবৰাৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে গাওঁখনৰ ৰাইজে (Power Minister Bimal Bara's statue burnt)৷

জনিয়া, 16 জুলাই: ৰাজ্য দহিছে উৎকট গৰমে (Assam is burning with extreme heat)৷ এফালে প্ৰচণ্ড গৰম আৰু আনফালে নিয়মীয়াকৈ বিদ্যুৎ যোগানত ব্যৰ্থ ৰাজ্যৰ শক্তি বিভাগ ৷ ৰাজ্যবাসীক ২৪ ঘণ্টাই বিদ্যুতৰ যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰে বৰ্তমানলৈ কাৰ্যত পৰিণত কৰিব পৰা নাই নিজৰ প্ৰতিশ্ৰুতি । বিদ্যুৎ বিভাগৰ হেমাহিত অতিষ্ঠ জনসাধাৰণ ৷

উল্লেখ্য যে, বৰপেটা জিলাৰ জনিয়া সমষ্টিৰ অন্তৰ্গত তথা সৰভোগ বিদ্যুত উপ সংমণ্ডলৰ এলেকাধীন বালিকুৰি গাঁওত শুকুৰবাৰে নিশা ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ ৷ গাওঁখনৰ প্ৰায় অৰ্ধ শতাধিক ৰাইজে শক্তিমন্ত্ৰী বিমল বৰাৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় (Protest against Power Minister Bimal Bara)।

Protest at Kalgachia: বিদ্যুৎ যোগানত ব্যৰ্থ শক্তি বিভাগ

বালিকুৰি গাৱঁৰ ৰাইজে দীৰ্ঘদিনৰে পৰা ভূগি আহিছে বিদ্যুতৰ সমস্যাত । ২৪ ঘণ্টাত মাত্ৰ ৩/৪ ঘণ্টা বিদ্যুত যোগান ধৰে গাঁওখনত । যাৰ ফলত বিদ্যুত বিভাগৰ এনে লুকাভাকু খেলত অতিষ্ঠ বালিকুৰি গাঁওবাসী৷ নিয়মিত বিদ্যুত যোগান নধৰাৰ ফলত প্ৰচণ্ড গৰমত নাজল-নাথল অৱস্থা হৈছে ৰাইজৰ । লগতে পোহৰৰ অভাৱত ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ ক্ষেত্ৰত বিশেষ সমস্যাৰ সৃষ্টি হৈছে । ফলত এই গাঁওখনৰ ৰাইজে অন্ধকাৰত জীৱন-যাপন কৰিব লগা হৈছে ৷

স্থানীয় ৰাইজে নিয়মীয়াকৈ বিদ্যুত বিচাৰি বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো বিদ্যুত বিভাগে কোনো গুৰুত্ব নিদিয়াত উপায়ন্তৰ হৈ আজি স্থানীয় ৰাইজে বিদ্যুতমন্ত্ৰী বিমল বৰাৰ প্ৰতিমূৰ্তি দাহ কৰাৰ লগতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে ।

লগতে পঢ়ক: বিদ্যুৎ মিটাৰ যোগানৰ দাবীত কলগাছিয়াত ৰাইজৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.